--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এই বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰত আন এক ব্ৰহ্মাণ্ড আছে নেকি? তাত জীৱ আছে নেকি?এনে প্ৰশ্ন প্ৰায় সকলোৰে মনলৈ আহে৷ কিন্তু আজিলৈকে বিজ্ঞানীসকলে এই সন্দৰ্ভত সঠিক উত্তৰ দিব পৰা নাই৷এনে সময়তে আৱিষ্কাৰ হ’ল পৃথিৱী সদৃশ এক নীলা গ্ৰহ৷  মহাকাশ বিজ্ঞানীসকলে এই গ্ৰহটোৰ নাম ৰাখিছে  টি অ আই-১৪৫২বি  বা 'চুপাৰ আৰ্থ' ৷ 

এক বিবৃতিত নাছাৰ বিজ্ঞানীসকলে কয় যে,  সৌৰজগতৰ কেইবাটাও উপগ্ৰহৰ সৈতে 'চুপাৰ আৰ্থ'ৰ কিছু সাদৃশ্য পোৱা গৈছে। বিজ্ঞানীসকলৰ মতে   এই নতুন গ্ৰহটো আকাৰত পৃথিৱীতকৈ ডাঙৰ। ই পৃথিৱীৰ আকাৰতকৈ প্ৰায় ৭০ শতাংশ অধিক। চুপাৰ-আৰ্থৰ ভিতৰত পৃথিৱীতকৈ গভীৰ সাগৰ আছে৷ কিন্তু এই গ্ৰহটোৰ কক্ষপথ  বিশেষভাৱে আশ্চৰ্যজনক৷  কিয়নো এটা নহয়, একে সময়তে দুটা তৰাৰ চাৰিওফালে ঘূৰি থাকে টিঅআই-1452বি।

চুপাৰ-আৰ্থ পৃথিৱীৰ পৰা ১০০ আলোকবৰ্ষ দূৰত অৱস্থিত৷ এই গ্ৰহত  পানী আছে। সমগ্ৰ পৃথিৱীত থকা পানীৰ পৰিমাণ 'চুপাৰ আৰ্থ'ৰ ভৰৰ মাত্ৰ এক শতাংশৰ সমান।এই পৃথিৱীসদৃশ গ্ৰহটোৰ  আন বহুতো আচৰিত বৈশিষ্ট্য  আছে৷ 'চুপাৰ আৰ্থ'ত মাত্ৰ ১১দিনত এবছৰ হয়। 

বিজ্ঞানীসকলৰ মতে  ১০০  আলোকবৰ্ষ দূৰত থকা এই গ্ৰহটোৰ বিৱৰণ জানিবলৈ অধিক পৰ্যৱেক্ষণৰ প্ৰয়োজন। একে সময়তে, বিজ্ঞানীসকলে বিশ্বাস কৰে যে পানী থাকিলেও 'চুপাৰ আৰ্থ'ত জীৱন থকাটো সম্ভৱ নহয়। কিয়নো শিলৰে  আৱৰি থকা এই গ্ৰহটোত সামান্য পৰিমাণৰ হাইড্ৰ’জেন আৰু হিলিয়াম আছে যদিও  অনুমান কৰা হৈছে যে অক্সিজেন নাই। বৰ্তমান বিজ্ঞানীসকলে জেমছ ৱেব স্পেচ টেলিস্কোপৰ কোঠাত এই গ্ৰহটো ভালদৰে পৰ্যবেক্ষণ কৰিব। তাৰ পিছত, এই গ্ৰহটোৰ বিষয়ে বিতং ব্যাখ্যা দিয়া সম্ভৱ হ'ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ