--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত কংগনা ৰাণাৱটৰ এটি পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰিছে। লোকসভা নিৰ্বাচনত কংগনা ৰাণাৱটে  মাণ্ডিৰ বিজেপি প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰিব। এনে সময়তে কংগনাক কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে  এগৰাকী 'যৌন কৰ্মী'ৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।  
Kangana


বিষয়টোকলৈ সেয়ে  হুলস্থূলো হৈছে। সুপ্ৰিয়াৰ মন্তব্যত  তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগনাই কৈছে  যে যৌন কৰ্মীসকলক সন্মান জনোৱা উচিত। এনে বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতা শ্ৰীনিবাস ভদ্ৰৱতী ভেংকটে অভিনেত্ৰী কংগনাৰ এটা পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কংগনা ৰাণাৱটে অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰক 'চফ্ট পৰ্ণষ্টাৰ' বুলি অভিহিত কৰিছিল।
 

Kangana-Insta-Post



উল্লেখ্য সুপ্ৰিয়া শ্ৰীনাথে ইনষ্টাগ্ৰামত কংগনাৰ  এখন বিশেষ ফটোও পোষ্ট কৰিছিল। পোষ্টটোৰ শিৰোনামটোত লিখা হৈছে , "আপুনি মোক ক'ব পাৰিবনে এতিয়া মাণ্ডিত কি দৰ চলি আছে?" ইয়াৰ পিছতে  কংগ্ৰেছ নেত্ৰীগৰাকীৰ বিৰুদ্ধে  বলীউডৰ 'ৰাণী'ক যৌন কৰ্মী বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন হৈছে । কংগনায়ো বিষয়টোত  সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ