--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত  শংকৰ মিশ্ৰক অৱশেষত বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। শংকৰৰ গ্ৰেপ্তাৰৰ খবৰ দিল্লী আৰক্ষীৰ বিষয়াসকলে আজি প্ৰকাশ কৰিছে। অভিযুক্ত যাত্ৰী শংকৰ মিশ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বহুজাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ভাৰতৰ ভাইচ প্ৰচিডেণ্ট   আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে তেওঁক কালি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। 

যোৱা বছৰৰ ২৬ নৱেম্বৰত শংকৰে এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-দিল্লী বিমানৰ ব্যৱসায়িক শ্ৰেণীত সুৰাসক্ত অৱস্থাত   এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। মহিলা যাত্ৰীগৰাকীৰ বয়স ৭০ বছৰ।
দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে  সংশ্লিষ্ট কৰ্তৃপক্ষক শংকৰৰ বিৰুদ্ধে লুক-আউট চাৰ্কুলাৰ জাৰি কৰিবলৈ আহ্বান জনাইছিল। এয়াৰ ইণ্ডিয়াৰ ওচৰত মহিলাগৰাকীয়ে দাখিল কৰা  অভিযোগৰ ভিত্তিত শংকৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ২৯৪, ৫০৯, ৫১০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। যদি তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা বুলি প্ৰমাণ হয় তেন্তে শংকৰে তিনি বছৰলৈকে কাৰাগাৰত থাকিবলগীয়া হ’ব পাৰে৷  

মহিলাগৰাকীয়ে সিদিনা  কেবিন ক্ৰুক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্তু অভিযুক্ত যাত্ৰীগৰাকীৰ  বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। আনকি বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতো অভিযুক্তজনে অনায়াসে  তেওঁৰ ঘৰলৈ যাব পাৰিছিল৷ ইয়াৰ পিছতে  ৰাষ্ট্ৰীয় মহিলা আয়োগে ঘটনাটোকলৈ  সক্ৰিয় হৈ পৰে। আৰক্ষীৰ ওচৰত  এজাহাৰো দাখিল কৰা হয়৷ অৱশেষত মিশ্ৰক গ্ৰেপ্তাৰ কৰা হয়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক