--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাটনাত অনুষ্ঠিত বিৰোধীৰ মহাসন্মিলনৰ পাছত প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে৷ দিল্লী চৰকাৰখনৰ প্ৰশাসনিক কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অধ্যাদেশখনে দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি ল'ব বিচৰা নাই, ই ভাৰতীয় গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যলৈও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। 

এই অভিযোগ আম আদমী পাৰ্টী৷ এক প্ৰেছ বিবৃতিত আপে কয়,  ইয়াক প্ৰতিৰোধ নকৰিলে এই ভয়াৱহ প্ৰৱণতাই আন সকলো ৰাজ্যকে দহি নিব পাৰে। ফলত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰসমূহৰ ক্ষমতা অন্যায়ভাৱে কুক্ষিগত কৰিব পাৰে। এই ক'লা অধ্যাদেশক পৰাভূত কৰাটো অত্যন্ত জৰুৰী।

পাটনাত মুঠ ১৫টা সমভাবাপন্ন দল মিলিত হৈছে আৰু ইয়াৰে ১২টা দলৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব আছে। ৰাজ্যসভাত প্ৰতিনিধিত্ব থকা এই দলসমূহৰ কংগ্ৰেছৰ বাহিৰে আন ১১টা দলেই এই ক’লা অধ্যাদেশৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে আৰু ইয়াক তেওঁলোকে ৰাজ্যসভাত বিৰোধিতা কৰিব বুলি ঘোষণা কৰিছে।

ৰাষ্ট্ৰীয় দল হিচাপে প্ৰায় সকলো ইচ্ছ্যুতে নিজৰ স্থিতি গ্ৰহণ কৰা কংগ্ৰেছে এই ক’লা অধ্যাদেশখনৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই। অৱশ্যে কংগ্ৰেছৰ দিল্লী আৰু পঞ্জাব শাখাই ঘোষণা কৰিছে যে এই সন্দৰ্ভত তেওঁলোকৰ দলে মোদী চৰকাৰক সমৰ্থন দিব লাগে।

আপৰ অভিযোগ- আজি সমভাবাপন্ন দলৰ সভাতো এই ক’লা অধ্যাদেশখনক সমালোচনা কৰিব লাগে বুলি কংগ্ৰেছক কেবাটাও দলে আহ্বান জনাইছিল। অৱশ্যে কংগ্ৰেছে এই কাম কৰিবলৈ অসন্মত হ'ল৷ বিবৃতিত দলটোৱে কয়, কংগ্ৰেছৰ মৌনতাই দলটোৰ প্ৰকৃত উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি কৰিছে। ব্যক্তিগত পৰ্যায়ত হোৱা আলোচনাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ইংগিত দিছে যে তেওঁলোকৰ দলে ৰাজ্যসভাত আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে ইয়াৰ ভোটদানৰ পৰা বিৰত থাকিব। এই বিষয়ত কংগ্ৰেছে ভোটদানৰ পৰা বিৰত থাকিলে বিজেপিয়ে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অপৰিসীম সহায় কৰিব।

ক’লা অধ্যাদেশ সাংবিধানিক বিৰোধী, যুক্তৰাষ্ট্ৰবাদ বিৰোধী আৰু সম্পূৰ্ণ অগণতান্ত্ৰিক। তদুপৰি এই বিষয়টোত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বিপৰীতে গৈ সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা  কৰিছে। বিশেষকৈ এইটোৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কংগ্ৰেছৰ দ্বিধাবোধ আৰু বিৰোধীৰে সৈতে একেলগে কাম কৰিবলৈ অস্বীকাৰ কৰা কংগ্ৰেছক লৈ কৰা যিকোনো মিত্ৰতাৰ অংশ হ’বলৈ আপৰ বাবে অতি কঠিন হৈ পৰিছে। কংগ্ৰেছে এই ক’লা অধ্যাদেশক ৰাজহুৱাভাৱে ধিক্কাৰ নিদিয়ালৈকে আৰু দলটোৰ ৩১জন ৰাজ্যসভাৰ সাংসদে এই অধ্যাদেশ ৰাজ্যসভাত বিৰোধিতা কৰিব বুলি ঘোষণা নকৰালৈকে কংগ্ৰেছ অংশীদাৰ হিচাপে থকা সমভাবাপন্ন দলৰ ভৱিষ্যতৰ যিকোনো বৈঠকত উপস্থিত থকাটো আপৰ বাবে কঠিন হ’ব।

কংগ্ৰেছে দিল্লীৰ জনসাধাৰণৰ সৈতে থিয় দিব নে মোদী চৰকাৰৰ সৈতে থিয় দিব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে বুলি দলটোৱে মতপোষণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে