--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে তেওঁক আই পি এলৰ বাবে ফিট ঘোষণা কৰে ব’ৰ্ডে। ইয়াৰ পিছত উচ্ছাসিত ঋষভ পন্থ। তেওঁ ক’লে, তেওঁ বহুদিন ধৰি ফিট হ’বলৈ চেষ্টা কৰি আছিল। অৱশেষত বোজামুক্ত হ’ল। দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰগৰাকীয়ে ব’ৰ্ড আৰু এনচিএকো ধন্যবাদ জ্ঞাপন কৰে।

১৫ মাহৰ পাছত আই পি এলত ক্ৰিকেটলৈ ঘূৰি আহিবলৈ ওলাইছে পণ্ট। তেওঁ কয় যে ক্ৰিকেটলৈ ঘূৰি অহাৰ বাবে টি-২০ৰ বাহিৰে আন কোনো ফৰ্মেট নাই। ক’লে, “ফিট শুনিবলৈ দিনে দিনে উত্তেজনাৰে অপেক্ষা কৰি আছো। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ আগতে ফিট হ’বলৈ চেষ্টা কৰিছিলো। বিচিচিআই আৰু এনচিএই বহুত সহায় কৰিছে। ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে নিজেই আগ্ৰহ প্ৰকাশ কৰিলে। অৱশ্যে আৰম্ভণিতে আটাইতকৈ দীঘলীয়া ফৰ্মেট খেলাৰ ৰিস্ক ল’ব বিচৰা নাছিল। লাহে লাহে কামৰ বোজা বৃদ্ধি পালে। সেইটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কোনোবাই যদি কোনো ধৰণে আপোনাৰ যত্ন লয় তেন্তে তেওঁৰ শলাগ লোৱা উচিত। টি২০ৰ পৰা আৰম্ভ কৰি লাহে লাহে কামৰ বোজা বৃদ্ধি কৰিম।"

২০২২ চনৰ ৩০ ডিচেম্বৰত গাড়ী দুৰ্ঘটনাত আহত হৈছিল পণ্ট। তেওঁৰ মূৰ, পিঠি আৰু আঁঠুৰ আঘাত আছিল। অস্ত্ৰোপচাৰো কৰা হয়। প্ৰায় এবছৰ তিনিমাহৰ পিছত সুস্থ হৈ উঠিল পান্থ। ১০ দিনৰ পাছত আৰম্ভ হোৱা আই পি এলত খেলিবলৈ ভাৰতৰ যুৱ উইকেটকীপাৰগৰাকীৰ কোনো বাধা নাছিল। টি-২০ বিশ্বকাপৰ পূৰ্বে পণ্টৰ সুস্থতা ভাৰতৰ বাবে এক ডাঙৰ কৃতিত্ব। যদি তেওঁ আই পি এলত ভাল খেলে তেন্তে পন্থে বিশ্বকাপ দলত স্থান লাভ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু