--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ বিষয়ে তথ্যৰ গোটাবলৈ আৰম্ভ কৰিছে। সেইমৰ্মে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ  বিষয়াসকলক অনুপ্ৰৱেশকাৰীসকলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।  

সূত্ৰটোৱে প্ৰকাশ কৰা মতে শ্বাহে প্ৰতিখন ৰাজ্যৰ কেন্দ্ৰীয় চোৰাংচোৱা (আইবি) বিষয়াসকলৰ সৈতে এক দীঘলীয়া বৈঠক অনুষ্ঠিত কৰে। কোন খন ৰাজ্যত ভুৱা প্ৰমাণপত্ৰৰ ব্যৱহাৰ কৰি  কিমান জন বাংলাদেশীয়ে কাম কৰি আছে তাৰ পৰিসংখ্যা সংগ্ৰহ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। জানিব পৰা মতে শ্বাহে কেইদিনমানৰ ভিতৰতে নিয়াৰ বিষয়াসকলৰ সৈতেও এখন বৈঠক অনুষ্ঠিত কৰিব। পশ্চিম বংগ সীমান্তৰ মাজেৰে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকলৰ তথ্যৰ ওপৰত কিয় গুৰুত্ব দিয়া হৈছে? ইয়াৰ আঁৰত কেন্দ্ৰৰ আন কোনো উদ্দেশ্য আছে নেকি তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

শেহতীয়াকৈ, কেন্দ্ৰই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ বিষয়ে সকলো ৰাজ্যৰ আৰক্ষীলৈ  সতৰ্কবাণী প্ৰেৰণ কৰিছে। সতৰ্কবাণীত  উল্লেখ কৰা হৈছে  যে বহু বাংলাদেশীয়ে পশ্চিম বংগৰ সীমান্তৰ মাজেৰে অনুপ্ৰৱেশ কৰি আছে। ৰাজ্যখনৰ দালালসকলৰ এটা অংশই অনুপ্ৰৱেশকাৰীসকলক সহায় কৰি আছে। ভাৰতত প্ৰৱেশ কৰাৰ পিছত দালালসকলে তেওঁলোকক  আধাৰ কাৰ্ড লাভ কৰাত সহায় কৰিছে। 

আধাৰ কাৰ্ড হাতলৈ অহাৰ লগে লগে কামৰ সন্ধানত সেই বাংলাদেশী লোকসকল দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। ইয়াৰে বহুতো অনুপ্ৰৱেশকাৰী বাংলাদেশৰ জামাতৰ দৰে উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত বুলিও সন্দেহ ব্যক্ত কৰা হৈছে। সেয়ে  গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। দক্ষিণ ভাৰতৰ দুখন ৰাজ্য কেৰালা আৰু তামিলনাডুৰ উপৰিও মহাৰাষ্ট্ৰ, গুজৰাট, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশআদি ৰাজ্যত বিভিন্ন কামত বিশেষকৈ হোটেল, গৃহকৰ্মী,  শ্ৰমিককে ধৰি আন কামত সেই বাংলাদেশী লোকসকল জৰিত হৈ আছে বুলি কোৱা হৈছে। 

তেনে লোকসকলৰ বিষয়ে সোধা-পোছা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। প্ৰতিখন ৰাজ্যত কিমানজন অবাধ বাংলাদেশী আছে? তেওঁলোকৰ পৰিচয় পত্ৰ আছে নেকি? গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে চোৰাংচোৱা বিষয়াসকলক এই বিষয়ত  তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।  ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে প্ৰমাণপত্ৰ কেনেদৰে পায়? প্ৰমাণপত্ৰ পোৱাৰ ক্ষেত্ৰত কোনে সহায়  কৰি আছে সেই বিষয়েও সোধা-পোছা কৰিবলৈ কোৱা হৈছে।  গৃহ মন্ত্ৰালয়ে হঠাতে ত্ৰিপুৰা, অসম, মেঘালয়ৰ দৰে ৰাজ্য এৰি বংগ সীমান্তৰ মাজেৰে হৈ থকা বাংলাদেশীৰ  অনুপ্ৰৱেশৰ বিষয়টোত সক্ৰিয় হৈ পৰাত ৰহস্যৰো সৃষ্টি হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক