--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানি গ্ৰুপৰ শ্বেয়াৰ বজাৰ এতিয়া ক্ৰমে ডুবিবলৈ লৈছে। এনে সময়তে এলআইচিত ধন জমা কৰা গ্ৰাহক সকলৰ মনতো শংকা বৃদ্ধি পাইছে। কাৰণ আদানী গ্ৰুপে এলআইচিৰ পৰা প্ৰচুৰ পৰিমাণৰ ধন ধাৰলৈ লৈ থৈছে। যদি আদানীৰ ব্যৱসায়  স্থৱিৰ হৈ পৰে তেন্তে এলআইচি গ্ৰাহকসকলৰ ধন ঘূৰাই পোৱাৰ আশাও মাৰ যাব নেকি? 

এনে প্ৰশ্নই এতিয়া খেলাই আছে এলআইচিৰ গ্ৰাহকসকৰ মনত। এনে আশংকাৰ মাজতে এলআইচিয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে আদানী গ্ৰুপৰ কোম্পানীবোৰত এলআইচিৰ বেছি বিনিয়োগ নাই, সেয়ে বিপদাশংকাও কম।   ভাৰতীয় জীৱন বীমা নিগমে আজি   জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে "৩১ ডিচেম্বৰ, ২০২২ তাৰিখে আদানি গ্ৰুপ অৱ কোম্পানীৰ অধীনত ইকুইটি আৰু ঋণৰ অধীনত এলআইচিৰ মুঠ ধনৰ পৰিমাণ  হৈছে ৩৫,৯১৭.৩১ কোটি টকা। আদানি গ্ৰুপৰ সকলো কোম্পানীৰ অধীনত যোৱা কেইবা বছৰত ক্ৰয় কৰা ইকুইটিৰ মুঠ ক্ৰয় মূল্য হৈছে ৩০,১২৭ কোটি টকা। ২৭  জানুৱাৰী, ২০২২ তাৰিখলৈকে বজাৰ বন্ধ হোৱাৰ সময়ত মুঠ শ্বেয়াৰৰ মূল্য আছিল ৫৬,১৪২ কোটি টকা। আদানি গোটৰ অধীনত এতিয়ালৈকে বিনিয়োগ কৰা মুঠ পৰিমাণ হৈছে ৩৬,৪৭৪.৭৮ কোটি টকা। এই বিনিয়োগবোৰ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰা হৈছে। এল.আই.চি.-ৰ দ্বাৰা কৰা  আদানি গ্ৰুপৰ সকলো ঋণ চিকিউৰিটিৰ ক্ৰেডিট ৰেটিং এ.এ. আছে। এইটো সকলো আইআৰডিএআইৰ দ্বাৰা নিৰ্ধাৰিত বীমা কোম্পানীবোৰৰ বিনিয়োগৰ নিয়মৰ সৈতে সামঞ্জস্যপূৰ্ণ। ৩০ ছেপ্টেম্বৰ, ২০২২ তাৰিখলৈকে, এল.আই.চি.-ৰ মুঠ সম্পত্তি (এইউ.এম.) আছিল ৪১.৬৬ লাখ কোটি টকাৰো অধিক। সেই আকলন অনুসৰি, আদানি গোটৰ সৈতে লেনদেন  হৈছে মুঠ এ.ইউ.এম.-ৰ ০.৯৭৫%।’’


উল্লেখ্য আদানি গোটে ঋণ ল'বলৈ কোম্পানীৰ শ্বেয়াৰ ব্যৱহাৰ কৰিছে। ফলস্বৰূপে যদি ঋণ ডিফল্ট হয়  কোম্পানীবোৰ  ক্ষতিগ্ৰস্ত  হ'ব পাৰে বুলি আশংকা সৃষ্টি হৈছে। আমেৰিকাযুক্ত প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন বুধবাৰে প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছতে আদানি গোটৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক