--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা আগবঢ়ালে মহাৰাষ্ট্ৰৰ এখন চহৰৰ মুছলমান ৰাইজে। দেশৰ ৰাজনৈতিক দলসমূহে যেতিয়া জাতি-জনগোষ্ঠীৰ মাজত তিক্ততাৰ সৃষ্টি কৰিছে, তেনে সময়তে মহাৰাষ্ট্ৰৰ এই চহৰখনৰ জনসাধাৰণে দাঙি ধৰিছে হিন্দু-মুছলমান ঐক্যৰ এক উজ্জ্বল নিদৰ্শন।

সংবাদ মাধ্যমৰ বাতৰি অনুযায়ী, মহাৰাষ্ট্ৰৰ নেভাছা চহৰ আহমেদনগৰৰ মুছলিম ৰাইজে এইবাৰ বকৰিদৰ দিনা ছাগলী বলি নিদিয়াৰ সিদ্ধান্ত লৈছে। চহৰখনত বাস কৰা হিন্দু লোকসকলৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লৈছে।

উল্লেখ্য যে বকৰিদ আৰু আশাধী একাদশী একে তাৰিখতে পৰিছে। হিন্দু ধৰ্মত আশাধী একাদশীৰ বিশেষ তাৎপৰ্য আছে, আনহাতে বকৰিদ মুছলমানসকলৰ এটা প্ৰধান উৎসৱ, কিন্তু মুছলমান সম্প্ৰদায়ৰ ৰাইজে হিন্দু ভাতৃৰ আৱেগক মনত ৰাখি আশাধী একাদশীত বলিদান নকৰাৰ সিদ্ধান্ত লৈছে।

নেভাছা চহৰত বিখ্যাত জ্ঞানেশ্বৰ মৌলি মন্দিৰ অৱস্থিত। সেইবাবেই মুছলমান সমাজৰ মানুহে আশাধী একাদশীত এই কাম কৰাৰ সিদ্ধান্ত লৈছে। বকৰিদৰ দিনা কুৰবানী নকৰে, কেৱল নৱাজহে কৰিব বুলি জানিবলৈ দিয়ে। কোনো হিন্দু ভাতৃয়ে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মুছলমান সমাজৰ ৰাইজে এই সিদ্ধান্ত লৈছে।

আছাধী একাদশী আৰু বকৰিদ উপলক্ষে শান্তি বজাই ৰখাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱা ২৯ জুনত নেভাছা আৰক্ষীয়ে শান্তি সমিতিৰ বৈঠক আহ্বান কৰি সৌহাৰ্য বজাই ৰাখি উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছিল।

নেভাছাৰ এগৰাকী বাসিন্দা জনাইছে যে তিনিদিনৰ বাবে বলিদানৰ অনুমতি আছে, গতিকে আছাধ একাদশী বকৰিদৰ দিন বুলি মনত ৰাখি আমি মূল বকৰিদ দিনটোৰ পৰিৱৰ্তে ৩০ জুনত বলিদান কৰাৰ সিদ্ধান্ত লৈছো। নেভাছা ভাছাৰ হিন্দু সম্প্ৰদায়ে তেওঁলোকৰ মুছলমান ভাইসকলৰ এই সিদ্ধান্তক আদৰণি জনাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
ভাৰত অভিমুখী ব'য়িঙৰ ২খন বিমানত কাৰিকৰী বিজুতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?