--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা শ্বাহৰুখ খানে বছৰ বছৰ ধৰি মুম্বাইত বাস কৰি আহিছে যদিও জীৱনৰ আৰম্ভণিৰ দিনবোৰ বছৰবোৰ দিল্লীতে কটাইছিল। সেয়ে তেওঁৰ আচাৰ-আচৰণ দিল্লীৱালাৰ দৰে।
 
কিছু পুৰণা এক সাক্ষাৎকাৰৰ সময়ত শ্বাহৰুখে প্ৰকাশ কৰে যে কেনেকৈ এসময়ত সহ অভিনেতাৰ সৈতে প্ৰেমৰ উৰাবাতৰি প্ৰকাশ কৰাৰ বাবে এজন সাংবাদিকৰ সৈতে মুখামুখি হৈছিল। শ্বাহৰুখে কয় যে যেতিয়া তেওঁ ১৯৯৩ চনত 'কভি হান কভি না’ৰ বাবে চিত্ৰগ্ৰহণ কৰি আছিল, তেতিয়া গৌৰী খানৰ সৈতে তেওঁৰ বিয়াৰ মাত্ৰ দুবছৰহে হ’ল।

ক্ষুব্ধ শ্বাহৰুখে উৰাবাতৰিটো লিখা সাংবাদিকজনক মাতি আনে। মাতি আনি দিল্লীৱালা গালি পাৰিবলৈ ধৰিলে। শ্বাহৰুখে কয়- মই বৰ বেয়া আচৰণ কৰিছিলো। মোক জেলত ভৰাই থোৱা হৈছিল। মোৰ শহুৰে মোক তৰোৱাল এখন দিছিল, যেনেকৈ পাঞ্জাবী বিয়াত কৰে। সেই তৰোৱালখন মই সেই সাংবাদিকৰ ঘৰলৈ লৈ গ’লোঁ৷’’

ঘটনাৰ পিছত তেওঁ উভতি আহি 'কভি হান কভি না চেট’লৈ উভতি আহে। এদিন পিছত তাত কেইজনমান পুলিচ দেখা দিলে, আৰু তেওঁক ষ্টেচনলৈ লৈ গ’ল।

আৰক্ষী ষ্টেচনত তেওঁক থিয় হৈ থাকিবলৈ কোৱা হ’ল। সন্ধিয়া ৬ বজাৰ পিছত তেওঁক অনা হৈছিল, সেয়ে জামিন লাভ কৰিব নোৱাৰিলে। শ্বাহৰুখক এটা ফোন কলৰ অনুমতি দিয়া হৈছিল যদিও কাৰোবাৰ সহায় বিচৰাৰ পৰিৱৰ্তে তেওঁ সাংবাদিকজনকে ফোন কৰি ক’লে যে এবাৰ ওলাই গ’লে তেওঁৰ লগত কি কৰিব তাৰ পৰা সাৱধান হওক। 

শ্বাহৰুখে দম দিয়ে- “ছালে আব তোহ জেল ভি চলা গয়া হু। আব তোহ নিকাল কে আউগা ঔৰ তেৰেকো কাত কে জাউগা’’।

কিন্তু তাৰ পিছত তেওঁ এই সকলোবোৰ প্ৰতিশোধৰ সিদ্ধান্ত এৰি দিয়াৰ সিদ্ধান্ত ল’লে কাৰণ ‘পত্নীজনী বৰ বিচলিত হৈছিল’। তেওঁ লগতে কয় যে অভিনেতা নানা পাটেকাৰেই তেওঁক জেলৰ পৰা উলিয়াই আনিছিল।

শ্বাহৰুখ আৰু নানাই একেলগে কাম কৰিছিল আজিজ মিৰ্জাৰ পৰিচালনা আৰু ১৯৯২ চনত মুক্তি পোৱা ৰাজু বান গয়া জেন্টলমেন ছবিখনত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু