--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটাল ডেস্ক: নান্দনিক, স্বৰ্গীয় আদি কোনো শব্দৰেই হয়তো এই দৃশ্যৰ কথা বৰ্ণনা কৰিব নোৱাৰি।  এভাৰেষ্টৰ বহুতে কেতিয়াও নেদেখা স্থানত হঠাতে  বিশাল ডাৱৰ ফুলি উঠিল, সামৰি ল’লে এভাৰেষ্টৰ বিশাল এলেকাক! এই দৃশ্যৰ এটা ধুনীয়া ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে  হঠাতে শুভ্ৰ  ডাৱৰ ফুলি উঠিছে,  বগা ডাৱৰৰ ঢৌৱে সামৰি লৈছে এভাৰেষ্টক।

শেষত বৰষুণ হ'ল আৰু বৰফ ধুমুহাও আৰম্ভ হ’ল। ভয়ানক সৌন্দৰ্যৰ এই খেলটো এভাৰেষ্ট শৃংগৰ পূব অংশত দেখা গৈছে।  এনে এক আশ্চৰ্যকৰ ভিডিঅ' কেইগৰাকীমান  দুঃসাহসী পৰ্বতাৰোহীয়ে কেমেৰাত বন্দী কৰিছে।বিশ্বব্ৰহ্মাণ্ডৰ এনে  সৌন্দৰ্য দেখি মানুহ আচৰিত হৈছে, একে সময়তে বহুতে  ভয়ো খাইছে।


ভিডিঅ'টো ড০ সুব্ৰহ্মণ্যন নাৰায়ণনে লিংকডইনত পোষ্ট কৰিছে। দেখা গৈছে যে হঠাতে ডাৱৰে হিমালয়ৰ কেইবাটাও শৃংগ আৱৰি ধৰিছে। যিটো অৱশেষত ধুমুহালৈ ৰূপান্তৰিত হৈছে।   লগে সগে ৰামধেনুৰো  সৃষ্টি হৈছে। নদীৰ পাৰত থকা পৰ্বতাৰোহী আৰু পৰ্যটকসকলে তেওঁলোকৰ চকুৰ সন্মুখত এনে আচৰিত দৃশ্যৰ দেখি  আনন্দিত হৈ পৰিছে।  ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পোষ্ট কৰি নাৰায়ণনে শিৰোনামটোত লিখিছিল, "নেপালত প্ৰকৃতিৰ আশ্চৰ্যকৰ লীলা! এভাৰেষ্টৰ পূব অংশত। সৌভাগ্যক্ৰমে, কেইজনমান পৰ্বতাৰোহীয়ে ভিডিঅ'টো ৰেকৰ্ড কৰিছিল। অৱশেষত এখন  ৰামধেনু ওলাই আহিছিল। যিটোৱে দৃশ্যটোক অধিক সুন্দৰ কৰি তুলিছিল। "

ভাইৰেল ভিডিঅ'টোত ৪,০০০ ৰো অধিক লোকে মন্তব্য কৰিছে। এজন ব্যক্তিয়ে লিখিছিল যে এসময়ত তেওঁ ১৩,০০০ ফুট উচ্চতাত একে ধৰণৰ অভিজ্ঞতা লাভ কৰিছিল। আন এজন নেটিজেনে কৈছে যে ডাৱৰৰ এই খেলটো নৱেম্বৰ-আগষ্টৰ মাজৰ আবেলি বাৰ বজাৰ পিছত সংঘটিত হয়। যেতিয়া পাহাৰবোৰত হঠাতে তাপমাত্ৰা বৃদ্ধি হয়, পাহাৰৰ চাৰিওফালে ডাৱৰ বোৰ ফুলি উঠে। তেওঁ দাবী কৰিছে  যে দ্ৰাছ আৰু চিয়াচেনৰ দৰে হিমবাহত কৰ্তব্যৰত সেনা জোৱানসকলে কেতিয়াবা এই দৃশ্যটো প্ৰত্যক্ষ কৰে। বেছিভাগ মানুহে এনে  দৃশ্য দেখা নাই । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু