--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিকে জীৱন্তে সমাধিস্থ কৰিলে অষ্ট্ৰেলিয়াত অধ্যয়নৰত এগৰাকী ভাৰতীয় নাৰ্চিং ছাত্ৰী। প্ৰেমৰ সম্পৰ্ক শেষ কৰাৰ পিছতে প্ৰতিশোধৰ বশৱৰ্তী হৈ ২০২১ চনৰ মাৰ্চ মাহত তেওঁৰ প্ৰাক্তন প্ৰেমিকে অপহৰণ কৰি জীৱন্তে সমাধিস্থ কৰিছিল বুলি বুধবাৰে আদালতে শুনানি গ্ৰহণ কৰে।

ছাত্ৰীগৰাকীৰ নাম জেছমিন কৌৰ আৰু অভিযুক্ত যুৱকজনৰ নাম তাৰিকজোৎ সিঙে বুলি জানিব পৰা গৈছে। জেছমিন এডিলেইড চহৰত অধ্যয়নৰত আছিল। বুধবাৰে আদালতত নিজৰ হত্যাকাণ্ডৰ দোষ স্বীকাৰ কৰে সিঙে।

নিউজ ডট কম ডট অ’ই এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ ৫ মাৰ্চত সিঙে কৰ্মস্থলীৰ পৰা অপহৰণ কৰিছিল ২১ বছৰীয়া কৌৰক।

খবৰ অনুসৰি সিঙে কৌৰক দক্ষিণ অষ্ট্ৰেলিয়া ৰাজ্যৰ দুৰ্গম ফ্লিণ্ডাৰছ ৰেঞ্জৰ এটা অগভীৰ কবৰত তেওঁক জীৱিত অৱস্থাত সমাধিস্থ কৰে।

উচ্চতম ন্যায়ালয়ত শাস্তি প্ৰদানৰ দাখিলৰ সময়ত এই ঘটনাৰ ভয়ানক সবিশেষ পোহৰলৈ আহে। “কৌৰক যি ধৰণে হত্যা কৰা হৈছিল, সেয়া এক অস্বাভাৱিক মাত্ৰাৰ নিষ্ঠুৰতা,’’- আদালতে কয়।


এবিচি নিউজৰ মতে, এই কাণ্ডৰ এসপ্তাহপূৰ্বে তাৰিকজোত সিঙে তেওঁক পিচা কৰা বুলি আৰক্ষীৰ আগত অভিযোগ দাখিল 
কৰিছিল জেছমিনে। কিন্তু এমাহৰ পাছতেই জেছমীন কৌৰক হত্যা কৰা হয় বুলি বুধবাৰে উচ্চতম ন্যায়ালয়ত জনোৱা হয়।

জছমীন কৌৰৰ হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্তৰ সময়ত তাৰিকজোটে এই অভিযোগ অস্বীকাৰ কৰে। আত্মহত্যা কৰি তাইৰ মৃত্যু হোৱা বাবে তাইৰ মৃতদেহটো পুতি থৈছিল বুলি কৈছিল। অৱশ্যে চলিত বৰ্ষৰ আৰম্ভণিতে সিঙে দোষ স্বীকাৰ কৰিছিল। আনকি তেওঁ বিষয়াসকলক তাইৰ সমাধিস্থললৈ লৈ গৈছিল য’ত তেওঁলোকে এটা বিনত কৌৰৰ জোতা, চশমা আৰু কৰ্মৰ নামৰ বেজটো পাইছিল, লগতে লুপযুক্ত কেবল টাইও পাইছিল। তাৰিকজোৎ সিঙে এতিয়া বাধ্যতামূলক যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস