--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত  শংকৰ মিশ্ৰক অৱশেষত বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। শংকৰৰ গ্ৰেপ্তাৰৰ খবৰ দিল্লী আৰক্ষীৰ বিষয়াসকলে আজি প্ৰকাশ কৰিছে। অভিযুক্ত যাত্ৰী শংকৰ মিশ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বহুজাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ভাৰতৰ ভাইচ প্ৰচিডেণ্ট   আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে তেওঁক কালি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। 

যোৱা বছৰৰ ২৬ নৱেম্বৰত শংকৰে এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-দিল্লী বিমানৰ ব্যৱসায়িক শ্ৰেণীত সুৰাসক্ত অৱস্থাত   এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। মহিলা যাত্ৰীগৰাকীৰ বয়স ৭০ বছৰ।
দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে  সংশ্লিষ্ট কৰ্তৃপক্ষক শংকৰৰ বিৰুদ্ধে লুক-আউট চাৰ্কুলাৰ জাৰি কৰিবলৈ আহ্বান জনাইছিল। এয়াৰ ইণ্ডিয়াৰ ওচৰত মহিলাগৰাকীয়ে দাখিল কৰা  অভিযোগৰ ভিত্তিত শংকৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ২৯৪, ৫০৯, ৫১০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। যদি তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা বুলি প্ৰমাণ হয় তেন্তে শংকৰে তিনি বছৰলৈকে কাৰাগাৰত থাকিবলগীয়া হ’ব পাৰে৷  

মহিলাগৰাকীয়ে সিদিনা  কেবিন ক্ৰুক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্তু অভিযুক্ত যাত্ৰীগৰাকীৰ  বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। আনকি বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতো অভিযুক্তজনে অনায়াসে  তেওঁৰ ঘৰলৈ যাব পাৰিছিল৷ ইয়াৰ পিছতে  ৰাষ্ট্ৰীয় মহিলা আয়োগে ঘটনাটোকলৈ  সক্ৰিয় হৈ পৰে। আৰক্ষীৰ ওচৰত  এজাহাৰো দাখিল কৰা হয়৷ অৱশেষত মিশ্ৰক গ্ৰেপ্তাৰ কৰা হয়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু