--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূৰ্বৰ সফলতাৰ ভিত্তিত ভাৰতে এইবাৰো  অস্কাৰ ২০২৪ ৰ বাবে দক্ষিণৰ চলচ্চিত্ৰকলৈ  আত্মবিশ্বাসী হৈ আছিল। কিন্তু  সুদীপ্ত সেনৰ 'দ্য কেৰালা ষ্টৰী' অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিছে। ইয়াৰ পৰিৱৰ্তে অহা বছৰৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা   টবিনো থমাছ অভিনীত মালায়ালম ছবি '২০১৮: এভৰিবডি ইজ এ হিৰো' চৰকাৰীভাবে তালিকাভুক্ত হৈছে।

কানাড়া চলচ্চিত্ৰ পৰিচালক গিৰীশ কাচাৰাৱল্লীৰ নেতৃত্বত গঠিত অস্কাৰ সমিতিয়ে বুধবাৰে এই কথা ঘোষণা কৰে। অৱশ্যে ছবিখনে  চৰকাৰীভাবে তালিকাভুক্ত হোৱাৰ পিছত  আনুষ্ঠানিকভাবে মনোনয়নৰ তালিকাত স্থান লাভ কৰিব লাগিব। 


২০২৩ চনত দক্ষিণৰ ছবি  'আৰআৰ'-এ অস্কাৰৰ মঞ্চ কঁপাই তুলিছিল। ছবিখনৰ 'নাটু নাটু' গানটোৱে শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছতে ২০২৪ৰ বাবে অস্কাৰলৈ ভাৰতৰ পৰা কোনখন ছবি  আন্তৰ্জাতিক বঁটা মঞ্চলৈ প্ৰেৰণ কৰা হ'ব তাকেলৈ  চিনে অনুৰাগীসকলৰ মাজত উৎকণ্ঠা  আছিল। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেশ্যনে (এফএফআই) ছবিৰ   আবেদন দাখিল কৰিবলৈ ২৫ দিন সময় দিছিল। আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল ১০ ছেপ্টেম্বৰ।

সেই সকলো বোৰ আবেদনৰ ভিতিত্তিত প্ৰাথমিক তালিকাখন প্ৰস্তুত কৰি উলিওৱা হৈছে।   প্ৰাৰম্ভিক তালিকাখনত পৰিচালক সুদীপ্ত সেনৰ 'দ্য কেৰালা ষ্টৰী', অভিষেক বচ্চন অভিনীত আৰু আৰ বাল্কিৰ 'ঘুমাৰ', অনন্ত মহাদেৱনৰ 'দ্য গল্পকাৰ', নন্দিতা দাসৰ 'জুইগাটো'ৰ মাজৰে কোনোবা এখনে স্থান পাব বুলি বহুতে আশা কৰিছিল।  কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ৰ নামো উচ্চাৰিত হৈছিল।কিন্তু সকলোকে চেৰ পেলাই  টবিনো থমাছৰ ২০১৮: এভৰিবডি ইজ এ হিৰো ছবি খন অস্কাৰৰ প্ৰেৰণ কৰিবলগীয়া ছবিৰ তালিকাভুক্ত হৈছে।

জুড এন্থনী যোচেফৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। ২০১৮ চনত কেৰালাত প্ৰলংকৰী  বানপানী হৈছিল। ছবি খনৰ চিত্ৰনাট্য  সেই ঘটনাৰ আধাৰতে লিখি উলিওৱা হৈছে।  ৩০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা '২০১৮: এভৰিবডি ইজ এণ্ড হিৰো' চলিত বৰ্ষৰ ৫ মে'ত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। আৰু কেইটামান প্ৰক্ৰিয়াৰ পিছতে এইবাৰ ছবিখনে কৰিব  অস্কাৰমুখী যাত্ৰা। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ