--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ পৱিত্ৰ চহৰসমূহৰ অন্যতম পুৰী। তীৰ্থযাত্ৰাৰ বাবে উৰিষ্যাৰ পুৰীলৈ বহুলোকৰ আগমন ঘটে। জগন্নাথ মন্দিৰৰ বাবে পুৰী জগত বিখ্যাত। হিন্দু ধৰ্মাৱলম্বীসকলে পুৰীক অতি পৱিত্ৰ জ্ঞান কৰি আহিছে। কিন্তু এই পুৰী কেইদিনমানৰ পৰা চৰ্চাত আছে বিশেষ এটা কাৰণত। পুৰীৰ নাম সলনি হ'ব পাৰে। এই বিষয়টোক লৈ বৰ্তমান উৰিষ্যাৰ ৰাজনৈতিক আৰু আধ্যাত্মিক মহলত চলিছে ব্যাপক চৰ্চা। ইতিমধ্যে কেইবাটাও সংগঠনে চহৰখনৰ নাম সলনি কৰিবলৈ প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে। শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়েও বিষয়টো গুৰুত্বসহকাৰে লৈছে। পুৰীৰ নাম সলনি কৰাৰ ক্ষেত্ৰত কেইবাটাও নাম চৰ্চাত আহিছে। নামকেইটা হ'ল পুৰুষোত্তম ধাম, শ্ৰী জগন্নাথ ধাম, শ্ৰীক্ষেত্ৰ ধাম, জগন্নাথ ধাম পুৰী বা জগন্নাথ পুৰী। ইয়াৰে যিকোনো এটা নাম দিয়া হ'ব পাৰে পুৰীক।

১২শ শতিকাতে প্ৰতিষ্ঠা কৰা পুৰীৰ জগন্নাথ মন্দিৰক বৈষ্ণৱী হিন্দুসকলৰ চাৰিখন ধামৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ধাম হিচাপে গণ্য কৰা হয়। উল্লেখযোগ্য যে ১৮২৮ চনৰ ২৩ অক্টোবৰত ব্ৰিটিছে উৰিষ্যা ৰাজ্যক ভিন ভিন অঞ্চলৰ নামেৰে তিনিটা ভাগত বিভক্ত কৰিছিল। নামকেইটা হৈছে- বালেশ্বৰ, কটক আৰু জগন্নাথ। এই জগন্নাথ অঞ্চলটো আহিছে জগন্নাথ মন্দিৰৰ নামেৰে। পাছলৈ ইয়াক পুৰী নামেৰে উল্লেখ কৰা হয়। এই চহৰৰ নাম সলনি কৰিবলৈ জোৰ দি থকা সংগঠনসমূহে কয় যে ''বিশ্বৰ ভিতৰতে জগন্নাথ মন্দিৰ অন্যতম শ্ৰেষ্ঠ ধাম। যদিও এই ঠাইক সকলোৱে পুৰী কয় তথাপিও ক'ৰবাত বিভ্ৰান্তি হৈ আছে। জগন্নাথ ধাম পুৰী পুৰীৰ বাবে সঠিক নাম হ'ব, সেয়েহে চহৰখনৰ এটি নতুন নাম দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনালোঁ। আমি এটা স্বাক্ষৰ অভিযান আৰম্ভ কৰিম আৰু পুৰীৰ নাম সলনি হোৱাটো আমি মনে-প্ৰাণে বিচাৰোঁ।''

আৰু পঢ়কঃ ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ উৎপল বৰপূজাৰীৰ চুটি ছবি ‘শগুন’

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও পুৰীৰ নাম সলনি কৰাৰ দাবীৰ প্ৰতি সমৰ্থন জনাইছে আনহাতে পুৰীৰ নাম সলনি কৰাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীয়ে। শংকৰাচাৰ্যই কয় যে পুৰী এটা পৱিত্ৰ নাম। পুৰী বুলিলে সমগ্ৰ বিশ্বই জগন্নাথ মন্দিৰকে বুজে। সেয়ে ইয়াৰ নাম সলনি কৰি জগন্নাথ পুৰী কৰাৰ কোনো প্ৰয়োজন নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক