--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিয়ম ভংগ কৰি এতিয়া ক্লাবৰ ৰোষত পৰিছে লিঅনেল মেছি৷ অনুমতি অবিহনে মেছিয়ে  চৌদি আৰৱলৈ যোৱাৰ বাবেই পিএছজিয়ে তেওঁক  ক্লাবটোৰ নিয়ম উলংঘা কৰাৰ অভিযোগত  শাস্তি বিহিছে। পেৰিছ ছেইণ্ট জাৰ্মেইনে (পিএছজি) তেওঁক দুসপ্তাহৰ বাবে নিলম্বিত কৰিছিল।

বিশ্ববিজয়ী আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে ছিজনৰ শেষত পিএছজিক বিদায় জনাব পাৰে। তেওঁ বাৰ্চিলোনালৈ  উভতি যাব পাৰে বুলিও চৰ্চা চলিছে। একে সময়তে, ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দৰে মেছিয়েও চৌদি আৰৱৰ এটা ক্লাবত যোগদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি বহুতে আলোচনা কৰিছে। শেহতীয়াকৈ  লিয়োনেল মেছিয়ে তেওঁ চুক্তিবদ্ধ হোৱা  ক্লাব পিএছজিৰ  অনুমতি অবিহনে চৌদি আৰৱলৈ ৰাওনা হয়। এই কথাে ক্ষুদ্ধ হৈ পৰিছে ক্লাবৰ বিষয়াসকল।

ফৰাচী সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি  শাস্তি হিচাবে মেছিয়ে  পিএছজিৰ হৈ পৰৱৰ্তী দুখন লিগ  মেচত খেলিব নোৱাৰিব। তেওঁ দুসপ্তাহৰ বাবে দলটোৰ বাবে  অনুশীলনো কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও চুপাৰষ্টাৰজনক এই দুসপ্তাহৰ বাবে  দৰমহা দিয়া নহ'ব। যদি সকলো ঠিকে থাকে, মেছিক ২১ মে'ত পুনৰ খেলিবলৈ অনুমতি দিয়া হ'ব পাৰে৷ 

উল্লেখ্য মেছি হৈছে চৌদি আৰৱৰ পৰ্যটন ৰাষ্ট্ৰদূত৷ । সেয়েহে তেওঁ বিজ্ঞাপন সম্পৰ্কীয় কামৰ বাবে ৰিয়াধলৈ গৈছিল৷ সোমবাৰে ছ'চিয়েল মিডিয়াত মেছিৰ ৰিয়াধৰ ফটো প্ৰকাশ পাইছিল। কিন্তু ক্লাবৰ অনুমতি অবিহনে এনেদৰে মেছিয়ে ৰিয়াধলৈ যোৱাৰ কথাটো সহজভাবে লোৱা নাই ক্লাব কৰ্তৃপক্ষই। ক্লাব  কৰ্তৃপক্ষই অৱশ্যে বিষয়টোত ৰাজহুৱাভাৱে মন্তব্য দিব বিচৰা নাই। অৱশ্যে, এনে পদক্ষেপ গ্ৰহণ কৰি, পিএছজিয়ে স্পষ্ট কৰি দিছে যে কোনো তাৰকা ক্লাবৰ নিয়মৰ উৰ্ধত নহয়।














FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ