--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ সমৰ্থনত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব গ্ৰহণৰ দিশে নীতিশ কুমাৰ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যম আনন্দ বাজাৰ পত্ৰিকাৰ খবৰ অনুসৰি নীতিশ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ খবৰ অনুসৰি শনিবাৰে নিশাৰ ভিতৰতে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব৷ ইপিনে শনিবাৰে সন্ধিয়া নীতিশ কুমাৰে জনতা দল ইউনাইটেডৰ সকলো বিধায়কক নিজৰ বাসভৱনলৈ মাতি বৈঠকৰ আহ্বান জনাইছে৷ ইপিনে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ফোন কৰিছিল। কিন্তু নীতিশৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে খাৰ্গেই৷ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে শনিবাৰে এই দাবী কৰে। ৰমেশে কয় "মই আনুষ্ঠানিকভাৱে ক'ব পাৰোঁ যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে এবাৰ নহয় কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰী ব্যস্ত থকাৰ বাবে এয়া সম্ভৱ হোৱা নাছিল। ''

খবৰ অনুসৰি বিজেপি নেতা সুশীল কুমাৰ মোদী সোমবাৰে বিহাৰৰ নতুন উপ- মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। তেওঁ বিহাৰৰ ৰাজনীতিত 'নীতিশৰ ঘনিষ্ঠ' বুলি জনা যায়। শনিবাৰে নিশা জেডি(ইউ)ৰ বিধায়কসকলৰ এখন বৈঠকত নীতিশৰ দলে  বিজেপি নেতৃত্বাধীন এন ডি এত আনুষ্ঠানিকভাৱে যোগদানৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

ইফালে, বিহাৰৰ 'মহাগোটবন্ধন' চৰকাৰক বচাবলৈ দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী 'সক্ৰিয়' হৈ পৰিছে  বুলি অনুমান কৰা হৈছে। কংগ্ৰেছৰ সূত্ৰই কৈছে  যে তেওঁ শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচএএম)ৰ নেতা জিতন ৰাম মাঝিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে। আৰজেডিৰ মুৰব্বী লালু প্ৰসাদেও শুকুৰবাৰে জিতনৰ সৈতে ফোনযোগে কথা পাতিছিল বুলি  আৰজেডি সূত্ৰই জনাইছে। লালুৱে চাৰিজন এইচএএম বিধায়কৰ সমৰ্থনৰ বিনিময়ত জিতনৰ পুত্ৰ সন্তোষ কুমাৰ সুমনক উপ মুখ্যমন্ত্ৰীৰ পদ আগবঢ়াইছিল। যদি 'ইণ্ডিয়া মিত্ৰজোঁটৰ 'ৰ এই প্ৰচেষ্টাৰ ফল পোৱা যায়, বিহাৰ বিধানসভাত বিজেপি-জেডিইউ মিত্ৰতা অবিহনেই চৰকাৰ গঠন  হ'ব পাৰে।

 কিন্তু সেই আশা এতিয়াও উজ্জবল হৈ উঠা নাই৷ ২৪৩ খন  আসন থকা বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১২২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আৰজেডিৰ ৭৯ জন বিধায়ক আছে। ইয়াৰ উপৰি কংগ্ৰেছৰ ১৯ জন বিধায়ক, চিপিআইএমএল লিবাৰেচনৰ ১২ জন বিধায়ক, চিপিএমৰ ২ জন বিধায়ক, চিপিআইৰ ২ জন বিধায়ক আৰু ১ জন নিৰ্দলীয় বিধায়ক বিজেপি বিৰোধী মহাজোটত আছে। অৰ্থাৎ, লালুৱে ১১৫  জন বিধায়কৰ সমৰ্থন লাভ কৰিব পাৰে। ইয়াৰ উপৰি  হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱাইচিৰ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ এজন বিধায়কেও প্ৰয়োজন হ'লে 'মহাগোটবন্ধন'ক সমৰ্থন কৰিব পাৰে। তেনে ক্ষেত্ৰত, জিতনৰ চাৰিজন বিধায়কৰ সমৰ্থনত বিজেপি বিৰোধী মিত্ৰজোঁট ১২০  ত উপনীত হ'ব পাৰে।তেনে পৰিস্থিতিত  লালুক আৰু মাত্ৰ দুজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। আনহাতে, দ্বিতীয় বৃহত্তম দল বিজেপিৰ ৭৮ জন বিধায়ক আছে। নীতিশৰ ৪৫ জন । 


২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া ব্লকত বৃহৎ আঘাত হানি নীতিশ কুমাৰ আৰু তেওঁৰ জেডি (ইউ)এ আকৌ এবাৰ বিজেপি নেতৃত্বাধীন এনডিএত যোগদান কৰিব বুলি অনুমান আৰম্ভ হৈছে৷ 

জয়ৰাম ৰমেশে কয়, বিহাৰৰ পৰা কিছুমান বিবৃতি আহিছে যে তাত এখন নতুন মন্ত্ৰী পৰিষদ গঠন কৰা হ’ব। ইতিমধ্যে কংগ্ৰেছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে বিহাৰলৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু