--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰিছে অক্ষয় কুমাৰৰ আগন্তুক ছবি OMG 2-এ৷ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পাছৰে পৰা এই ছবিখনে শিৰোনাম দখল কৰিছে। ছবিখন মুক্তিৰ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলিছিল যদিও আজি অৱশেষত ছবিখনে O চাৰ্টিফিকেট লাভ কৰি অহা ১১ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। ইয়াৰ লগতে ছবিখনত কিছু পৰিৱৰ্তন কৰা হ’ব।

যদি ৰাষ্ট্ৰীয় বাতৰিসমূহৰ মতে অক্ষয় কুমাৰৰ ছবিসমূহে ১২ বছৰৰ পৰা এ চাৰ্টিফিকেট পোৱা নাই। শেষবাৰৰ বাবে তেওঁৰ ছবি দেশী বয়জে এ চাৰ্টিফিকেট লাভ কৰিছিল যিখন ২০১১ চনত চিনেমাগৃহত মুক্তি পাইছিল। দেশী বয়জ ছবিখনত অক্ষয়ৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল দীপিকা পাডুকন, জন আব্ৰাহাম আৰু চিত্ৰাঙ্গগা সিঙক।

OMG 2 ৰ কথা ক’বলৈ গ’লে যোৱা মাহত ইয়াক পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডলৈ প্ৰেৰণ কৰা হৈছিল। খবৰ অনুসৰি ছবিখন পৰ্যালোচনা সমিতিলৈ প্ৰেৰণ কৰা হয়। আদিপুৰুষে যিদৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে, এইবাৰো একেই হ’ব যাতে নালাগে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। আচলতে ছবিখনত অক্ষয়ে ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া ছবিখনত পৰিৱৰ্তন কৰা হৈছে আৰু তেওঁক শিৱৰ দূত হিচাপে দেখুওৱা হ’ব।


OMG 2-এ এতিয়া লাভ কৰিছে এ চাৰ্টিফিকেট। ছবিখনত ২০টাতকৈ অধিক পৰিৱৰ্তন বিচৰা হৈছে। এই ছবিখনৰ বিষয়বস্তু হৈছে যৌন শিক্ষা আৰু অক্ষয় কুমাৰক ভগৱান শিৱ হিচাপে দেখা গ’লে মানুহে আপত্তি কৰিলেহেঁতেন। সেইবাবেই এতিয়া ছবিখনত তেওঁক শিৱৰ দূত বা শিৱৰ ভক্ত হিচাপে দেখুওৱা হ’ব।


OMG 2 ৰ কথা কওঁতে পংকজ ত্ৰিপাঠীয়ে অক্ষয়ৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব। এই ছবিখনৰ প্ৰথম খণ্ডটো চুপাৰ হিট হৈছিল। প্ৰথম খণ্ডত অক্ষয়ক ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত দেখা গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement