--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ গাত  প্ৰস্ৰাৱ কৰাৰ পিছৰে পৰা পলাতক হৈ আছে শংকৰ মিশ্ৰ নামৰ লোকজন৷  অভিযুক্ত শংকৰ মিশ্ৰাই বাংগালুৰুত আত্মগোপন কৰি আছে নেকি? দিল্লী আৰক্ষীয়ে তেওঁৰ অন্তিম অৱস্থান পৰীক্ষা কৰি  তেওঁ বাংগালুৰুত থকা বুলি নিশ্চিত হৈছে৷ আৰক্ষীয়ে শংকৰক ধৰিবলৈ  ইতিমধ্যে দুটা দল গঠন কৰিছে  আৰু এটা দল মুম্বাইলৈ তথা  আনটো বাংগালুৰুলৈ প্ৰেৰণ কৰিছে।

 কিন্তু শংকৰৰ অৱস্থানৰ বিষয়ে আৰক্ষীয়ে এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷  দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি শংকৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে তেওঁৰ ভগ্নীক লগ কৰিবলৈ বাংগালুৰুলৈ গৈছিল। খবৰটো  পোৱাৰ পিছতে  দিল্লী আৰক্ষীয়ে তালৈ এটা দল প্ৰেৰণ কৰে। শঙ্কৰৰ ভনীয়েকক আৰক্ষীয়ে জেৰা কৰি আছে।  দিল্লী আৰক্ষীয়ে ইতিমধ্যে শংকৰৰ বিৰুদ্ধে লুক-আউট জাননী জাৰি কৰিছে যাতে তেওঁ দেশৰ পৰা পলায়ন কৰিব নোৱাৰে।

শংকৰৰ  দেউতাককো মুম্বাইত আৰক্ষীয়ে সোধা-পোছা কৰি আছে। উল্লেখ্য ২৮ ডিচেম্বৰত এয়াৰ ইণ্ডিয়াই শংকৰৰ বিৰুদ্ধে দিল্লীৰ পালম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। শংকৰ তেতিয়াৰে পৰা পলাতক হৈ আছে।  উত্তৰ প্ৰদেশৰ বাসিন্দা শংকৰ। আৰক্ষীয়ে সন্দেহ কৰিছিল যে অভিযুক্তজন উত্তৰ প্ৰদেশলৈ পলাই যাবও পাৰে। ইয়াৰ মাজতে আৰক্ষীয়ে জানিব পাৰিছে যে শংকৰ বাংগালুৰুত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক