--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীৰ গুলীত নিহত হ’ল উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱকিশোৰ দাস। দেওবাৰে তেওঁৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যখনৰ ৰাজনীতি অস্থিৰ হৈ পৰিছে।

ইয়াৰ পূৰ্বেও উৰিষ্যাৰ ৰাজনীতিত নৱকিশোৰ বাৰে বাৰে চৰ্চালৈ আহিছিল। ২০১৯ চনৰ উৰিষ্যা বিধানসভা নিৰ্বাচনত শাসকীয় বিজু জনতা দলৰ টিকটত জয়লাভ কৰে নৱকিশোৰে। মুখ্যমন্ত্ৰী নবীন পাটনাইকে তেওঁক কেবিনেটত অন্তৰ্ভুক্ত কৰে।

নৱকিশোৰ আছিল ৰাজ্যখনৰ অন্যতম ধনী মন্ত্ৰী। তেওঁৰ ধন-সম্পত্তি বিশাল পৰিমাণৰ। নৱকিশোৰে মহাৰাষ্ট্ৰৰ শনি শিংগনাপুৰ মন্দিৰত কোটি টকাৰ মূল্যৰ এটা কলহ  দান কৰিছিল। শনি শিংগনাপুৰ মন্দিৰৰ দেৱস্থানলৈ নৱকিশোৰে দান কৰা কলহটো সোণ-ৰূপেৰে তৈয়াৰ কৰা হৈছিল। কলহটোত মুঠ ১ কেজি ১৭ গ্ৰাম সোণ আৰু ৫ কেজিতকৈ অধিক ৰূপ আছিল। আনুমানিক মূল্য প্ৰায় ১ কোটি টকা।

সম্বলপুৰ, ভুৱনেশ্বৰ, ঝাৰছুগুডাৰ দৰে ওড়িশাৰ বিভিন্ন প্ৰান্তৰ বেংকত নৱকিশোৰৰ নামত ধন জমা হৈ আছে। মন্ত্ৰীগৰাকীয়ে জমা কৰা নগদ ধনৰ পৰিমাণ প্ৰায় ৪৫ লাখ।

মন্ত্ৰীগৰাকীয়ে গাড়ী ক্ৰয় কৰিও ভাল পাইছিল। তেওঁৰ সংগ্ৰহত বহু দামী গাড়ী আছে। ১ কোটি ১৪ লাখ টকাৰ এখন বিলাসী মাৰ্চিডিজ গাড়ী ক্ৰয় তেওঁ কৰিছিল। তেওঁৰ হাতত মুঠ প্ৰায় ৭০ কোটি টকা মূল্যৰ গাড়ীৰ সংগ্ৰহ আছে।

অগাধ সম্পত্তিৰ বাবে বিভিন্ন সময়ত বিৰোধীৰ সমালোচনাৰো সন্মুখীন হৈ আহিছিল নৱকিশোৰ। অৱশ্যে ২০১৫ চনত হোৱা এটা ঘটনাৰ পিছত তেওঁ আটাইতকৈ বেছি বিতৰ্কিত হৈছিল।

২০১৫ চনত কংগ্ৰেছৰ সৈতে জড়িত আছিল নৱকিশোৰ। তেওঁ বিধানসভাৰ সদস্যও আছিল। সেই সময়ত তেওঁ বিধানসভাত এখন প’ৰ্ণফিল্ম চাই ধৰা পৰিছিল।

অভিযোগ অনুসৰি, বিধান সভাৰ বৈঠকৰ সময়তে নৱকিশোৰে মোবাইল ফোনত পৰ্ণগ্ৰাফী চলাইছিল। সভাত উপস্থিত থকা আনসকলে তেওঁক ছবিখন চাই থকা দেখিছিল।

সেই সময়ত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। অৱশ্যে এই অভিযোগ নৱকিশোৰে অস্বীকাৰ কৰিছিল। কৈছিল যে তেওঁ জীৱনত কেতিয়াও প’ৰ্ণফিল্ম চাই পোৱা নাই। মোবাইলটো জোকাৰি থাকোঁতে ভুলতে প’ৰ্ণফিল্ম উলাই গৈছিল।

কিন্তু বিতৰ্কৰ অন্ত নপৰিল তেওঁৰ ভাষ্যত। নৱকিশোৰক লৈ কংগ্ৰেছ অস্বস্তিত পৰিল। এসপ্তাহৰ বাবে তেওঁক বিধানসভাৰ পৰা নিলম্বন কৰা হয়।

২০০৪ চনত ৰাজনীতিত ভৰি দি প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল নৱকিশোৰে। ঝাৰছুগুড়া আসনৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰে। কিন্তু প্ৰথমবাৰত পৰাজিত হয়।

পিছলৈ ২০০৯ চনত কংগ্ৰেছৰ টিকটত সেই আসনৰ পৰাই নৱকিশোৰে নিৰ্বাচনত জয়লাভ কৰে। ২০১৪ চনত তেওঁ পুনৰ নিৰ্বাচিত হৈছিল। কিন্তু পিছত কংগ্ৰেছ এৰি বিজেডিত যোগদান কৰে।

২০১৯ চনতো বিজেডিৰ টিকটত নৱকিশোৰে নিৰ্বাচনত জয়ী হৈছিল। নবীন পাটনাইকৰ মন্ত্ৰীসভাত তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

দেওবাৰে এজন আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰে এইজন প্ৰভাৱশালী মন্ত্ৰীক। হত্যাৰ অভিযোগত অভিযুক্ত গোপাল দাস উৰিষ্যা আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল। দেওবাৰে ঝাৰসুগুড়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত গোপালে  গুলীচালনা কৰে। মন্ত্ৰীগৰাকীৰ বুকুত দুটা গুলী লাগে।

গুৰুতৰভাৱে আহত কিশোৰজন এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু সন্ধিয়া তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে হত্যাকাৰী পুলিচজন মানসিক ৰোগত আক্ৰান্ত আছিল। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক