--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী গ্ৰুপে হিণ্ডেনবাৰ্গৰ বিস্ফোৰক প্ৰতিবেদনখনেৰে ভাৰতৰ ওপৰত আক্ৰমণ কৰা বুলি কোৱাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থাটোৱে। সংস্থাটোৱে কয়- “ভাৰতৰ ভৱিষ্যতক  আদানী গ্ৰুপে বন্ধকত ৰাখিছে আৰু দেশৰ পতাকা ব্যৱহাৰ কৰি পদ্ধতিগতভাৱে দেশখনক লুটপাত কৰিছে।’’

আদানী গ্ৰুপে গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰিছে বুলি সংস্থাটোৱে অভিযোগ কৰে। কয়- ''আমাৰ প্ৰতিবেদনক লৈ ভাৰতৰ ওপৰত আক্ৰমণ চলোৱা বুলি জাতীয়তাবাদী বাকধাৰা সৃষ্টি কৰা হৈছে।’’

আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে কয় যে, '‘আমি বিশ্বাস কৰোঁ যে এজন প্ৰৱঞ্চক প্ৰৱঞ্চকেই। আনকি যেতিয়া ইয়াক বিশ্বৰ এজন ধনী ব্যক্তিয়ে সংঘটিত কৰে, তেতিয়াও ই প্ৰৱঞ্চনাইয়ে।’’

আনহাতে, ভাৰতৰ গণতন্ত্ৰক প্ৰশংসা কৰি সংস্থাটোৱে কয়- ''স্পষ্ট ক’বলৈ গ’লে আমি বিশ্বাস কৰোঁ যে ভাৰত এখন শক্তিশালী গণতান্ত্ৰিক দেশ আৰু এটা উজ্জল ভৱিষ্যতেৰে ভৰা উদীয়মান মহাশক্তি।’’

উল্লেখ্য যে হিণ্ডেনবাৰ্গৰ ৪১৩ পৃষ্ঠাৰ প্ৰতিবেদনখনত আদানীয়ে জালিয়াতি কৰি বিত্তীয় লাভালাভ উঠোৱা বুলি কোৱা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত  আদানী গ্ৰুপ দেওবাৰে কয় যে ই কেৱল আদানী নহয়, সমগ্ৰ দেশৰ ওপৰতে বাহিৰা শক্তিয়ে কৰা এটা আক্ৰমণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক