--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৯ চন। ডিচেম্বৰৰ এদিন দুপৰীয়া ভাৰতীয় দলটোৱে কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত অৱতীৰ্ণ হৈছিল। এই খেলখন বহু ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত আছে। কেৱল সেই মেচখনত ভাৰত জয়ী হোৱাই নহয়, মেচখনত দুজন ক্ৰিকেটাৰ উজ্বলি উঠিছিল।

সেই দুগৰাকী ক্ৰিকেটাৰৰ নাম বিৰাট কোহলী আৰু গৌতম গম্ভীৰ। ইডেনত শ্ৰীলংকাৰ বিৰুদ্ধে সেই মেচখনত দুয়োজনে শতৰাণ কৰিছিল। ২১ বছৰীয়া উদীয়মান তাৰকা বিৰাটে প্ৰথমটো শতৰাণ অৰ্জন কৰিছিল।

সেইদিনা বিৰাটে ১১৪টা বলত ১০৭ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। ১৫০ ৰান আহিছিল গম্ভীৰৰ বেটৰ পৰা। দুয়োজনে ২২৪ ৰানৰ যুঁটি বান্ধিছিল।

সেই মেচতে বিৰাট আৰু গম্ভীৰৰ বন্ধুত্ব দেখা পোৱা যায়। খেলখনৰ 'মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হ’লেও গম্ভীৰে বিৰাটৰ হাতত সেই বঁটাটো অৰ্পণ কৰে। বিৰাটৰ প্ৰথম শতকক স্মৰণীয় কৰি তুলিবলৈ ছিনিয়ৰ হিচাপে এই সিদ্ধান্ত লোৱা হৈছিল।

ইয়াৰ পিছৰ ঘটনা আছিল ২০১৩ চনৰ। বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়াম। আই পি এলৰ এখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত মুখামুখি হয়। ভাৰতীয় ক্ৰিকেটৰ অন্যতম তিক্ত সংঘাতৰ জন্ম হৈছিল সেই মেচতে। চাৰি বছৰৰ আগৰ বন্ধুত্ব ‘শত্ৰুতা’লৈ পৰিণত হ’ল।

বেংগালুৰুত অনুষ্ঠিত সেই মেচখনত কেকেআৰে গম্ভীৰৰ অধিনায়কত্বত খেলিছিল। খেলখনত বিৰাটৰ আৰ চি বিয়ে জয়লাভ কৰে। সেই মেচত বিৰাট ৩৫ ৰানত আউট হৈছিল। বিৰাটৰ উইকেট লক্ষ্মীপতি বালাজীয়ে লোৱাত গম্ভীৰ আনন্দত ফাটি যোৱা দেখা যায়।

গম্ভীৰ আৰু কোহলী, দুয়োজনেই আগ্ৰাসী খেলুৱৈ। কিন্তু সেইদিনা বাইশ গজৰ আক্ৰমণাত্মকতাই যেন সকলো স্তৰ অতিক্ৰম কৰিলে। কোহলী আউট হৈ উভতি অহাৰ সময়ত গম্ভিৰে হয়তো কিবা মন্তব্য কৰিছিল। দেখা যায় যে কোহলীয়ে খঙত গৰ্জন কৰি কেকেআৰৰ খেলুৱৈজনৰ ফালে আগবাঢ়ি গৈছিল। এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

খেলপথাৰত উপস্থিত থকা আন খেলুৱৈ আৰু আম্পায়াৰৰ হস্তক্ষেপত কেনেবাকৈ পৰিস্থিতি চম্ভালা হৈছিল। কিন্তু অনুৰাগীসকলে সেইদিনা বিৰাট আৰু গম্ভীৰৰ মাজত তিক্ততাৰ ভাব পাহৰিব নোৱাৰিলে।

ডাঙৰ হওক বা গুৰুতৰ হওক, দুয়োজনে বাৰে বাৰে এই সংঘাতক খেলপথাৰতে এৰি অহাৰ কথা কৈ আহিছে। ব্যক্তিগত সম্পৰ্কত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলিও কয়। কিন্তু আই পি এলৰ মঞ্চত দিল্লীৰ তাৰকা দুগৰাকীৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে তিক্ত হৈ পৰিছে।

২০১৬ চনত কেকেআৰ বনাম আৰচিবিৰ আন এখন খেলত কোহলী আৰু গম্ভীৰৰ তিক্ততা প্ৰকাশ পাইছিল। সেইদিনাও পৰাস্ত হৈছিল কলকাতা। গম্ভীৰে তাতো আগ্ৰাসী মনোভাৱ দেখুৱাইছিল।

খেলখনৰ আৰম্ভণিৰে পৰাই কলকাতাৰ অধিনায়কগৰাকীৰ আগ্ৰাসী মনোভাৱ স্পষ্ট হৈ পৰিছিল। ১৯ অভাৰত যেতিয়া বাংগালুৰুৰ জয় প্ৰায় নিশ্চিত হৈছিল, তেতিয়া কোহলীয়ে এটা ৰান লৈছিল। নন ষ্ট্ৰাইকাৰৰ শেষত থিয় হৈ গম্ভিৰে তেওঁৰ ফালে বল কৰে। দেখাত কোহলীৰ ওপৰত বলটো বল কৰা যেন লাগিল।

তাৰমাজতে তাৰকা দুগৰাকীৰ মাজত উত্তপ্ত আদান-প্ৰদানৰ সৃষ্টি হয়। আম্পায়াৰে পৰিস্থিতি চম্ভালি লয়। গম্ভীৰে সমালোচনা আৰু শাস্তিৰো সন্মুখীন হ’বলগীয়া হৈছিল।

সময় সলনি হৈছে। বিৰাট এতিয়া আৰ চি বিৰ অধিনায়ক নহয়। গম্ভীৰো কেকেআৰত নাই। তেওঁ এতিয়া লক্ষ্ণৌৰ প্ৰশিক্ষক। পৰিস্থিতি সলনি হ’লেও আজিও বিৰাট-গম্বীৰৰ তিক্ততাৰ অন্ত নাই৷ সোমবাৰে লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰত দুয়োগৰাকী তাৰকাৰ অশান্তি পুনৰ মুকলিকৈ দেখা গ’ল।

মেচখনত জয়লাভ কৰে আৰ চি বিয়ে। মাত্ৰ ১২৬ ৰান সংগ্ৰহ কৰিও কোহলী বাহিনীয়ে লক্ষ্ণৌক জয়ী হ’বলৈ নিদিলে। ১০৮ ৰানত শেষ হয় লোকেশ ৰাহুল বাহিনীৰ ইনিংছ। খেলৰ শেষত যেতিয়া দুয়োটা দলৰ খেলুৱৈয়ে হাত মিলাইছিল, তেতিয়াই পৰিস্থিতি উত্তপ্ত হৈ পৰে।

খেলখনৰ সময়ত লক্ষ্ণৌৰ উইকেট এটা এটাকৈ কমি অহাত বিৰাটে স্বাভাৱিক উত্তেজনা প্ৰকাশ কৰি আছিল। কেতিয়াবা গেলেৰীত বহি থকা পত্নী অনুষ্কাক চুমা উৰুৱাইছিল, কেতিয়াবা খেলপথাৰৰ বাহিৰত বহি থকা লক্ষ্ণৌৰ খেলুৱৈসকললৈ চাই আঙুলিৰে মৌনতাৰ ইংগিত আঙুলিয়াই দিছিল।

আফগানিস্তানৰ ক্ৰিকেটাৰ নবীন উল হক আউট হোৱাৰ সময়তো কোহলীয়ে উত্তেজিত হৈ উল্লাস কৰিছিল। টুপীটো খুলি মাটিত পেলাই দিলে। সেইটো হয়তো নবিনে ভালকৈ লোৱা নাছিল। গতিকে খেলৰ শেষত হাত মিলাওঁতে কোহলীক কিবা এটা কোৱা দেখা যায়।

নবীনকো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কোহলীয়ে। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে ঘটনাস্থলীলৈ আহিছিল মেণ্টৰ গম্ভীৰ। পুৰণি ‘শত্ৰু’ কোহলীৰ সৈতে তেওঁও কাজিয়াত লিপ্ত হয়। শাস্তি হিচাপে কোহলী আৰু গম্ভীৰক মেচ মাচুলৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে। আফগান ক্ৰিকেটাৰগৰাকীক মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?