--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি টকাৰ বিনিময়ত ডেভিদ মিলাৰে নিজৰ বিবাহ বাতিল কৰিছিল। বাংলাদেশ প্ৰিমিয়াৰ লীগৰ শেষৰ তিনিখন মেচ খেলাৰ বাবে তেওঁক ১ কোটি ২৪ লাখ টকা দিয়া হৈছিল। বাংলাদেশলৈ আহি বিয়া বাতিল কৰিলে। এই বিস্ফোৰক মন্তব্য ৱাছিম ​​আক্ৰমৰ।

দক্ষিণ আফ্ৰিকাৰ মিলাৰে আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলে। বাংলাদেশ প্ৰিমিয়াৰ লীগত ফৰ্চুন বৰিছালৰ হৈ খেলিছিল। এইবাৰ প্ৰতিযোগিতাত জয়লাভ কৰে। যোৱা তিনিখন মেচ খেলিবলৈ মিলাৰে ১ কোটি ২৪ লাখ টকা লৈছিল। পাকিস্তানত এক অনুষ্ঠানত এই কথা কয় আক্ৰমে। 

পাকিস্তানৰ প্ৰাক্তন পেচাৰগৰাকীয়ে কয়, ‘পাকিস্তান ছুপাৰ লীগত ব্যস্ত থকাৰ বাবে বাংলাদেশ প্ৰিমিয়াৰ লীগ বিচৰা হোৱা নাছিল। কিন্তু শুনা মতে যোৱা তিনিখন মেচৰ বাবে তেওঁ ১ কোটি ২৪ লাখ টকা লৈছিল। মিলাৰে নিজৰ বিয়াখনো পিছুৱাই দিলে।"

১ মাৰ্চত বাংলাদেশ প্ৰিমিয়াৰ লীগৰ ফাইনেল। ১০ মাৰ্চত মিলাৰৰ বিবাহ হয়। আই পি এলৰ ১২ দিন পূৰ্বে গুজৰাট টাইটানছৰ বেটছমেন ডেভিদ মিলাৰে বিবাহপাশত আবদ্ধ হয়। দেওবাৰে তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকা কেমিলা হেৰিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেপ টাউনত অনুষ্ঠিত হয় এই বিবাহ অনুষ্ঠান। হেৰিছ এজন পেছাদাৰী প’ল’ খেলুৱৈ।

বাংলাদেশ প্ৰিমিয়াৰ লীগ খেলি ঘৰলৈ উভতি আহে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকী। হেৰিছৰ লগত বাংলাদেশলৈ গৈছিল। আই পি এল আৰম্ভ হোৱাৰ আগতেই মিলাৰে এই বিবাহ সমাপ্ত কৰাৰ পৰিকল্পনা কৰিছিল। সেই হিচাপে দেওবাৰৰ শুভ কাম সম্পন্ন হয়। মিলাৰ আৰু হেৰিছে ছ’চিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীৰ সৈতে বিবাহ অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement