--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ বহু পূৰ্বৰ পৰা এখন অসমীয়া ছবিক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ছবিখনৰ মুক্তিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল ছবিপ্ৰেমীসকল। অৱশেষত বহু প্ৰত্যাশিত দিনটো আহিল। আজি অৰ্থাৎ ৩ ফেব্ৰুৱাৰীত মুক্তি লভিলে ডক্তৰ বেজবৰুৱা ২য়ে। কালি ছবিখনৰ প্ৰিমিয়াৰ হৈ যায়। ইতিমধ্যেই ছবিখনৰ ট্ৰেইলাৰ আৰু সংগীতে জনসাধৰণৰ হৃদয় চুইছে। 

ব্ৰজেন বৰুৱা পৰিচালিত, ১৯৬৯ চনত মুক্তি লাভ কৰা ডক্তৰ বেজবৰুৱাই অসমৰ চলচ্চিত্ৰ জগতক নতুন প্ৰাণ দিছিল। উল্লেখ্য যে ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেয়ে চিনেমাপ্ৰেমী ৰাইজে বহু আশাৰে বাট চাই আছিল ডক্তৰ বেজবৰুৱা-২ লৈ। আজি অপেক্ষাৰ অন্ত পৰিল। চিনেমাখনক লৈ জোৰদাৰ প্ৰচাৰো চলোৱা হৈছে, যিটো এখন ছবিৰ বাবে অতি ইতিবাচক দিশ। 

ডক্তৰ বেজবৰুৱা ২ পৰিচালনা অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ-বোৱাৰী সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। আদিল হুছেইনে ৰূপায়ন কৰিছে এক শক্তিশালী চৰিত্ৰ।

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। এ এম টেলিভিছনৰ বেনাৰত ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰিছে এই ছবিখন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ডক্তৰ বেজবৰুৱা-২ উপভোগ কৰিবৰ বাবে সকলোকে আহ্বান জনায়৷ ছাচপেঞ্চ থ্ৰিলাৰ হিচাপে 'ডক্টৰ বেজবৰুৱা ২'য়ে অসমীয়া চলচ্চিত্ৰ জগতক এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে অসমৰ ১৪২ খন পৰ্দা আৰু ভাৰতৰ অন্যান্য চহৰৰ ৮ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হব প্ৰদৰ্শিত হ'ব ডক্তৰ বেজবৰুৱা-২।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু