--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজিকালি মানুহে অনলাইন  প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ অৰ্ডাৰ দি আহিছে। ঘৰতে বহি সামগ্ৰী লাভ কৰাৰ এনে ব্যৱসায় এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে।পাচলিৰ পৰা কণী, কণ্ডোম বা চেনিটাৰী নেপকিনলৈকে প্ৰায় সকলোবোৰ সামগ্ৰী অনলাইনৰ জৰিয়তে  অৰ্ডাৰ কৰিব পৰা যায়।চুইগি ইনস্টামাৰ্টে জুন ২০২১ ৰ পৰা জুলাই ২০২২ ৰ ভিতৰত ৯ মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীক সেৱা প্ৰদান কৰিছে।  

অনলাইন প্লেটফৰ্মৰ   চাহিদা এতিয়া  বাংগালুৰু, মুম্বাই, হায়দৰাবাদ, দিল্লী আৰু চেন্নাইকে ধৰি দেশৰ সকলো প্ৰধান প্ৰধান চহৰতে  অধিক বৃদ্ধি পাইছে। কণ্ডোম অৰ্ডাৰৰ ক্ষেত্ৰত মুম্বাইৰ বাসিন্দাসকল দেশৰ ভিতৰতে আগশাৰীত থকা লোক। মুম্বাইৰ বাসিন্দাসকলে অনলাইনৰ জৰিয়তে দেশৰ আন স্থানৰ লোকতকৈ ৫৭০ গুণে বেছি কণ্ডোম অৰ্ডাৰ কৰিছে। 

মুম্বাইৰ লোকসকল চুইগি ইনষ্টামাৰ্টত কণ্ডোম  অৰ্ডাৰ দিয়াত শীৰ্ষ স্থানত আছে। মুম্বাইবাসীয়ে যোৱা ১২ মাহত ৫৭০ গুণ বেছি কণ্ডোম অৰ্ডাৰ দিছিল। যোৱা এবছৰত ইনস্টামাৰ্টে প্ৰায় দুই নিযুত চেনিটাৰী নেপকিনৰ অৰ্ডাৰ লাভ কৰিছিল।

যোৱা দুবছৰত ৫০ নিযুত কণী অনলাইনৰ জৰিয়তে বিক্ৰী হৈছে। বাংগালুৰু, দিল্লী আৰু মুম্বাই  চহৰৰ লোকসকলে অনলাইন যোগে  কণীৰ  সৰ্বাধিক অৰ্ডাৰ দিছে। গড় হিচাপত এই তিনিখন চহৰৰ পৰা  ৬০  লাখ কণীৰ অৰ্ডাৰ আহিছিল। 

যোৱা বছৰ পানীয়ৰ অনলাইন অৰ্ডাৰও যথেষ্ট বৃদ্ধি পাইছে। চাহ আৰু কফি দুয়োটাৰ অৰ্ডাৰ ২,০০০ শতাংশ বৃদ্ধি পাইছে।

একেদৰে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত আইচক্ৰীমৰ অনলাইন অৰ্ডাৰ ৪২ শতাংশ বৃদ্ধি পাইছিল। মেট্ৰ' চহৰবোৰত, নিশা ১০ বজাৰ পিছত আইচক্ৰীমৰ অনলাইন  অৰ্ডাৰ সৰ্বাধিক আহিছিল। 

মেট্ৰ' চহৰৰ লোকসকলেও ফল অৰ্ডাৰ দিয়াত বহুত আগবাঢ়ি আছে। প্ৰতিবেদন অনুসৰি, বাংগালুৰু, দিল্লী আৰু মুম্বাইৰ লোকসকলে কিৱি, সেউজীয়া আপেল, আমদানি কৰা সেউজীয়া নাচপতি, আভাকাডো আৰু ড্ৰেগন ফলৰ বাবে যথেষ্ট অৰ্ডাৰ দিছিল। ফলৰ অনলাইন অৰ্ডাৰৰ তালিকাৰ শীৰ্ষত আছে বাংগালুৰু। বাংগালুৰুৰ মানুহে ১,২০০ টনতকৈও অধিক জৈৱিক ফল আৰু পাচলি অনলাইন যোগে  ক্ৰয় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement