--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্বশী ৰৌতেলাৰ মাতৃয়ে সকলোকে ঋষভ পন্তৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিছে। উৰ্বশীৰ মাতৃ মীৰা ৰৌতেলাই তৰুণ ক্ৰিকেটাৰজন সোনকালে আৰোগ্য হোৱাটো বিচাৰে।


উল্লেখ্য যে বছৰটোৰ শেষত দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ ঘৰলৈ উভতি অহাৰ সময়ত ক্ৰিকেটাৰ ঋষভ পন্ত এখন গাড়ী দুৰ্ঘটনাত পতিত হৈছিল। তেওঁৰ গাড়ীখনে ডিভাইডাৰক খুন্দা মাৰিছিল। ঘটনাটো দিল্লী-ডেৰাডুন ঘাইপথৰ ৰুৰকীৰ ওচৰত সংঘটিত হৈছিল। তাৰ পিছতে গাড়ীখনত জুই লাগিল।

দুৰ্ঘটনাটোত ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকিপাৰজনৰ মূৰত আঘাত লাগিছে। কেৱল সেয়াই নহয়, পিঠিতো একাধিক আঘাতৰ চিহ্ন আছে। বৰ্তমান পণ্ট চিকিৎসাধীন থকাৰ সময়তে উৰ্বশীৰ মাতৃয়ে মঙলবাৰে লিখে- "তুমি সোনকালেই সুস্থ হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহা। ই উত্তৰাখণ্ডৰ নাম উজ্জ্বল কৰিব। সকলোৱে একেলগে ঋষভৰ বাবে প্ৰাৰ্থনা কৰোঁ আহক। "


 মীৰাই ঋষভৰ আশোআৰোগ্যৰ বাবে পোষ্ট কৰাৰ লগে লগে কিছু অনুৰাগীয়ে সেই পোষ্টটোত উৰ্বশীকো টেগ কৰে। তেওঁলোকে উৰ্বশীক দাবী কৰিছে- "এইবাৰ আপুনি কিবা কওক!"

উল্লেখ্য যে যোৱা কেইমাহমান ধৰি অভিনেত্ৰী আৰু ক্ৰিকেটাৰগৰাকীৰ মাজত হোৱা কাণ্ডই তীব্ৰ চৰ্চা লাভ কৰি আহিছে৷ তাৰ মাজতে ঋষভ পণ্টৰ আৰোগ্যৰ বাবে উৰ্বশীৰ মাতৃয়ে আৱেগিক প’ষ্ট দিয়াৰ লগে লগে বিষয়টো লক্ষ্যণীয় হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু