--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে অৱশেষত জামিন লাভ কৰিলে৷ বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে খানৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি অভিহিত কৰিছিল। শুক্ৰবাৰে  ইছলামাবাদ উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে। জামিনৰ ম্যাদ ২৩ মে’লৈকে অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে তেওঁক এই মুহূৰ্ততে মুকলি কৰি দিয়া হ'ব নে নাই তাকে লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷  উল্লেখ্য ইমৰান খানৰ  বিৰুদ্ধে মুঠ ১২১ টা গোচৰ চলি আছে।ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ক সমালোচনা কৰে। পিটিআই কৰ্মীসকলে ইমৰানৰ জামিনৰ বাতৰি লাভ কৰাৰপিছতে ৰাজপথলৈ ওলাই আহি আনন্দ প্ৰকাশ কৰে। মঙলবাৰে, তেওঁক পাকিস্তান ৰেঞ্জাৰে ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। কিন্তু বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰানৰ গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিয়ে। শীৰ্ষ ন্যায়ালয়খনে পিটিআই নেতাজনক তৎক্ষণাৎ মুকলি কৰি দিয়াৰো নিৰ্দেশ দিয়ে। 

ইয়াৰ পিছতে শুক্ৰবাৰে ইমৰানক জামিন দিয়া হয়৷ ইফালে শ্বাহবাজ শ্বৰীফে উচ্চতম ন্যায়ালয়ৰ মন্তব্যক সমালোচনা কৰি কয়, "যদি  এইগৰাকী 'লাডলা'ৰ প্ৰতি পক্ষপাতিত্ব দেখুৱায়, তেন্তে দেশৰকাৰাগাৰত  থকা সকলো ডকাইতক মুকলি কৰি দিয়া উচিত।" তেওঁ লগতে এইবুলিও কয়  যে পাকিস্তানত "ন্যায়ৰ মৃত্যু" হৈছে৷  

মঙলবাৰে ইমৰানক গ্ৰেপ্তাৰ কৰাৰ পিছত হাজাৰ হাজাৰ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে।হিংসাত্মক ঘটনাত  কমেও আঠজন সমৰ্থক নিহত হৈছে। এনে পৰিস্থিতিত ইমৰানৰ জামিনৰ খবৰত শুকুৰবাৰে বহুতো ইমৰান সমৰ্থকে বাটত আনন্দ উদযাপন কৰিবলৈ ধৰা পৰিলক্ষিত হয়৷ উল্লেখ্য ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰত দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনক  গ্ৰেপ্তাৰ কৰা হৈছিল। খানক গ্ৰেপ্তাৰৰ পিছতে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদ এক প্ৰকাৰৰ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল। সংঘৰ্ষত ইমৰান খানৰ অধিবক্তাজনো  গুৰুতৰভাৱে আহত হৈছিল।  ইমৰান খানে আজি এটা গোচৰৰ বাবে আদালতলৈ অহাৰ পিছতে  তেওঁক পাকিস্তান ৰেঞ্জাৰে  আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল। 

আদালতৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক পাকিস্তান ৰেঞ্জাৰে ঘেৰি ধৰিছিল। তাৰ পিছত তেওঁক এখন গাড়ীত তুলি কোনো এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত পিটিআইৰ সমৰ্থক আৰু সাধাৰণ মানুহে পাকিস্তান ৰেঞ্জাৰক বাধা প্ৰদান কৰাত  আদালত চৌহদ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি