--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ বহু পূৰ্বৰ পৰা এখন অসমীয়া ছবিক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ছবিখনৰ মুক্তিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল ছবিপ্ৰেমীসকল। অৱশেষত বহু প্ৰত্যাশিত দিনটো আহিল। আজি অৰ্থাৎ ৩ ফেব্ৰুৱাৰীত মুক্তি লভিলে ডক্তৰ বেজবৰুৱা ২য়ে। কালি ছবিখনৰ প্ৰিমিয়াৰ হৈ যায়। ইতিমধ্যেই ছবিখনৰ ট্ৰেইলাৰ আৰু সংগীতে জনসাধৰণৰ হৃদয় চুইছে। 

ব্ৰজেন বৰুৱা পৰিচালিত, ১৯৬৯ চনত মুক্তি লাভ কৰা ডক্তৰ বেজবৰুৱাই অসমৰ চলচ্চিত্ৰ জগতক নতুন প্ৰাণ দিছিল। উল্লেখ্য যে ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেয়ে চিনেমাপ্ৰেমী ৰাইজে বহু আশাৰে বাট চাই আছিল ডক্তৰ বেজবৰুৱা-২ লৈ। আজি অপেক্ষাৰ অন্ত পৰিল। চিনেমাখনক লৈ জোৰদাৰ প্ৰচাৰো চলোৱা হৈছে, যিটো এখন ছবিৰ বাবে অতি ইতিবাচক দিশ। 

ডক্তৰ বেজবৰুৱা ২ পৰিচালনা অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ-বোৱাৰী সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। আদিল হুছেইনে ৰূপায়ন কৰিছে এক শক্তিশালী চৰিত্ৰ।

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। এ এম টেলিভিছনৰ বেনাৰত ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰিছে এই ছবিখন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ডক্তৰ বেজবৰুৱা-২ উপভোগ কৰিবৰ বাবে সকলোকে আহ্বান জনায়৷ ছাচপেঞ্চ থ্ৰিলাৰ হিচাপে 'ডক্টৰ বেজবৰুৱা ২'য়ে অসমীয়া চলচ্চিত্ৰ জগতক এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে অসমৰ ১৪২ খন পৰ্দা আৰু ভাৰতৰ অন্যান্য চহৰৰ ৮ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হব প্ৰদৰ্শিত হ'ব ডক্তৰ বেজবৰুৱা-২।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক