--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে দাড়ি কেতিয়া কাটিব? এয়া বহুতৰে ফ্ৰশ্ন আছিল। অৱশেষত ৰাহুলে দাড়ি কাটিলে। কেঁচা-বগা ডাঠ দাড়িৰে ভৰি থকা ৰাহুল গান্ধীৰ মুখ খন এতিয়া পুনৰ আগৰ দৰেই হৈ পৰিল।  ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ৰে পৰাই দাড়ি ৰাখিছিল।  কিন্তু সেই কাৰ্যসূচীৰ পিছত ৰাহুল গান্ধীয়ে অৱশেষত তেওঁৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে।

কেমব্ৰিজ বিজনেছ স্কুলে আন্তৰ্জাতিক সম্পৰ্ক আৰু গণতন্ত্ৰৰ বিষয়ত  এখন আলোচনাচক্ৰৰ আয়োজন কৰিছে। ৰাহুল গান্ধীক তাত বিশ্ববিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । কেমব্ৰিজ ইউনিভাৰ্চিটি স্কুল অৱ বিজনেছৰ শিক্ষাৰ্থীসকলৰ সন্মুখত ভাষণ দিবলৈ  বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ব্ৰিটেইনত  উপস্থিত হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু গণতন্ত্ৰকে ধৰি বিভিন্ন বিষয়ত শিক্ষাৰ্থীসকলক সম্বোধন কৰাৰ কথা আছে। 


তেওঁ ৫ মাৰ্চত পশ্চিম লণ্ডনত ভাৰতীয় বাসিন্দাসকলকো সম্বোধন কৰিব।  সেই ভ্ৰমণৰ বাবেই তেওঁ দাড়ি কাটিছে বুলি বহুতে ধাৰণা কৰিছে। তেওঁ তেওঁৰ চুলিৰ ষ্টাইলো সলনি কৰিছে। 'ভাৰত জোড়ো  যাত্ৰা'ৰ সময়ত, যোৱা ছেপ্টেম্বৰত ৰাহুলৰ মুখত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছিল । বাঢ়ি অহা ক'লা-বগা দাড়ি আৰু চুলি  দেখি বহুতে তেওঁক কাৰ্ল মাৰ্স্কৰ সৈতে তুলনা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক "ছাদ্দাম হুছেইন" বুলি অভিহিত কৰিছিল। কিন্তু এইবাৰ ৰাহুল তেওঁৰ চিনাকি মুখলৈ পুনৰ ঘূৰি আহিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক