--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰিছে অক্ষয় কুমাৰৰ আগন্তুক ছবি OMG 2-এ৷ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পাছৰে পৰা এই ছবিখনে শিৰোনাম দখল কৰিছে। ছবিখন মুক্তিৰ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলিছিল যদিও আজি অৱশেষত ছবিখনে O চাৰ্টিফিকেট লাভ কৰি অহা ১১ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। ইয়াৰ লগতে ছবিখনত কিছু পৰিৱৰ্তন কৰা হ’ব।

যদি ৰাষ্ট্ৰীয় বাতৰিসমূহৰ মতে অক্ষয় কুমাৰৰ ছবিসমূহে ১২ বছৰৰ পৰা এ চাৰ্টিফিকেট পোৱা নাই। শেষবাৰৰ বাবে তেওঁৰ ছবি দেশী বয়জে এ চাৰ্টিফিকেট লাভ কৰিছিল যিখন ২০১১ চনত চিনেমাগৃহত মুক্তি পাইছিল। দেশী বয়জ ছবিখনত অক্ষয়ৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল দীপিকা পাডুকন, জন আব্ৰাহাম আৰু চিত্ৰাঙ্গগা সিঙক।

OMG 2 ৰ কথা ক’বলৈ গ’লে যোৱা মাহত ইয়াক পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডলৈ প্ৰেৰণ কৰা হৈছিল। খবৰ অনুসৰি ছবিখন পৰ্যালোচনা সমিতিলৈ প্ৰেৰণ কৰা হয়। আদিপুৰুষে যিদৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে, এইবাৰো একেই হ’ব যাতে নালাগে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। আচলতে ছবিখনত অক্ষয়ে ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া ছবিখনত পৰিৱৰ্তন কৰা হৈছে আৰু তেওঁক শিৱৰ দূত হিচাপে দেখুওৱা হ’ব।


OMG 2-এ এতিয়া লাভ কৰিছে এ চাৰ্টিফিকেট। ছবিখনত ২০টাতকৈ অধিক পৰিৱৰ্তন বিচৰা হৈছে। এই ছবিখনৰ বিষয়বস্তু হৈছে যৌন শিক্ষা আৰু অক্ষয় কুমাৰক ভগৱান শিৱ হিচাপে দেখা গ’লে মানুহে আপত্তি কৰিলেহেঁতেন। সেইবাবেই এতিয়া ছবিখনত তেওঁক শিৱৰ দূত বা শিৱৰ ভক্ত হিচাপে দেখুওৱা হ’ব।


OMG 2 ৰ কথা কওঁতে পংকজ ত্ৰিপাঠীয়ে অক্ষয়ৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব। এই ছবিখনৰ প্ৰথম খণ্ডটো চুপাৰ হিট হৈছিল। প্ৰথম খণ্ডত অক্ষয়ক ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত দেখা গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু