--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি আছানচোলৰ বিজেপি প্ৰাৰ্থী পৱন সিঙে প্ৰাথিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত সোমবাৰে বিজেপি সাংসদ উপেন্দ্ৰ সিং ৰাৱাটে  উত্তৰ প্ৰদেশৰ বাৰাবাংকী আসনৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কোৰ কথা ঘোষণা কৰে।  তেওঁৰ এটা  অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সাংসদগৰাকীয়ে এই উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰে।  

বাৰাবাংকীৰ বৰ্তমানৰ সাংসদ ৰাৱাটক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা  প্ৰথম খন প্ৰাৰ্থীৰ তালিকাত স্থান দিয়া হৈছিল। ইয়াৰ পিছতে সাংসদগৰাকীৰ এটা অশ্লীল  ভিডিঅ' ভাইৰেল হৈ পৰে।  ভিডিঅ’টোত  উপেন্দ্ৰ সিং ৰাৱটক বিদেশী মূলৰ এগৰাকী মহিলাৰ সৈতে অতি বেয়া অৱস্থাত দেখা গৈছে। অৱশ্যে, বাৰাবাংকীৰ সাংসদজনে ভিডিঅ'টো ভুৱা বুলি অভিহিত কৰিছে  আৰু এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে  একাংশ লোকে তেওঁক বদনামী কৰাৰ বাবেই ভুৱা ভিডিঅ’টো  প্ৰস্তুত কৰিছে।  

 এক্সৰ এটা পোষ্টত ৰাৱাটে কয়, "মোৰ এটা সম্পাদিত ভিডিঅ' ভাইৰেল কৰা হৈছে,  যিটো দীপফেক এআই প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি কৰা হৈছে, যাৰ বাবে মই এখন এজাহাৰ দাখিল কৰিছো। এই সন্দৰ্ভত, মই ৰাষ্ট্ৰপতিক ইয়াৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছো। মই নিৰ্দোষ প্ৰমাণিত নোহোৱালৈকে ৰাজহুৱা জীৱনত কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো।" 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু