--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিভিন্ন প্ৰান্তত বেলেগ ধৰ্ম বা জাতিৰ স’তে বিয়া পাতিলে সমাজৰ গঞ্জনাৰ মুখামুখি হব লগা হয়। প্ৰেম মানে কোনো ধৰ্ম বা জাতি নহয়, তথাপিও সমাজৰ বহু লোকে এই কথা মানি ল'বলৈ অনিচ্ছুক। শেহতীয়াকৈ ৰাজস্থান চৰকাৰে ভিন্ন জাতি বিবাহক উৎসাহিত কৰাৰ বাবে এক বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এনেধৰণৰ বিয়া পাতিলে ১০ লাখ টকা পাব।

শেহতীয়াকৈ ৰাজ্যৰ বাজেট ঘোষণা কৰাৰ সময়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলাউটে এই পদক্ষেপৰ কথা ঘোষণা কৰে। সংশোধিত ‘সবিতা বেন আম্বেদকাৰ বিনজতি বিবাহ আঁচনি’ৰ অধীনত ৫ লাখ টকা আঠ বছৰৰ বাবে ফিক্সড ডিপ’জিট হিচাপে ৰখা হ’ব আৰু বাকী ৫ লাখ টকা নৱবিবাহিত দম্পতীৰ নামত তেওঁলোকৰ যৌথ বেংক একাউণ্টত জমা কৰা হ’ব। ২০০৬ চনত ৰাজস্থান চৰকাৰে এই প্ৰকল্প আৰম্ভ কৰিছিল। এই প্ৰকল্পটো ৫০ হাজাৰ টকাৰে আৰম্ভ কৰা হৈছিল যদিও ২০১৩ চনত ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল।

এই আঁচনিখন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে পৰিচালনা কৰে। ৭৫ শতাংশ ৰাজ্য চৰকাৰে আৰু ২৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। চলিত বিত্তীয় বৰ্ষত এই প্ৰকল্পৰ বাবে ৰাজস্থান চৰকাৰে ৩৩.৫৫ মিলিয়ন টকা আবণ্টন দিছে। দৰা-কইনা দুয়োজন হিন্দু আৰু বয়স ৩৫ বছৰৰ তলৰ হ’লেহে এই আঁচনিৰ সুবিধা ল’ব পাৰিব। আইনী বিবাহৰ ১ বছৰৰ পিছত তেওঁলোকে এই আঁচনিৰ অধীনত ধন পাবলৈ নিজকে নামভৰ্তি কৰিব পাৰে। এই আঁচনিখন আগতেও আছিল, এইবাৰ টকাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু