--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূৰ্বৰ সফলতাৰ ভিত্তিত ভাৰতে এইবাৰো  অস্কাৰ ২০২৪ ৰ বাবে দক্ষিণৰ চলচ্চিত্ৰকলৈ  আত্মবিশ্বাসী হৈ আছিল। কিন্তু  সুদীপ্ত সেনৰ 'দ্য কেৰালা ষ্টৰী' অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিছে। ইয়াৰ পৰিৱৰ্তে অহা বছৰৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা   টবিনো থমাছ অভিনীত মালায়ালম ছবি '২০১৮: এভৰিবডি ইজ এ হিৰো' চৰকাৰীভাবে তালিকাভুক্ত হৈছে।

কানাড়া চলচ্চিত্ৰ পৰিচালক গিৰীশ কাচাৰাৱল্লীৰ নেতৃত্বত গঠিত অস্কাৰ সমিতিয়ে বুধবাৰে এই কথা ঘোষণা কৰে। অৱশ্যে ছবিখনে  চৰকাৰীভাবে তালিকাভুক্ত হোৱাৰ পিছত  আনুষ্ঠানিকভাবে মনোনয়নৰ তালিকাত স্থান লাভ কৰিব লাগিব। 


২০২৩ চনত দক্ষিণৰ ছবি  'আৰআৰ'-এ অস্কাৰৰ মঞ্চ কঁপাই তুলিছিল। ছবিখনৰ 'নাটু নাটু' গানটোৱে শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছতে ২০২৪ৰ বাবে অস্কাৰলৈ ভাৰতৰ পৰা কোনখন ছবি  আন্তৰ্জাতিক বঁটা মঞ্চলৈ প্ৰেৰণ কৰা হ'ব তাকেলৈ  চিনে অনুৰাগীসকলৰ মাজত উৎকণ্ঠা  আছিল। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেশ্যনে (এফএফআই) ছবিৰ   আবেদন দাখিল কৰিবলৈ ২৫ দিন সময় দিছিল। আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল ১০ ছেপ্টেম্বৰ।

সেই সকলো বোৰ আবেদনৰ ভিতিত্তিত প্ৰাথমিক তালিকাখন প্ৰস্তুত কৰি উলিওৱা হৈছে।   প্ৰাৰম্ভিক তালিকাখনত পৰিচালক সুদীপ্ত সেনৰ 'দ্য কেৰালা ষ্টৰী', অভিষেক বচ্চন অভিনীত আৰু আৰ বাল্কিৰ 'ঘুমাৰ', অনন্ত মহাদেৱনৰ 'দ্য গল্পকাৰ', নন্দিতা দাসৰ 'জুইগাটো'ৰ মাজৰে কোনোবা এখনে স্থান পাব বুলি বহুতে আশা কৰিছিল।  কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ৰ নামো উচ্চাৰিত হৈছিল।কিন্তু সকলোকে চেৰ পেলাই  টবিনো থমাছৰ ২০১৮: এভৰিবডি ইজ এ হিৰো ছবি খন অস্কাৰৰ প্ৰেৰণ কৰিবলগীয়া ছবিৰ তালিকাভুক্ত হৈছে।

জুড এন্থনী যোচেফৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। ২০১৮ চনত কেৰালাত প্ৰলংকৰী  বানপানী হৈছিল। ছবি খনৰ চিত্ৰনাট্য  সেই ঘটনাৰ আধাৰতে লিখি উলিওৱা হৈছে।  ৩০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা '২০১৮: এভৰিবডি ইজ এণ্ড হিৰো' চলিত বৰ্ষৰ ৫ মে'ত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। আৰু কেইটামান প্ৰক্ৰিয়াৰ পিছতে এইবাৰ ছবিখনে কৰিব  অস্কাৰমুখী যাত্ৰা। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু