--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেয়া আছিল বিগত শতিকাৰ ৯০ দশকৰ কথা। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত জেনেটিক কপাহৰ উৎপাদনকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই প্ৰতিক্ৰিয়া মাৰ যোৱা বহু বছৰ হ’ল। এতিয়া পুনৰ মোদীৰ চৰকাৰে জেনেটিক সৰিয়হৰ উৎপাদনত অনুমোদন জনাইছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ এক সংস্থা জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰেচিচাল কমিটিয়ে (জিইএচি) আনুবংশিকভাৱে পৰিৱৰ্তিত সৰিয়হ (জিএম সৰিয়হ) খেতিত অনুমোদন জনাইছে।

জিন প্ৰযুক্তি নিয়ন্ত্ৰক জিইএচিয়ে কয়  যে প্ৰাথমিক পৰ্যৱেক্ষণ আৰু পৰীক্ষাৰ পিছত বিশেষজ্ঞসকলৰ মতামতৰ ভিত্তিত  জিএম সৰিয়হৰ বাণিজ্যিক খেতিৰ বাবে অনুমোদন দিয়া হৈছে।

 অতীতত ওৰিশাত জিন-পৰিৱৰ্তিত বিটি বেঙেনা খেতিত পৰিৱেশ প্ৰদূষণৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ কৰা হৈছে যে প্ৰায় দুই দশক আগতে কীট-পতংগৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ পঞ্জাৱত আনুবংশিক প্ৰযুক্তিৰ সহায়ত তৈয়াৰ কৰা কপাহৰ খেতি সফল হোৱা নাই। এই পৰিস্থিতিত নৰেন্দ্ৰ মোদী চৰকাৰৰ এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ উপৰিও যোৱা কেইটামান দশকত ইউৰোপ আৰু আমেৰিকাত জিন সলনি কৰা মাকৈ, বীন, চাউল, চয়াবীন খাই স্তন্যপায়ী প্ৰাণী, মুখ্যতঃ নিগনিৰ শৰীৰত বহুতো পৰিৱৰ্তনহোৱা দেখা গৈছিল। পৰিৱেশবিদসকলৰ এটা অংশই আশংকা কৰে যে সৰিয়হতেলৰ ক্ষেত্ৰতো একে ধৰণৰ ভয় আছে।

 চৰকাৰী সূত্ৰ অনুসৰি জিএম সৰিয়হ সম্পৰ্কীয় জিইএচিৰ বিশেষজ্ঞ সমিতিৰ নেতৃত্ব দিছিল দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য দীপক পেণ্টালে। তেওঁলোকে দীঘলীয়া পৰীক্ষা আৰু গৱেষণাৰ পিছত এক বৈজ্ঞানিক পত্ৰ প্ৰকাশ কৰিছিল। যি বাণিজ্যিক কৃষিৰ ক্ষেত্ৰত এনে  অনুমোদনৰ পথ প্ৰশস্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক