--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এজন বিজেপি নেতাৰ এক প্ৰতিশ্ৰুতিয়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশত৷ “আপুনি আমাক ভোট দিয়ক, আমি ৭০টকাত সুৰা দিম৷”- এই উদ্ভট মন্তব্য কৰিছে নেতাগৰাকীয়ে। অন্ধ্ৰ-প্ৰদেশৰ বিজেপি সভাপতি সোমু বীৰাজুৱে৷ কালি তেওঁ কয় যে, যদি বিজেপিয়ে চৰকাৰ গঠন কৰে, তেন্তে তেওঁ মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিব। যিসময়ত দেশৰ বহুতো ৰাজ্যত সুৰা বিক্ৰী নিষিদ্ধ হৈ আছে, সেই সময়তে বিজেপিক দিয়া ভোটৰ বিনিময়ত পঞ্চাশ টকাতে সুৰা প্ৰদান কৰা হ’ব বুলি কৰা বিজেপিৰ এইগৰাকী নেতাৰ মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে অন্ধ্ৰপ্ৰদেশত৷

অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এখন দলীয় ৰাজহুৱা সভাত ভাষণ দি বিজেপি নেতাজনে এই মন্তব্য কৰিছে৷ তেওঁ কয় যে, এই মুহূৰ্তত এক চতুৰ্থাংশ ভাল সুৰাৰ মূল্য ২০০ টকাতকৈও অধিক। যদি তেওঁৰ চৰকাৰ শাসনলৈ আহে, সুৰাৰ বটল ৫০ টকাৰ পৰা ৭০ টকালৈ বৃদ্ধি হ’ব। তেওঁ নিম্নমানৰ ব্যয়বহুল সুৰা বিক্ৰী কৰাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল। তেওঁ অভিযোগ কৰে যে ৰাজ্যখনৰ সকলো ভুৱা ব্ৰেণ্ড উচ্চ মূল্যত বিক্ৰী কৰা হয়, আনহাতে জনপ্ৰিয় ব্ৰেণ্ড উপলব্ধ নহয়। ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিয়ে সুৰাৰ বাবে প্ৰতি মাহে ১২,০০০ টকা খৰচ বহন কৰে, যিটো চৰকাৰে কোনোবা আন আঁচনিৰ নামত তেওঁক পুনৰ প্ৰদান কৰে।

বীৰাজুৱে কয় যে ৰাজ্যখনৰ এক কোটি মানুহে সুৰা সেৱন কৰি আছে আৰু বীৰাজুৱে ২০২৪ চনৰ নিৰ্বাচনত এক কোটি মানুহে বিজেপিক ভোট দিয়াটো বিচাৰে। তেওঁ কয়, বিজেপিক এক কোটি ভোট দিয়ক। আমি মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিম। যদি ৰাজকোষত আৰু ধন ৰাহি হয়, তেন্তে আমি ৫০ টকাৰ বিনিময়তে সুৰা দিব পাৰিম৷ সভ্যতা-সংস্কৃতি ৰক্ষাৰ কথা কোৱা বিজেপি দলৰ এজন নেতাই সুৰাৰ বিনিময়ত ভোট বিচৰা কাৰ্যক সমালোচনা কৰিছে ৰাজ্যখনৰ বিৰোধী দলসমূহে৷ বিজেপিয়ে প্ৰগতি, উন্নয়নৰ বিপৰীতে সুৰাৰ সুলভতাৰে ভোট বিচাৰিব লগা হোৱা কাৰ্যকো গৰিহণা দিছে অন্ধ্ৰৰ সচেতন সমাজে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু