--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও নিজৰ প্ৰিয় তাৰকাক দেখা পোৱাৰ সুযোগ হেৰুৱাব নিবিচাৰে। তিৰুৱানন্তপুৰমত থালাপথী  বিজয়কো দেখা পাই ৰাইজ উত্তেজিত হৈ পৰিছিল। কিন্তু শেষত উন্মাদ অনুৰাগীয়ে অভিনেতাজনৰ গাড়ীখনৰ ক্ষতিসাধন কৰে।

শেহতীয়াকৈ বিজয় তেওঁৰ নতুন ছবি ‘গোট’ৰ শ্বুটিংৰ বাবে কেৰালাত উপস্থিত হয়। এই খবৰ শুনি বিমানবন্দৰৰ বাহিৰত সমবেত হয় অনুৰাগী। কিন্তু বিজয়ক দেখা পোৱাৰ পিছতো তেওঁলোক শান্ত নহ’ল। অনুৰাগীৰ এটা দলে বিজয়ৰ পাছে পাছে হোটেললৈ যায়।  অভিনেতাজনৰ গাড়ীৰ কেইবাটাও অংশ ক্ষতিগ্ৰস্ত হয়। গাড়ীৰ গ্লাছো ভাঙি যায়। সেই ভিডিঅ’টো এতিয়াৰ বাবে নেট জগতত বিয়পি পৰিছে।

প্ৰায় ১৪ বছৰৰ পাছত কেৰালাত ভৰি দিলে বিজয়ে। অভিনেতাগৰাকীৰ প্ৰতি অনুৰাগীৰ অতিৰিক্ত উৎসাহ আছিল। কিন্তু নিৰাপত্তাৰক্ষীয়ে বুজি পোৱা নাছিল যে তেওঁলোকে এনেদৰে তেওঁৰ গাড়ীত উঠিব। সূত্ৰৰ পৰা জানিব পৰা মতে, ভিৰৰ মাজত কোনো আঘাতপ্ৰাপ্ত হোৱা নাই অভিনেতাগৰাকী। শেষত তেওঁৰ গাড়ীৰ বাবে ধন দিব লগা হ’ল। জানিব পৰা মতে, অভিনেতাগৰাকী অহা কেইসপ্তাহমানৰ বাবে ছবিখনৰ শ্বুটিংৰ বাবে তিৰুৱানন্তপুৰমত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ