--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী গ্ৰুপে হিণ্ডেনবাৰ্গৰ বিস্ফোৰক প্ৰতিবেদনখনেৰে ভাৰতৰ ওপৰত আক্ৰমণ কৰা বুলি কোৱাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থাটোৱে। সংস্থাটোৱে কয়- “ভাৰতৰ ভৱিষ্যতক  আদানী গ্ৰুপে বন্ধকত ৰাখিছে আৰু দেশৰ পতাকা ব্যৱহাৰ কৰি পদ্ধতিগতভাৱে দেশখনক লুটপাত কৰিছে।’’

আদানী গ্ৰুপে গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰিছে বুলি সংস্থাটোৱে অভিযোগ কৰে। কয়- ''আমাৰ প্ৰতিবেদনক লৈ ভাৰতৰ ওপৰত আক্ৰমণ চলোৱা বুলি জাতীয়তাবাদী বাকধাৰা সৃষ্টি কৰা হৈছে।’’

আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে কয় যে, '‘আমি বিশ্বাস কৰোঁ যে এজন প্ৰৱঞ্চক প্ৰৱঞ্চকেই। আনকি যেতিয়া ইয়াক বিশ্বৰ এজন ধনী ব্যক্তিয়ে সংঘটিত কৰে, তেতিয়াও ই প্ৰৱঞ্চনাইয়ে।’’

আনহাতে, ভাৰতৰ গণতন্ত্ৰক প্ৰশংসা কৰি সংস্থাটোৱে কয়- ''স্পষ্ট ক’বলৈ গ’লে আমি বিশ্বাস কৰোঁ যে ভাৰত এখন শক্তিশালী গণতান্ত্ৰিক দেশ আৰু এটা উজ্জল ভৱিষ্যতেৰে ভৰা উদীয়মান মহাশক্তি।’’

উল্লেখ্য যে হিণ্ডেনবাৰ্গৰ ৪১৩ পৃষ্ঠাৰ প্ৰতিবেদনখনত আদানীয়ে জালিয়াতি কৰি বিত্তীয় লাভালাভ উঠোৱা বুলি কোৱা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত  আদানী গ্ৰুপ দেওবাৰে কয় যে ই কেৱল আদানী নহয়, সমগ্ৰ দেশৰ ওপৰতে বাহিৰা শক্তিয়ে কৰা এটা আক্ৰমণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু