--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনা, বিতৰ্কৰ অন্তত অসম এৰিলে আইপিএছ আনন্দ মিশ্ৰই৷ শনিবাৰে পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানৰে মিশ্ৰই বিহাৰলৈ বুলি যাত্ৰা কৰে৷  বিহাৰত উপস্থিত হৈয়েই তেওঁ কয় যে এজন নাগৰিক হিচাবে তেওঁ সমাজৰ হিতৰ বাবে কাম কৰি যাব৷ বিহাৰৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আছে বুলিও তেওঁ প্ৰকাশ কৰে৷ 

আজি দিনৰ ভাগত  বিহাৰত উপস্থিত হোৱাৰ পিছতে আনন্দ মিশ্ৰই বিহাৰত উপস্থিত হোৱাৰ ছবি  শ্বেয়াৰ কৰে৷উল্লেখ্য চাকৰি কাল শেষ হ’বলৈ বাকী থকাৰ পূৰ্বেই অৱসৰ বিচাৰি আনন্দ মিশ্ৰই আবেদন জনাইছিল৷ 


 আনন্দ মিশ্ৰই বিগত বৰ্ষৰ ১৮ ডিচেম্বৰতে  ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তেওঁৰ পদত্যাগৰ ইচ্ছাৰ কথা জনাইছিল।২০১১ ৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আনন্দ মিশ্ৰই স্বাধীনভাৱে সামাজিককাম-কাজ চলাই যোৱাৰ বাবেই পদত্যাগ কৰিব বিচাৰিছিল বুলি উল্লেখ কৰিছিল৷ জানিব পৰা মতে আনন্দ মিশ্ৰই বিহাৰত ৰাজনীতিৰ সৈতে জড়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তেওণ বিজেপিত যোগদান কৰিব পাৰে বুলিও বহুদিন ধৰি চৰ্চা চলি আহিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ