--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এজন বিজেপি নেতাৰ এক প্ৰতিশ্ৰুতিয়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশত৷ “আপুনি আমাক ভোট দিয়ক, আমি ৭০টকাত সুৰা দিম৷”- এই উদ্ভট মন্তব্য কৰিছে নেতাগৰাকীয়ে। অন্ধ্ৰ-প্ৰদেশৰ বিজেপি সভাপতি সোমু বীৰাজুৱে৷ কালি তেওঁ কয় যে, যদি বিজেপিয়ে চৰকাৰ গঠন কৰে, তেন্তে তেওঁ মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিব। যিসময়ত দেশৰ বহুতো ৰাজ্যত সুৰা বিক্ৰী নিষিদ্ধ হৈ আছে, সেই সময়তে বিজেপিক দিয়া ভোটৰ বিনিময়ত পঞ্চাশ টকাতে সুৰা প্ৰদান কৰা হ’ব বুলি কৰা বিজেপিৰ এইগৰাকী নেতাৰ মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে অন্ধ্ৰপ্ৰদেশত৷

অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এখন দলীয় ৰাজহুৱা সভাত ভাষণ দি বিজেপি নেতাজনে এই মন্তব্য কৰিছে৷ তেওঁ কয় যে, এই মুহূৰ্তত এক চতুৰ্থাংশ ভাল সুৰাৰ মূল্য ২০০ টকাতকৈও অধিক। যদি তেওঁৰ চৰকাৰ শাসনলৈ আহে, সুৰাৰ বটল ৫০ টকাৰ পৰা ৭০ টকালৈ বৃদ্ধি হ’ব। তেওঁ নিম্নমানৰ ব্যয়বহুল সুৰা বিক্ৰী কৰাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল। তেওঁ অভিযোগ কৰে যে ৰাজ্যখনৰ সকলো ভুৱা ব্ৰেণ্ড উচ্চ মূল্যত বিক্ৰী কৰা হয়, আনহাতে জনপ্ৰিয় ব্ৰেণ্ড উপলব্ধ নহয়। ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিয়ে সুৰাৰ বাবে প্ৰতি মাহে ১২,০০০ টকা খৰচ বহন কৰে, যিটো চৰকাৰে কোনোবা আন আঁচনিৰ নামত তেওঁক পুনৰ প্ৰদান কৰে।

বীৰাজুৱে কয় যে ৰাজ্যখনৰ এক কোটি মানুহে সুৰা সেৱন কৰি আছে আৰু বীৰাজুৱে ২০২৪ চনৰ নিৰ্বাচনত এক কোটি মানুহে বিজেপিক ভোট দিয়াটো বিচাৰে। তেওঁ কয়, বিজেপিক এক কোটি ভোট দিয়ক। আমি মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিম। যদি ৰাজকোষত আৰু ধন ৰাহি হয়, তেন্তে আমি ৫০ টকাৰ বিনিময়তে সুৰা দিব পাৰিম৷ সভ্যতা-সংস্কৃতি ৰক্ষাৰ কথা কোৱা বিজেপি দলৰ এজন নেতাই সুৰাৰ বিনিময়ত ভোট বিচৰা কাৰ্যক সমালোচনা কৰিছে ৰাজ্যখনৰ বিৰোধী দলসমূহে৷ বিজেপিয়ে প্ৰগতি, উন্নয়নৰ বিপৰীতে সুৰাৰ সুলভতাৰে ভোট বিচাৰিব লগা হোৱা কাৰ্যকো গৰিহণা দিছে অন্ধ্ৰৰ সচেতন সমাজে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ