--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ পৱিত্ৰ চহৰসমূহৰ অন্যতম পুৰী। তীৰ্থযাত্ৰাৰ বাবে উৰিষ্যাৰ পুৰীলৈ বহুলোকৰ আগমন ঘটে। জগন্নাথ মন্দিৰৰ বাবে পুৰী জগত বিখ্যাত। হিন্দু ধৰ্মাৱলম্বীসকলে পুৰীক অতি পৱিত্ৰ জ্ঞান কৰি আহিছে। কিন্তু এই পুৰী কেইদিনমানৰ পৰা চৰ্চাত আছে বিশেষ এটা কাৰণত। পুৰীৰ নাম সলনি হ'ব পাৰে। এই বিষয়টোক লৈ বৰ্তমান উৰিষ্যাৰ ৰাজনৈতিক আৰু আধ্যাত্মিক মহলত চলিছে ব্যাপক চৰ্চা। ইতিমধ্যে কেইবাটাও সংগঠনে চহৰখনৰ নাম সলনি কৰিবলৈ প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে। শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়েও বিষয়টো গুৰুত্বসহকাৰে লৈছে। পুৰীৰ নাম সলনি কৰাৰ ক্ষেত্ৰত কেইবাটাও নাম চৰ্চাত আহিছে। নামকেইটা হ'ল পুৰুষোত্তম ধাম, শ্ৰী জগন্নাথ ধাম, শ্ৰীক্ষেত্ৰ ধাম, জগন্নাথ ধাম পুৰী বা জগন্নাথ পুৰী। ইয়াৰে যিকোনো এটা নাম দিয়া হ'ব পাৰে পুৰীক।

১২শ শতিকাতে প্ৰতিষ্ঠা কৰা পুৰীৰ জগন্নাথ মন্দিৰক বৈষ্ণৱী হিন্দুসকলৰ চাৰিখন ধামৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ধাম হিচাপে গণ্য কৰা হয়। উল্লেখযোগ্য যে ১৮২৮ চনৰ ২৩ অক্টোবৰত ব্ৰিটিছে উৰিষ্যা ৰাজ্যক ভিন ভিন অঞ্চলৰ নামেৰে তিনিটা ভাগত বিভক্ত কৰিছিল। নামকেইটা হৈছে- বালেশ্বৰ, কটক আৰু জগন্নাথ। এই জগন্নাথ অঞ্চলটো আহিছে জগন্নাথ মন্দিৰৰ নামেৰে। পাছলৈ ইয়াক পুৰী নামেৰে উল্লেখ কৰা হয়। এই চহৰৰ নাম সলনি কৰিবলৈ জোৰ দি থকা সংগঠনসমূহে কয় যে ''বিশ্বৰ ভিতৰতে জগন্নাথ মন্দিৰ অন্যতম শ্ৰেষ্ঠ ধাম। যদিও এই ঠাইক সকলোৱে পুৰী কয় তথাপিও ক'ৰবাত বিভ্ৰান্তি হৈ আছে। জগন্নাথ ধাম পুৰী পুৰীৰ বাবে সঠিক নাম হ'ব, সেয়েহে চহৰখনৰ এটি নতুন নাম দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনালোঁ। আমি এটা স্বাক্ষৰ অভিযান আৰম্ভ কৰিম আৰু পুৰীৰ নাম সলনি হোৱাটো আমি মনে-প্ৰাণে বিচাৰোঁ।''

আৰু পঢ়কঃ ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ উৎপল বৰপূজাৰীৰ চুটি ছবি ‘শগুন’

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও পুৰীৰ নাম সলনি কৰাৰ দাবীৰ প্ৰতি সমৰ্থন জনাইছে আনহাতে পুৰীৰ নাম সলনি কৰাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীয়ে। শংকৰাচাৰ্যই কয় যে পুৰী এটা পৱিত্ৰ নাম। পুৰী বুলিলে সমগ্ৰ বিশ্বই জগন্নাথ মন্দিৰকে বুজে। সেয়ে ইয়াৰ নাম সলনি কৰি জগন্নাথ পুৰী কৰাৰ কোনো প্ৰয়োজন নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে