--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইমাহমান আগতে লিয়োনেল মেছিয়ে কৈছিল যে তেওঁ কাটাৰত তেওঁৰ ফুটবল কেৰিয়াৰৰ অন্তিম বিশ্বকাপ খেলিব। কাটাৰত বিশ্ব চেম্পিয়ন হোৱাৰ পিছতে মেছিয়ে পুনৰ কয় যে তেওঁ দেশৰ জাৰ্চীত আৰু কেইখনমান মেচ খেলিব বিচাৰে। কিন্তু তেওঁৰ কথাত সতীৰ্থসকল সন্মত নহয়।

আৰ্জেণ্টিনাৰ ফুটবলখেলুৱৈসকলে দাবী কৰিছে যে মেছিয়ে কমেও চাৰি বছৰ খেলিব লাগে। পাওলো ডিবালা, এমিলিয়ানো মাৰ্টিনেজহঁতে মেছিৰ নেতৃত্বতেই ২০২৬ চনৰ বিশ্বকাপ খেলিব বিচাৰে।

ৰোজাৰিঅ'ৰ ঘৰত মেছিয়ে তেওঁৰ বিশ্বকাপ বিজয়ী কেইজনমান সতীৰ্থৰ সৈতে ইংৰাজী নৱবৰ্ষৰ পাৰ্টি কৰিছিল। তাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ ইচ্ছাটো পাহৰি যাবলৈ মেছিক অনুৰোধ জনাইছে।

বিশ্বকাপত উজ্বলি উঠা আৰ্জেণ্টাইন তাৰকা আলেক্সি মেকএলিষ্টাৰে কয়- "২০২৬ চনৰ বিশ্বকাপত খেলিবলৈ মেছিক সৈমান কৰিবলৈ আমি তীব্ৰ চেষ্টা কৰিম। আমি মেছিক বিচাৰো। মেছিয়ে আমাৰ অধিনায়ক।''

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰসকলে বিচাৰে যে মেছিয়ে বিশ্বকাপ বিজয়ী অধিনায়ক হিচাপে আমেৰিকা আৰু মেক্সিকোত অনুষ্ঠিত হ'ব লগা পৰৱৰ্তী বিশ্বকাপতো অৱতীৰ্ণ হওক। কাটাৰৰ সফলতা সন্দৰ্ভত এলিষ্টাৰে কয়, "মেছি বিশ্বকাপ বিজয়ৰ বাবে যোগ্য আছিল। এই সফলতাৰ অংশ হ'বলৈ পাই মই অত্যন্ত গৌৰৱান্বিত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক