--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ গাত  প্ৰস্ৰাৱ কৰাৰ পিছৰে পৰা পলাতক হৈ আছে শংকৰ মিশ্ৰ নামৰ লোকজন৷  অভিযুক্ত শংকৰ মিশ্ৰাই বাংগালুৰুত আত্মগোপন কৰি আছে নেকি? দিল্লী আৰক্ষীয়ে তেওঁৰ অন্তিম অৱস্থান পৰীক্ষা কৰি  তেওঁ বাংগালুৰুত থকা বুলি নিশ্চিত হৈছে৷ আৰক্ষীয়ে শংকৰক ধৰিবলৈ  ইতিমধ্যে দুটা দল গঠন কৰিছে  আৰু এটা দল মুম্বাইলৈ তথা  আনটো বাংগালুৰুলৈ প্ৰেৰণ কৰিছে।

 কিন্তু শংকৰৰ অৱস্থানৰ বিষয়ে আৰক্ষীয়ে এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷  দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি শংকৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে তেওঁৰ ভগ্নীক লগ কৰিবলৈ বাংগালুৰুলৈ গৈছিল। খবৰটো  পোৱাৰ পিছতে  দিল্লী আৰক্ষীয়ে তালৈ এটা দল প্ৰেৰণ কৰে। শঙ্কৰৰ ভনীয়েকক আৰক্ষীয়ে জেৰা কৰি আছে।  দিল্লী আৰক্ষীয়ে ইতিমধ্যে শংকৰৰ বিৰুদ্ধে লুক-আউট জাননী জাৰি কৰিছে যাতে তেওঁ দেশৰ পৰা পলায়ন কৰিব নোৱাৰে।

শংকৰৰ  দেউতাককো মুম্বাইত আৰক্ষীয়ে সোধা-পোছা কৰি আছে। উল্লেখ্য ২৮ ডিচেম্বৰত এয়াৰ ইণ্ডিয়াই শংকৰৰ বিৰুদ্ধে দিল্লীৰ পালম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। শংকৰ তেতিয়াৰে পৰা পলাতক হৈ আছে।  উত্তৰ প্ৰদেশৰ বাসিন্দা শংকৰ। আৰক্ষীয়ে সন্দেহ কৰিছিল যে অভিযুক্তজন উত্তৰ প্ৰদেশলৈ পলাই যাবও পাৰে। ইয়াৰ মাজতে আৰক্ষীয়ে জানিব পাৰিছে যে শংকৰ বাংগালুৰুত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু