--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাটনাত অনুষ্ঠিত বিৰোধীৰ মহাসন্মিলনৰ পাছত প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে৷ দিল্লী চৰকাৰখনৰ প্ৰশাসনিক কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অধ্যাদেশখনে দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি ল'ব বিচৰা নাই, ই ভাৰতীয় গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যলৈও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। 

এই অভিযোগ আম আদমী পাৰ্টী৷ এক প্ৰেছ বিবৃতিত আপে কয়,  ইয়াক প্ৰতিৰোধ নকৰিলে এই ভয়াৱহ প্ৰৱণতাই আন সকলো ৰাজ্যকে দহি নিব পাৰে। ফলত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰসমূহৰ ক্ষমতা অন্যায়ভাৱে কুক্ষিগত কৰিব পাৰে। এই ক'লা অধ্যাদেশক পৰাভূত কৰাটো অত্যন্ত জৰুৰী।

পাটনাত মুঠ ১৫টা সমভাবাপন্ন দল মিলিত হৈছে আৰু ইয়াৰে ১২টা দলৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব আছে। ৰাজ্যসভাত প্ৰতিনিধিত্ব থকা এই দলসমূহৰ কংগ্ৰেছৰ বাহিৰে আন ১১টা দলেই এই ক’লা অধ্যাদেশৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে আৰু ইয়াক তেওঁলোকে ৰাজ্যসভাত বিৰোধিতা কৰিব বুলি ঘোষণা কৰিছে।

ৰাষ্ট্ৰীয় দল হিচাপে প্ৰায় সকলো ইচ্ছ্যুতে নিজৰ স্থিতি গ্ৰহণ কৰা কংগ্ৰেছে এই ক’লা অধ্যাদেশখনৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই। অৱশ্যে কংগ্ৰেছৰ দিল্লী আৰু পঞ্জাব শাখাই ঘোষণা কৰিছে যে এই সন্দৰ্ভত তেওঁলোকৰ দলে মোদী চৰকাৰক সমৰ্থন দিব লাগে।

আপৰ অভিযোগ- আজি সমভাবাপন্ন দলৰ সভাতো এই ক’লা অধ্যাদেশখনক সমালোচনা কৰিব লাগে বুলি কংগ্ৰেছক কেবাটাও দলে আহ্বান জনাইছিল। অৱশ্যে কংগ্ৰেছে এই কাম কৰিবলৈ অসন্মত হ'ল৷ বিবৃতিত দলটোৱে কয়, কংগ্ৰেছৰ মৌনতাই দলটোৰ প্ৰকৃত উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি কৰিছে। ব্যক্তিগত পৰ্যায়ত হোৱা আলোচনাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ইংগিত দিছে যে তেওঁলোকৰ দলে ৰাজ্যসভাত আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে ইয়াৰ ভোটদানৰ পৰা বিৰত থাকিব। এই বিষয়ত কংগ্ৰেছে ভোটদানৰ পৰা বিৰত থাকিলে বিজেপিয়ে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অপৰিসীম সহায় কৰিব।

ক’লা অধ্যাদেশ সাংবিধানিক বিৰোধী, যুক্তৰাষ্ট্ৰবাদ বিৰোধী আৰু সম্পূৰ্ণ অগণতান্ত্ৰিক। তদুপৰি এই বিষয়টোত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বিপৰীতে গৈ সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা  কৰিছে। বিশেষকৈ এইটোৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কংগ্ৰেছৰ দ্বিধাবোধ আৰু বিৰোধীৰে সৈতে একেলগে কাম কৰিবলৈ অস্বীকাৰ কৰা কংগ্ৰেছক লৈ কৰা যিকোনো মিত্ৰতাৰ অংশ হ’বলৈ আপৰ বাবে অতি কঠিন হৈ পৰিছে। কংগ্ৰেছে এই ক’লা অধ্যাদেশক ৰাজহুৱাভাৱে ধিক্কাৰ নিদিয়ালৈকে আৰু দলটোৰ ৩১জন ৰাজ্যসভাৰ সাংসদে এই অধ্যাদেশ ৰাজ্যসভাত বিৰোধিতা কৰিব বুলি ঘোষণা নকৰালৈকে কংগ্ৰেছ অংশীদাৰ হিচাপে থকা সমভাবাপন্ন দলৰ ভৱিষ্যতৰ যিকোনো বৈঠকত উপস্থিত থকাটো আপৰ বাবে কঠিন হ’ব।

কংগ্ৰেছে দিল্লীৰ জনসাধাৰণৰ সৈতে থিয় দিব নে মোদী চৰকাৰৰ সৈতে থিয় দিব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে বুলি দলটোৱে মতপোষণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু