--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে অৱশেষত জামিন লাভ কৰিলে৷ বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে খানৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি অভিহিত কৰিছিল। শুক্ৰবাৰে  ইছলামাবাদ উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে। জামিনৰ ম্যাদ ২৩ মে’লৈকে অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে তেওঁক এই মুহূৰ্ততে মুকলি কৰি দিয়া হ'ব নে নাই তাকে লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷  উল্লেখ্য ইমৰান খানৰ  বিৰুদ্ধে মুঠ ১২১ টা গোচৰ চলি আছে।ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ক সমালোচনা কৰে। পিটিআই কৰ্মীসকলে ইমৰানৰ জামিনৰ বাতৰি লাভ কৰাৰপিছতে ৰাজপথলৈ ওলাই আহি আনন্দ প্ৰকাশ কৰে। মঙলবাৰে, তেওঁক পাকিস্তান ৰেঞ্জাৰে ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। কিন্তু বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰানৰ গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিয়ে। শীৰ্ষ ন্যায়ালয়খনে পিটিআই নেতাজনক তৎক্ষণাৎ মুকলি কৰি দিয়াৰো নিৰ্দেশ দিয়ে। 

ইয়াৰ পিছতে শুক্ৰবাৰে ইমৰানক জামিন দিয়া হয়৷ ইফালে শ্বাহবাজ শ্বৰীফে উচ্চতম ন্যায়ালয়ৰ মন্তব্যক সমালোচনা কৰি কয়, "যদি  এইগৰাকী 'লাডলা'ৰ প্ৰতি পক্ষপাতিত্ব দেখুৱায়, তেন্তে দেশৰকাৰাগাৰত  থকা সকলো ডকাইতক মুকলি কৰি দিয়া উচিত।" তেওঁ লগতে এইবুলিও কয়  যে পাকিস্তানত "ন্যায়ৰ মৃত্যু" হৈছে৷  

মঙলবাৰে ইমৰানক গ্ৰেপ্তাৰ কৰাৰ পিছত হাজাৰ হাজাৰ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে।হিংসাত্মক ঘটনাত  কমেও আঠজন সমৰ্থক নিহত হৈছে। এনে পৰিস্থিতিত ইমৰানৰ জামিনৰ খবৰত শুকুৰবাৰে বহুতো ইমৰান সমৰ্থকে বাটত আনন্দ উদযাপন কৰিবলৈ ধৰা পৰিলক্ষিত হয়৷ উল্লেখ্য ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰত দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনক  গ্ৰেপ্তাৰ কৰা হৈছিল। খানক গ্ৰেপ্তাৰৰ পিছতে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদ এক প্ৰকাৰৰ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল। সংঘৰ্ষত ইমৰান খানৰ অধিবক্তাজনো  গুৰুতৰভাৱে আহত হৈছিল।  ইমৰান খানে আজি এটা গোচৰৰ বাবে আদালতলৈ অহাৰ পিছতে  তেওঁক পাকিস্তান ৰেঞ্জাৰে  আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল। 

আদালতৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক পাকিস্তান ৰেঞ্জাৰে ঘেৰি ধৰিছিল। তাৰ পিছত তেওঁক এখন গাড়ীত তুলি কোনো এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত পিটিআইৰ সমৰ্থক আৰু সাধাৰণ মানুহে পাকিস্তান ৰেঞ্জাৰক বাধা প্ৰদান কৰাত  আদালত চৌহদ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ