--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত আজি সন্ধিয়াও সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।  এনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহে ২৪ জুনৰ আবেলি ৩ বজাত মণিপুৰৰ পৰিস্থিতিকলৈ নতুন দিল্লীত এখন  সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। 

গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে হিংসাপীড়িত মণিপুৰৰ পৰিস্থিতি ৰ বিষয়ে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে ।উল্লেখ্য শ্বাহে যোৱা মাহত মণিপুৰ  ভ্ৰমণ কৰিছিল আৰু শান্তি সমিতি আদিও গঠন কৰি দিছিল। কিন্তু ইমানৰ পিছতো শান্ত হোৱা নাই মণিপুৰ। এতিয়ালৈকে ৰাজ্য খনত সংঘটিত গোষ্ঠী সংঘৰ্ষত  ১১৫ জন লোক  নিহত হোৱাৰ লগতে  কমেও ৪০,০০০ লোকক গৃহহাৰা হৈ পৰিছে।

বিভিন্ন পৰ্যায়ত মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কেইবাবাৰো বৈঠক অনুষ্ঠিত কৰা হৈছে যদিও হিংসা শাম কটা নাই। মণিপুৰত অস্থিৰতা সৃষ্টি হোৱাৰ পিছত ৰাজ্যজুৰি কাৰফিউ জাৰি কৰা হৈছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই ৰাজ্যখনলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল।

 যদিও অস্থায়ীভাৱে হ্ৰাস পাইছে, মণিপুৰত পুনৰ হিংসা বিয়পি পৰাৰ আশংকা সমূলি দূৰ হোৱা নাই।  বিৰোধীয়েও মণিপুৰত হিংসা বন্ধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ