--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্বশী ৰৌতেলাৰ মাতৃয়ে সকলোকে ঋষভ পন্তৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিছে। উৰ্বশীৰ মাতৃ মীৰা ৰৌতেলাই তৰুণ ক্ৰিকেটাৰজন সোনকালে আৰোগ্য হোৱাটো বিচাৰে।


উল্লেখ্য যে বছৰটোৰ শেষত দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ ঘৰলৈ উভতি অহাৰ সময়ত ক্ৰিকেটাৰ ঋষভ পন্ত এখন গাড়ী দুৰ্ঘটনাত পতিত হৈছিল। তেওঁৰ গাড়ীখনে ডিভাইডাৰক খুন্দা মাৰিছিল। ঘটনাটো দিল্লী-ডেৰাডুন ঘাইপথৰ ৰুৰকীৰ ওচৰত সংঘটিত হৈছিল। তাৰ পিছতে গাড়ীখনত জুই লাগিল।

দুৰ্ঘটনাটোত ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকিপাৰজনৰ মূৰত আঘাত লাগিছে। কেৱল সেয়াই নহয়, পিঠিতো একাধিক আঘাতৰ চিহ্ন আছে। বৰ্তমান পণ্ট চিকিৎসাধীন থকাৰ সময়তে উৰ্বশীৰ মাতৃয়ে মঙলবাৰে লিখে- "তুমি সোনকালেই সুস্থ হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহা। ই উত্তৰাখণ্ডৰ নাম উজ্জ্বল কৰিব। সকলোৱে একেলগে ঋষভৰ বাবে প্ৰাৰ্থনা কৰোঁ আহক। "


 মীৰাই ঋষভৰ আশোআৰোগ্যৰ বাবে পোষ্ট কৰাৰ লগে লগে কিছু অনুৰাগীয়ে সেই পোষ্টটোত উৰ্বশীকো টেগ কৰে। তেওঁলোকে উৰ্বশীক দাবী কৰিছে- "এইবাৰ আপুনি কিবা কওক!"

উল্লেখ্য যে যোৱা কেইমাহমান ধৰি অভিনেত্ৰী আৰু ক্ৰিকেটাৰগৰাকীৰ মাজত হোৱা কাণ্ডই তীব্ৰ চৰ্চা লাভ কৰি আহিছে৷ তাৰ মাজতে ঋষভ পণ্টৰ আৰোগ্যৰ বাবে উৰ্বশীৰ মাতৃয়ে আৱেগিক প’ষ্ট দিয়াৰ লগে লগে বিষয়টো লক্ষ্যণীয় হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক