--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ সমৰ্থনত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব গ্ৰহণৰ দিশে নীতিশ কুমাৰ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যম আনন্দ বাজাৰ পত্ৰিকাৰ খবৰ অনুসৰি নীতিশ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ খবৰ অনুসৰি শনিবাৰে নিশাৰ ভিতৰতে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব৷ ইপিনে শনিবাৰে সন্ধিয়া নীতিশ কুমাৰে জনতা দল ইউনাইটেডৰ সকলো বিধায়কক নিজৰ বাসভৱনলৈ মাতি বৈঠকৰ আহ্বান জনাইছে৷ ইপিনে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ফোন কৰিছিল। কিন্তু নীতিশৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে খাৰ্গেই৷ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে শনিবাৰে এই দাবী কৰে। ৰমেশে কয় "মই আনুষ্ঠানিকভাৱে ক'ব পাৰোঁ যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে এবাৰ নহয় কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰী ব্যস্ত থকাৰ বাবে এয়া সম্ভৱ হোৱা নাছিল। ''

খবৰ অনুসৰি বিজেপি নেতা সুশীল কুমাৰ মোদী সোমবাৰে বিহাৰৰ নতুন উপ- মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। তেওঁ বিহাৰৰ ৰাজনীতিত 'নীতিশৰ ঘনিষ্ঠ' বুলি জনা যায়। শনিবাৰে নিশা জেডি(ইউ)ৰ বিধায়কসকলৰ এখন বৈঠকত নীতিশৰ দলে  বিজেপি নেতৃত্বাধীন এন ডি এত আনুষ্ঠানিকভাৱে যোগদানৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

ইফালে, বিহাৰৰ 'মহাগোটবন্ধন' চৰকাৰক বচাবলৈ দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী 'সক্ৰিয়' হৈ পৰিছে  বুলি অনুমান কৰা হৈছে। কংগ্ৰেছৰ সূত্ৰই কৈছে  যে তেওঁ শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচএএম)ৰ নেতা জিতন ৰাম মাঝিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে। আৰজেডিৰ মুৰব্বী লালু প্ৰসাদেও শুকুৰবাৰে জিতনৰ সৈতে ফোনযোগে কথা পাতিছিল বুলি  আৰজেডি সূত্ৰই জনাইছে। লালুৱে চাৰিজন এইচএএম বিধায়কৰ সমৰ্থনৰ বিনিময়ত জিতনৰ পুত্ৰ সন্তোষ কুমাৰ সুমনক উপ মুখ্যমন্ত্ৰীৰ পদ আগবঢ়াইছিল। যদি 'ইণ্ডিয়া মিত্ৰজোঁটৰ 'ৰ এই প্ৰচেষ্টাৰ ফল পোৱা যায়, বিহাৰ বিধানসভাত বিজেপি-জেডিইউ মিত্ৰতা অবিহনেই চৰকাৰ গঠন  হ'ব পাৰে।

 কিন্তু সেই আশা এতিয়াও উজ্জবল হৈ উঠা নাই৷ ২৪৩ খন  আসন থকা বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১২২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আৰজেডিৰ ৭৯ জন বিধায়ক আছে। ইয়াৰ উপৰি কংগ্ৰেছৰ ১৯ জন বিধায়ক, চিপিআইএমএল লিবাৰেচনৰ ১২ জন বিধায়ক, চিপিএমৰ ২ জন বিধায়ক, চিপিআইৰ ২ জন বিধায়ক আৰু ১ জন নিৰ্দলীয় বিধায়ক বিজেপি বিৰোধী মহাজোটত আছে। অৰ্থাৎ, লালুৱে ১১৫  জন বিধায়কৰ সমৰ্থন লাভ কৰিব পাৰে। ইয়াৰ উপৰি  হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱাইচিৰ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ এজন বিধায়কেও প্ৰয়োজন হ'লে 'মহাগোটবন্ধন'ক সমৰ্থন কৰিব পাৰে। তেনে ক্ষেত্ৰত, জিতনৰ চাৰিজন বিধায়কৰ সমৰ্থনত বিজেপি বিৰোধী মিত্ৰজোঁট ১২০  ত উপনীত হ'ব পাৰে।তেনে পৰিস্থিতিত  লালুক আৰু মাত্ৰ দুজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। আনহাতে, দ্বিতীয় বৃহত্তম দল বিজেপিৰ ৭৮ জন বিধায়ক আছে। নীতিশৰ ৪৫ জন । 


২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া ব্লকত বৃহৎ আঘাত হানি নীতিশ কুমাৰ আৰু তেওঁৰ জেডি (ইউ)এ আকৌ এবাৰ বিজেপি নেতৃত্বাধীন এনডিএত যোগদান কৰিব বুলি অনুমান আৰম্ভ হৈছে৷ 

জয়ৰাম ৰমেশে কয়, বিহাৰৰ পৰা কিছুমান বিবৃতি আহিছে যে তাত এখন নতুন মন্ত্ৰী পৰিষদ গঠন কৰা হ’ব। ইতিমধ্যে কংগ্ৰেছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে বিহাৰলৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান