--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এই বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰত আন এক ব্ৰহ্মাণ্ড আছে নেকি? তাত জীৱ আছে নেকি?এনে প্ৰশ্ন প্ৰায় সকলোৰে মনলৈ আহে৷ কিন্তু আজিলৈকে বিজ্ঞানীসকলে এই সন্দৰ্ভত সঠিক উত্তৰ দিব পৰা নাই৷এনে সময়তে আৱিষ্কাৰ হ’ল পৃথিৱী সদৃশ এক নীলা গ্ৰহ৷  মহাকাশ বিজ্ঞানীসকলে এই গ্ৰহটোৰ নাম ৰাখিছে  টি অ আই-১৪৫২বি  বা 'চুপাৰ আৰ্থ' ৷ 

এক বিবৃতিত নাছাৰ বিজ্ঞানীসকলে কয় যে,  সৌৰজগতৰ কেইবাটাও উপগ্ৰহৰ সৈতে 'চুপাৰ আৰ্থ'ৰ কিছু সাদৃশ্য পোৱা গৈছে। বিজ্ঞানীসকলৰ মতে   এই নতুন গ্ৰহটো আকাৰত পৃথিৱীতকৈ ডাঙৰ। ই পৃথিৱীৰ আকাৰতকৈ প্ৰায় ৭০ শতাংশ অধিক। চুপাৰ-আৰ্থৰ ভিতৰত পৃথিৱীতকৈ গভীৰ সাগৰ আছে৷ কিন্তু এই গ্ৰহটোৰ কক্ষপথ  বিশেষভাৱে আশ্চৰ্যজনক৷  কিয়নো এটা নহয়, একে সময়তে দুটা তৰাৰ চাৰিওফালে ঘূৰি থাকে টিঅআই-1452বি।

চুপাৰ-আৰ্থ পৃথিৱীৰ পৰা ১০০ আলোকবৰ্ষ দূৰত অৱস্থিত৷ এই গ্ৰহত  পানী আছে। সমগ্ৰ পৃথিৱীত থকা পানীৰ পৰিমাণ 'চুপাৰ আৰ্থ'ৰ ভৰৰ মাত্ৰ এক শতাংশৰ সমান।এই পৃথিৱীসদৃশ গ্ৰহটোৰ  আন বহুতো আচৰিত বৈশিষ্ট্য  আছে৷ 'চুপাৰ আৰ্থ'ত মাত্ৰ ১১দিনত এবছৰ হয়। 

বিজ্ঞানীসকলৰ মতে  ১০০  আলোকবৰ্ষ দূৰত থকা এই গ্ৰহটোৰ বিৱৰণ জানিবলৈ অধিক পৰ্যৱেক্ষণৰ প্ৰয়োজন। একে সময়তে, বিজ্ঞানীসকলে বিশ্বাস কৰে যে পানী থাকিলেও 'চুপাৰ আৰ্থ'ত জীৱন থকাটো সম্ভৱ নহয়। কিয়নো শিলৰে  আৱৰি থকা এই গ্ৰহটোত সামান্য পৰিমাণৰ হাইড্ৰ’জেন আৰু হিলিয়াম আছে যদিও  অনুমান কৰা হৈছে যে অক্সিজেন নাই। বৰ্তমান বিজ্ঞানীসকলে জেমছ ৱেব স্পেচ টেলিস্কোপৰ কোঠাত এই গ্ৰহটো ভালদৰে পৰ্যবেক্ষণ কৰিব। তাৰ পিছত, এই গ্ৰহটোৰ বিষয়ে বিতং ব্যাখ্যা দিয়া সম্ভৱ হ'ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু