--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিভিন্ন প্ৰান্তত বেলেগ ধৰ্ম বা জাতিৰ স’তে বিয়া পাতিলে সমাজৰ গঞ্জনাৰ মুখামুখি হব লগা হয়। প্ৰেম মানে কোনো ধৰ্ম বা জাতি নহয়, তথাপিও সমাজৰ বহু লোকে এই কথা মানি ল'বলৈ অনিচ্ছুক। শেহতীয়াকৈ ৰাজস্থান চৰকাৰে ভিন্ন জাতি বিবাহক উৎসাহিত কৰাৰ বাবে এক বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এনেধৰণৰ বিয়া পাতিলে ১০ লাখ টকা পাব।

শেহতীয়াকৈ ৰাজ্যৰ বাজেট ঘোষণা কৰাৰ সময়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলাউটে এই পদক্ষেপৰ কথা ঘোষণা কৰে। সংশোধিত ‘সবিতা বেন আম্বেদকাৰ বিনজতি বিবাহ আঁচনি’ৰ অধীনত ৫ লাখ টকা আঠ বছৰৰ বাবে ফিক্সড ডিপ’জিট হিচাপে ৰখা হ’ব আৰু বাকী ৫ লাখ টকা নৱবিবাহিত দম্পতীৰ নামত তেওঁলোকৰ যৌথ বেংক একাউণ্টত জমা কৰা হ’ব। ২০০৬ চনত ৰাজস্থান চৰকাৰে এই প্ৰকল্প আৰম্ভ কৰিছিল। এই প্ৰকল্পটো ৫০ হাজাৰ টকাৰে আৰম্ভ কৰা হৈছিল যদিও ২০১৩ চনত ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল।

এই আঁচনিখন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে পৰিচালনা কৰে। ৭৫ শতাংশ ৰাজ্য চৰকাৰে আৰু ২৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। চলিত বিত্তীয় বৰ্ষত এই প্ৰকল্পৰ বাবে ৰাজস্থান চৰকাৰে ৩৩.৫৫ মিলিয়ন টকা আবণ্টন দিছে। দৰা-কইনা দুয়োজন হিন্দু আৰু বয়স ৩৫ বছৰৰ তলৰ হ’লেহে এই আঁচনিৰ সুবিধা ল’ব পাৰিব। আইনী বিবাহৰ ১ বছৰৰ পিছত তেওঁলোকে এই আঁচনিৰ অধীনত ধন পাবলৈ নিজকে নামভৰ্তি কৰিব পাৰে। এই আঁচনিখন আগতেও আছিল, এইবাৰ টকাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ