--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিকে জীৱন্তে সমাধিস্থ কৰিলে অষ্ট্ৰেলিয়াত অধ্যয়নৰত এগৰাকী ভাৰতীয় নাৰ্চিং ছাত্ৰী। প্ৰেমৰ সম্পৰ্ক শেষ কৰাৰ পিছতে প্ৰতিশোধৰ বশৱৰ্তী হৈ ২০২১ চনৰ মাৰ্চ মাহত তেওঁৰ প্ৰাক্তন প্ৰেমিকে অপহৰণ কৰি জীৱন্তে সমাধিস্থ কৰিছিল বুলি বুধবাৰে আদালতে শুনানি গ্ৰহণ কৰে।

ছাত্ৰীগৰাকীৰ নাম জেছমিন কৌৰ আৰু অভিযুক্ত যুৱকজনৰ নাম তাৰিকজোৎ সিঙে বুলি জানিব পৰা গৈছে। জেছমিন এডিলেইড চহৰত অধ্যয়নৰত আছিল। বুধবাৰে আদালতত নিজৰ হত্যাকাণ্ডৰ দোষ স্বীকাৰ কৰে সিঙে।

নিউজ ডট কম ডট অ’ই এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ ৫ মাৰ্চত সিঙে কৰ্মস্থলীৰ পৰা অপহৰণ কৰিছিল ২১ বছৰীয়া কৌৰক।

খবৰ অনুসৰি সিঙে কৌৰক দক্ষিণ অষ্ট্ৰেলিয়া ৰাজ্যৰ দুৰ্গম ফ্লিণ্ডাৰছ ৰেঞ্জৰ এটা অগভীৰ কবৰত তেওঁক জীৱিত অৱস্থাত সমাধিস্থ কৰে।

উচ্চতম ন্যায়ালয়ত শাস্তি প্ৰদানৰ দাখিলৰ সময়ত এই ঘটনাৰ ভয়ানক সবিশেষ পোহৰলৈ আহে। “কৌৰক যি ধৰণে হত্যা কৰা হৈছিল, সেয়া এক অস্বাভাৱিক মাত্ৰাৰ নিষ্ঠুৰতা,’’- আদালতে কয়।


এবিচি নিউজৰ মতে, এই কাণ্ডৰ এসপ্তাহপূৰ্বে তাৰিকজোত সিঙে তেওঁক পিচা কৰা বুলি আৰক্ষীৰ আগত অভিযোগ দাখিল 
কৰিছিল জেছমিনে। কিন্তু এমাহৰ পাছতেই জেছমীন কৌৰক হত্যা কৰা হয় বুলি বুধবাৰে উচ্চতম ন্যায়ালয়ত জনোৱা হয়।

জছমীন কৌৰৰ হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্তৰ সময়ত তাৰিকজোটে এই অভিযোগ অস্বীকাৰ কৰে। আত্মহত্যা কৰি তাইৰ মৃত্যু হোৱা বাবে তাইৰ মৃতদেহটো পুতি থৈছিল বুলি কৈছিল। অৱশ্যে চলিত বৰ্ষৰ আৰম্ভণিতে সিঙে দোষ স্বীকাৰ কৰিছিল। আনকি তেওঁ বিষয়াসকলক তাইৰ সমাধিস্থললৈ লৈ গৈছিল য’ত তেওঁলোকে এটা বিনত কৌৰৰ জোতা, চশমা আৰু কৰ্মৰ নামৰ বেজটো পাইছিল, লগতে লুপযুক্ত কেবল টাইও পাইছিল। তাৰিকজোৎ সিঙে এতিয়া বাধ্যতামূলক যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান