ডিজিটেল ডেস্ক: ভাৰত-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় স্তৰত বিয়পি থকা এটা অপৰাধ চক্রক লক্ষ্য কৰি বুধবাৰে আমেৰিকা, কানাডা আৰু ইউৰোপীয় দেশবোৰত ব্যাপক অভিযান চলোৱা হয়। সন্ত্রাসবাদী কার্যকলাপ, বলপূর্বক ধন দাবী, হত্যা-হিংসাৰ সৈতে জড়িত অপৰাধী চক্রটোক উৎখাত কৰাৰ বাবে আমেৰিকাই কালি অভিযান আৰম্ভ কৰে।
কুখ্যাত অপৰাধী লৰেন্স বিষ্ণয়ৰ গেঙৰ সন্ধানত বিশেষকৈ অভিযান চলোৱা হয়। সমগ্র দেশবোৰত চলোৱা অভিযানত ২৪টা সন্দেহজনক অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ড, ড্ৰাগছৰ সৰবৰাহ, ধন দাবী আৰু সীমাৰ সিপাৰৰ হিংসা কাৰ্যত জড়িত অপৰাধীৰ বিৰুদ্ধে আমেৰিকা, কানাডা আৰু ইউৰোপৰ আইন বলবৎকাৰী সংস্থাসমূহে অভিযান চলায়।
কেলিফর্নিয়াত ১১টা, ইণ্ডিয়ানাত এটা আৰু জর্জিয়াত এটা অপৰাধীক গ্রেপ্তাৰ কৰা হয়। আনহাতে, কানাডাত ৩টা, স্পেইনত ১টা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই সংঘবদ্ধ অভিযানৰ পূৰ্বেই ৭টা অভিযুক্তক জিম্মাত লোৱা হৈছিল। আনহাতে, আমেৰিকা, ভাৰত আৰু ইউৰোপত পলাই থকা ১০টা অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে। 'হার্ড বল' অভিযানৰ অন্তৰ্গত মার্কিন নিৰাপত্তা সংস্থা, এফ বি আই আৰু অন্য দেশবোৰৰ আইন বলৱৎকাৰী সংস্থাবোৰে অভিযান চলায়। অনুসন্ধানকাৰী সংস্থাবোৰে অপৰাধী চক্ৰটোৰ ৩৭টা সদস্যক লক্ষ্য কৰি এই অভিযান চলায়। মার্কিন অনুসন্ধান সংস্থা, এফ বি আয়ে লৰেন্স বিষ্ণয়ৰ অপৰাধী চক্ৰটোৰ সৈতে জড়িত 'ম'ষ্ট ৱাণ্টেড' অপৰাধী সতিন্দৰজিৎ সিং ওৰফে গল্ভী ব্ৰাৰৰ সন্ধান দিওঁতাজনক ৫০ হাজাৰ মার্কিন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে।
উল্লেখযোগ্য যে এই দুর্ধর্ষ অপৰাধীটো আমেৰিকাৰ দক্ষিণ কেলিফর্নিয়াসহ বিভিন্ন প্রদেশ আৰু কানাডাত হিংসাত্মক ঘটনাৰ সৈতে জড়িত আছে। আনহাতে, কালি কানাডা চৰকাৰে স্পষ্ট কৰি দিয়ে যে হৰদ্বীপ সিং নিজৰৰ হত্যাৰ সৈতে ভাৰত জড়িত নহয়। উল্লেখযোগ্য যে প্রায় তিনি বছৰ পূৰ্বে দেশখনৰ তদানীন্তন প্রধানমন্ত্রী জাষ্টিন ট্রুডোৱে অভিযোগ কৰিছিল যে নিজ্জৰৰ হত্যাকাণ্ডত ভাৰতীয় এজেন্ট জড়িত আছিল।
উৎস: দৈনিক জনমভূমি