--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে দাড়ি কেতিয়া কাটিব? এয়া বহুতৰে ফ্ৰশ্ন আছিল। অৱশেষত ৰাহুলে দাড়ি কাটিলে। কেঁচা-বগা ডাঠ দাড়িৰে ভৰি থকা ৰাহুল গান্ধীৰ মুখ খন এতিয়া পুনৰ আগৰ দৰেই হৈ পৰিল।  ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ৰে পৰাই দাড়ি ৰাখিছিল।  কিন্তু সেই কাৰ্যসূচীৰ পিছত ৰাহুল গান্ধীয়ে অৱশেষত তেওঁৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে।

কেমব্ৰিজ বিজনেছ স্কুলে আন্তৰ্জাতিক সম্পৰ্ক আৰু গণতন্ত্ৰৰ বিষয়ত  এখন আলোচনাচক্ৰৰ আয়োজন কৰিছে। ৰাহুল গান্ধীক তাত বিশ্ববিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । কেমব্ৰিজ ইউনিভাৰ্চিটি স্কুল অৱ বিজনেছৰ শিক্ষাৰ্থীসকলৰ সন্মুখত ভাষণ দিবলৈ  বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ব্ৰিটেইনত  উপস্থিত হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু গণতন্ত্ৰকে ধৰি বিভিন্ন বিষয়ত শিক্ষাৰ্থীসকলক সম্বোধন কৰাৰ কথা আছে। 


তেওঁ ৫ মাৰ্চত পশ্চিম লণ্ডনত ভাৰতীয় বাসিন্দাসকলকো সম্বোধন কৰিব।  সেই ভ্ৰমণৰ বাবেই তেওঁ দাড়ি কাটিছে বুলি বহুতে ধাৰণা কৰিছে। তেওঁ তেওঁৰ চুলিৰ ষ্টাইলো সলনি কৰিছে। 'ভাৰত জোড়ো  যাত্ৰা'ৰ সময়ত, যোৱা ছেপ্টেম্বৰত ৰাহুলৰ মুখত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছিল । বাঢ়ি অহা ক'লা-বগা দাড়ি আৰু চুলি  দেখি বহুতে তেওঁক কাৰ্ল মাৰ্স্কৰ সৈতে তুলনা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক "ছাদ্দাম হুছেইন" বুলি অভিহিত কৰিছিল। কিন্তু এইবাৰ ৰাহুল তেওঁৰ চিনাকি মুখলৈ পুনৰ ঘূৰি আহিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ