--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত আজি সন্ধিয়াও সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।  এনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহে ২৪ জুনৰ আবেলি ৩ বজাত মণিপুৰৰ পৰিস্থিতিকলৈ নতুন দিল্লীত এখন  সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। 

গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে হিংসাপীড়িত মণিপুৰৰ পৰিস্থিতি ৰ বিষয়ে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে ।উল্লেখ্য শ্বাহে যোৱা মাহত মণিপুৰ  ভ্ৰমণ কৰিছিল আৰু শান্তি সমিতি আদিও গঠন কৰি দিছিল। কিন্তু ইমানৰ পিছতো শান্ত হোৱা নাই মণিপুৰ। এতিয়ালৈকে ৰাজ্য খনত সংঘটিত গোষ্ঠী সংঘৰ্ষত  ১১৫ জন লোক  নিহত হোৱাৰ লগতে  কমেও ৪০,০০০ লোকক গৃহহাৰা হৈ পৰিছে।

বিভিন্ন পৰ্যায়ত মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কেইবাবাৰো বৈঠক অনুষ্ঠিত কৰা হৈছে যদিও হিংসা শাম কটা নাই। মণিপুৰত অস্থিৰতা সৃষ্টি হোৱাৰ পিছত ৰাজ্যজুৰি কাৰফিউ জাৰি কৰা হৈছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই ৰাজ্যখনলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল।

 যদিও অস্থায়ীভাৱে হ্ৰাস পাইছে, মণিপুৰত পুনৰ হিংসা বিয়পি পৰাৰ আশংকা সমূলি দূৰ হোৱা নাই।  বিৰোধীয়েও মণিপুৰত হিংসা বন্ধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে