--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্দাত নায়িকাসকলৰ ধুনীয়া, জিলিকি থকা ছালখন দেখি বহুতে চিন্তা কৰে যে তেওঁলোকৰ দৰে ধুনীয়া হ’বলৈ ছালৰ যত্ন কেনেকৈ ল’ব লাগে! দীপিকা পাডুকন, কিয়াৰা আদবানী, আলিয়া ভাট — বাস্তৱ জীৱনত মেকআপ অবিহনেও তেওঁলোক অত্যন্ত ধুনীয়া। শেহতীয়াকৈ বলীউডৰ বহু অভিনেত্ৰীয়ে নিজৰ ছালৰ যত্নৰ ৰুটিন ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। কোনোৱে কয় যে অধিক পানী খাব লাগে, কোনোৱে কয় ঘৰুৱা ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ বহু অভিনেত্ৰীয়ে নিজাকৈ প্ৰসাধন সামগ্ৰীৰ কোম্পানী আৰম্ভ কৰিছে। অনুৰাগীসকলৰ মাজত প্ৰিয় তাৰকাৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰৱণতাও বৃদ্ধি পাইছে। এই তালিকাত কোন কোন নায়িকা আছে?

প্ৰিয়ংকা চোপ্ৰা জোনাছঃ তিনি বছৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে আমেৰিকাত ‘এনোমালি হেয়াৰকেয়াৰ’ নামেৰে চুলিৰ যত্নৰ বাবে এটা প্ৰসাধন কোম্পানী আৰম্ভ কৰিছিল। শেহতীয়াকৈ ‘নাইক’ৰ সৈতে যৌথ উদ্যোগত ভাৰততো উপলব্ধ হৈছে ‘এনোমালি হেয়াৰকেয়াৰ’ প্ৰসাধন সামগ্ৰী। ৰকমাৰী শ্বেম্পু, ড্ৰাই চেম্পু, হেয়াৰ মাস্ক, কণ্ডিচনাৰ এনোমালি হেয়াৰকেয়াৰ ৱেবছাইটত উপলব্ধ। প্ৰিয়ংকাৰ প্ৰসাধন সামগ্ৰী সকলো ল'ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰিব পাৰিব।

কেটৰিনা কাইফঃ ২০১৯ চনত বজাৰলৈ আহিছিল অভিনেত্ৰী কেটৰিনা কাইফৰ প্ৰসাধন সামগ্ৰী কোম্পানী ‘কে বিউটি’। লিপষ্টিক, নেইল পলিচ, কাজল, আইলাইনাৰ, ফাউণ্ডেচন, কম্পেক্ট পাউদাৰ — এই কোম্পানীটোৰ ৱেবছাইটত সকলো ধৰণৰ সৌন্দৰ্য্য সামগ্ৰী উপলব্ধ। ইয়াৰ বাহিৰেও আমাজন, নাইকৰ দৰে অনলাইন ই-কমাৰ্চ চাইটত এই প্ৰসাধন সামগ্ৰীসমূহৰ অৱস্থান বিচাৰি পাব। এই কোম্পানীত সকলো ধৰণৰ ছালৰ বাবে কিছুমান বিশেষ প্ৰসাধন সামগ্ৰী আছে।

দীপিকা পাডুকনঃ অভিনেত্ৰী দীপিকাও এই তালিকাত আছে। যোৱা বছৰ বজাৰলৈ আহিছিল নায়িকাগৰাকীৰ প্ৰসাধন কোম্পানী ‘৮২° ইষ্ট’। তেওঁ নিজেই সেই সংগঠনটোক প্ৰচাৰ কৰিছিল। দীপিকাৰ ডিঙিৰ ওচৰত কোম্পানীটোৰ নামৰ এটা টেটু জিলিকি আছে। সেইটোও প্ৰচাৰৰ এটা অংশ। দীপিকাই হলুদ, অশ্বগন্ধা আদি প্ৰাকৃতিক উপাদানৰ ওপৰত ভিত্তি কৰি বিভিন্ন ছালৰ বাবে প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰিছে। ক্লিনজাৰ, ফেচ অইল, ছানস্ক্ৰীণ, মইশ্ব’ৰাইজাৰ, ফেচ ৱাছ — এই সকলোবোৰ আপুনি এই কোম্পানীটোৰ নিজৰ ৱেবছাইটত পাব।

কৃতি শ্বেননঃ ​​শেহতীয়াকৈ এই তালিকাত প্ৰৱেশ কৰিছে অভিনেত্ৰী কৃতি শ্বেননে। ৩৩ সংখ্যক জন্মদিন উপলক্ষে তেওঁ আৰম্ভ কৰে ‘হাইফেন’ নামৰ এটা প্ৰসাধন সামগ্ৰী। কৃতিৰ প্ৰসাধন সামগ্ৰী কোম্পানীটোৰ ফেচ ছিৰাম, ছানস্ক্ৰীণৰ দৰে একাধিক সামগ্ৰী এই কোম্পানীৰ ৱেবছাইটত উপলব্ধ। কৃতিয়ে কয় যে তেওঁৰ প্ৰসাধন সামগ্ৰীসমূহ সুলভ মূল্যৰ। প্ৰসাধন সামগ্ৰীৰ মূল্য ৪৫০ৰ পৰা ৬৫০ৰ ভিতৰত।

ছানি লিয়ন: ২০১৮ চনত ছানি লিয়নে মুকলি কৰিছিল ‘ষ্টাৰ ষ্ট্ৰক’। কাপোৰৰ প্ৰতি থকা প্ৰেমৰ বাবেই ছানীয়ে এই প্ৰসাধন কোম্পানীটো গঢ়ি তোলাৰ ধাৰণাটো লৈছিল। এই কোম্পানীত কাজল, কনট্যুৰ, ফাউণ্ডেচন আদি কেইবাটাও প্ৰসাধন সামগ্ৰী আছে। অৱশ্যে যুৱতীসকলৰ মাজত ‘ষ্টাৰ ষ্ট্ৰক’ লিপষ্টিকৰ চাহিদা সৰ্বাধিক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ