--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকৰ ওচৰলৈ মানুহে নিজৰ প্ৰাণ বচাবৰ বাবে যায়। ৰোগীয়ে চকু মুদি বিশ্বাস কৰে চিকিৎসক। শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে, যি ঘটনা শুনিলে আপোনাৰ চকু কপালত উঠিব। ৰোগীগৰাকী বিহাৰৰ মুজাফ্ফৰপুৰৰ। ইয়াত এগৰাকী মহিলা ৰোগীৰ দুয়োটা কিডনী চিকিৎসকে চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকী এতিয়া চিন্তিত হৈ পৰিছে যে তেওঁৰ জীৱন কেনেদৰে আগবাঢ়িব।

মহিলাগৰাকীয়ে অপাৰেচন কৰিবলৈ চিকিৎসালয়লৈ গৈছিল। যেতিয়া তেওঁৰ সম্বিত ঘূৰি আহে তেতিয়া তেওঁ গম পায় যে তেওঁৰ দুয়োটা বৃক্ক চুৰি হৈছে। কেৱল এয়াই নহয়, এই বিপদৰ সময়ত ৩টা সন্তানৰ সৈতে তেওঁক সেই অৱস্থাত এৰি স্বামীয়েও পলায়ন কৰে। মহিলাগৰাকীয়ে চিকিৎসকৰ বিৰুদ্ধে অংগ চুৰিৰ অভিযোগ উত্থাপন কৰিছে। বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

জৰায়ুৰ সংক্ৰমণৰ সুনীতা নামৰ ৰোগীগৰাকীয়ে চিকিৎসাৰ বাবে নাৰ্চিং হোমলৈ গৈছিল। একেটা অপাৰেচনতে তেওঁৰ দুয়োটা কিডনী চুৰি হোৱাৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে। বৰ্তমান তেওঁ এছ কে মেডিকেল কলেজ (এছ কে মেডিকেল কলেজ, মুজাফ্ফৰপুৰ)ত চিকিৎসাধীন হৈ আছে আৰু তেওঁ দিনটোত দুবাৰকৈ ডায়েলাইছিছ কৰিবলগীয়া হয়।

এই সন্দৰ্ভত এছ কে মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ (প্ৰফেচাৰ)। বিকাশ কুমাৰে কয় যে মহিলাগৰাকীক ডায়েলাইছিছ কৰা হৈছে। বৃক্ক পোৱাৰ লগে লগে ট্ৰান্সপ্লাণ্ট কৰা হ’ব। কিন্তু ডায়েলাইছিছ কৰি কিমান দিন জীয়াই থাকিব পাৰিব সেই বিষয়ে একো ক’ব পৰা নাযায়। ডাঃ বিকাশৰ মতে, মহিলাগৰাকীয়ে জৰায়ুৰ অস্ত্ৰোপচাৰ কৰিবলৈ নাৰ্চিং হোমত উপস্থিত হৈছিল, সেই সময়ছোৱাত জৰায়ুৰ সৈতে বৃক্কও উলিয়াই আনে চিকিৎসকে।

সুনীতাৰ লগত যেতিয়া এই ঘটনা সংঘটিত হৈছিল, তেতিয়া তেওঁৰ লগত আছিল তেওঁৰ স্বামী। পত্নীৰ অৱস্থা দেখি তেওঁ কিডনি দিবলৈ মান্তি হৈছিল যদিও পত্নীৰ কিডনীৰ লগত তেওঁৰ কিডনীৰ মিল নাছিল। ইফালে কোনো এটা বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাত তেওঁ পত্নীৰ সৈতে সন্তান তিনিটাক এৰি পলাই যায়। আগতে সুনীতাই শ্ৰমিকৰ কাম কৰি ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিছিল, কিন্তু এতিয়া তেওঁ শ্ৰমিকৰ কামো কৰিব নোৱাৰে। তেওঁক কিডনী দিয়া মানুহ আগবাঢ়ি আহিছে যদিও কাৰো সৈতে মিলা নাই। 

সুনীতাই কান্দি কান্দি মাঁথো এতিয়া সকলোকে প্ৰশ্ন কৰে- মই মৃত্যুৰ দিন গণিছো। জীৱনৰ কিমান দিন বাকী আছে নাজানো। মোৰ ভুল কি আছিল, মোৰ মৃত্যুৰ পাছত এই ল’ৰা-ছোৱালীকেইটাৰ কি হ’ব, কেনেকৈ জীয়াই থাকিব?




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক