--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটাল ডেস্ক: নান্দনিক, স্বৰ্গীয় আদি কোনো শব্দৰেই হয়তো এই দৃশ্যৰ কথা বৰ্ণনা কৰিব নোৱাৰি।  এভাৰেষ্টৰ বহুতে কেতিয়াও নেদেখা স্থানত হঠাতে  বিশাল ডাৱৰ ফুলি উঠিল, সামৰি ল’লে এভাৰেষ্টৰ বিশাল এলেকাক! এই দৃশ্যৰ এটা ধুনীয়া ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে  হঠাতে শুভ্ৰ  ডাৱৰ ফুলি উঠিছে,  বগা ডাৱৰৰ ঢৌৱে সামৰি লৈছে এভাৰেষ্টক।

শেষত বৰষুণ হ'ল আৰু বৰফ ধুমুহাও আৰম্ভ হ’ল। ভয়ানক সৌন্দৰ্যৰ এই খেলটো এভাৰেষ্ট শৃংগৰ পূব অংশত দেখা গৈছে।  এনে এক আশ্চৰ্যকৰ ভিডিঅ' কেইগৰাকীমান  দুঃসাহসী পৰ্বতাৰোহীয়ে কেমেৰাত বন্দী কৰিছে।বিশ্বব্ৰহ্মাণ্ডৰ এনে  সৌন্দৰ্য দেখি মানুহ আচৰিত হৈছে, একে সময়তে বহুতে  ভয়ো খাইছে।


ভিডিঅ'টো ড০ সুব্ৰহ্মণ্যন নাৰায়ণনে লিংকডইনত পোষ্ট কৰিছে। দেখা গৈছে যে হঠাতে ডাৱৰে হিমালয়ৰ কেইবাটাও শৃংগ আৱৰি ধৰিছে। যিটো অৱশেষত ধুমুহালৈ ৰূপান্তৰিত হৈছে।   লগে সগে ৰামধেনুৰো  সৃষ্টি হৈছে। নদীৰ পাৰত থকা পৰ্বতাৰোহী আৰু পৰ্যটকসকলে তেওঁলোকৰ চকুৰ সন্মুখত এনে আচৰিত দৃশ্যৰ দেখি  আনন্দিত হৈ পৰিছে।  ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পোষ্ট কৰি নাৰায়ণনে শিৰোনামটোত লিখিছিল, "নেপালত প্ৰকৃতিৰ আশ্চৰ্যকৰ লীলা! এভাৰেষ্টৰ পূব অংশত। সৌভাগ্যক্ৰমে, কেইজনমান পৰ্বতাৰোহীয়ে ভিডিঅ'টো ৰেকৰ্ড কৰিছিল। অৱশেষত এখন  ৰামধেনু ওলাই আহিছিল। যিটোৱে দৃশ্যটোক অধিক সুন্দৰ কৰি তুলিছিল। "

ভাইৰেল ভিডিঅ'টোত ৪,০০০ ৰো অধিক লোকে মন্তব্য কৰিছে। এজন ব্যক্তিয়ে লিখিছিল যে এসময়ত তেওঁ ১৩,০০০ ফুট উচ্চতাত একে ধৰণৰ অভিজ্ঞতা লাভ কৰিছিল। আন এজন নেটিজেনে কৈছে যে ডাৱৰৰ এই খেলটো নৱেম্বৰ-আগষ্টৰ মাজৰ আবেলি বাৰ বজাৰ পিছত সংঘটিত হয়। যেতিয়া পাহাৰবোৰত হঠাতে তাপমাত্ৰা বৃদ্ধি হয়, পাহাৰৰ চাৰিওফালে ডাৱৰ বোৰ ফুলি উঠে। তেওঁ দাবী কৰিছে  যে দ্ৰাছ আৰু চিয়াচেনৰ দৰে হিমবাহত কৰ্তব্যৰত সেনা জোৱানসকলে কেতিয়াবা এই দৃশ্যটো প্ৰত্যক্ষ কৰে। বেছিভাগ মানুহে এনে  দৃশ্য দেখা নাই । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ