--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজিকালি মানুহে অনলাইন  প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ অৰ্ডাৰ দি আহিছে। ঘৰতে বহি সামগ্ৰী লাভ কৰাৰ এনে ব্যৱসায় এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে।পাচলিৰ পৰা কণী, কণ্ডোম বা চেনিটাৰী নেপকিনলৈকে প্ৰায় সকলোবোৰ সামগ্ৰী অনলাইনৰ জৰিয়তে  অৰ্ডাৰ কৰিব পৰা যায়।চুইগি ইনস্টামাৰ্টে জুন ২০২১ ৰ পৰা জুলাই ২০২২ ৰ ভিতৰত ৯ মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীক সেৱা প্ৰদান কৰিছে।  

অনলাইন প্লেটফৰ্মৰ   চাহিদা এতিয়া  বাংগালুৰু, মুম্বাই, হায়দৰাবাদ, দিল্লী আৰু চেন্নাইকে ধৰি দেশৰ সকলো প্ৰধান প্ৰধান চহৰতে  অধিক বৃদ্ধি পাইছে। কণ্ডোম অৰ্ডাৰৰ ক্ষেত্ৰত মুম্বাইৰ বাসিন্দাসকল দেশৰ ভিতৰতে আগশাৰীত থকা লোক। মুম্বাইৰ বাসিন্দাসকলে অনলাইনৰ জৰিয়তে দেশৰ আন স্থানৰ লোকতকৈ ৫৭০ গুণে বেছি কণ্ডোম অৰ্ডাৰ কৰিছে। 

মুম্বাইৰ লোকসকল চুইগি ইনষ্টামাৰ্টত কণ্ডোম  অৰ্ডাৰ দিয়াত শীৰ্ষ স্থানত আছে। মুম্বাইবাসীয়ে যোৱা ১২ মাহত ৫৭০ গুণ বেছি কণ্ডোম অৰ্ডাৰ দিছিল। যোৱা এবছৰত ইনস্টামাৰ্টে প্ৰায় দুই নিযুত চেনিটাৰী নেপকিনৰ অৰ্ডাৰ লাভ কৰিছিল।

যোৱা দুবছৰত ৫০ নিযুত কণী অনলাইনৰ জৰিয়তে বিক্ৰী হৈছে। বাংগালুৰু, দিল্লী আৰু মুম্বাই  চহৰৰ লোকসকলে অনলাইন যোগে  কণীৰ  সৰ্বাধিক অৰ্ডাৰ দিছে। গড় হিচাপত এই তিনিখন চহৰৰ পৰা  ৬০  লাখ কণীৰ অৰ্ডাৰ আহিছিল। 

যোৱা বছৰ পানীয়ৰ অনলাইন অৰ্ডাৰও যথেষ্ট বৃদ্ধি পাইছে। চাহ আৰু কফি দুয়োটাৰ অৰ্ডাৰ ২,০০০ শতাংশ বৃদ্ধি পাইছে।

একেদৰে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত আইচক্ৰীমৰ অনলাইন অৰ্ডাৰ ৪২ শতাংশ বৃদ্ধি পাইছিল। মেট্ৰ' চহৰবোৰত, নিশা ১০ বজাৰ পিছত আইচক্ৰীমৰ অনলাইন  অৰ্ডাৰ সৰ্বাধিক আহিছিল। 

মেট্ৰ' চহৰৰ লোকসকলেও ফল অৰ্ডাৰ দিয়াত বহুত আগবাঢ়ি আছে। প্ৰতিবেদন অনুসৰি, বাংগালুৰু, দিল্লী আৰু মুম্বাইৰ লোকসকলে কিৱি, সেউজীয়া আপেল, আমদানি কৰা সেউজীয়া নাচপতি, আভাকাডো আৰু ড্ৰেগন ফলৰ বাবে যথেষ্ট অৰ্ডাৰ দিছিল। ফলৰ অনলাইন অৰ্ডাৰৰ তালিকাৰ শীৰ্ষত আছে বাংগালুৰু। বাংগালুৰুৰ মানুহে ১,২০০ টনতকৈও অধিক জৈৱিক ফল আৰু পাচলি অনলাইন যোগে  ক্ৰয় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু