--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি আছানচোলৰ বিজেপি প্ৰাৰ্থী পৱন সিঙে প্ৰাথিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত সোমবাৰে বিজেপি সাংসদ উপেন্দ্ৰ সিং ৰাৱাটে  উত্তৰ প্ৰদেশৰ বাৰাবাংকী আসনৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কোৰ কথা ঘোষণা কৰে।  তেওঁৰ এটা  অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সাংসদগৰাকীয়ে এই উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰে।  

বাৰাবাংকীৰ বৰ্তমানৰ সাংসদ ৰাৱাটক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা  প্ৰথম খন প্ৰাৰ্থীৰ তালিকাত স্থান দিয়া হৈছিল। ইয়াৰ পিছতে সাংসদগৰাকীৰ এটা অশ্লীল  ভিডিঅ' ভাইৰেল হৈ পৰে।  ভিডিঅ’টোত  উপেন্দ্ৰ সিং ৰাৱটক বিদেশী মূলৰ এগৰাকী মহিলাৰ সৈতে অতি বেয়া অৱস্থাত দেখা গৈছে। অৱশ্যে, বাৰাবাংকীৰ সাংসদজনে ভিডিঅ'টো ভুৱা বুলি অভিহিত কৰিছে  আৰু এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে  একাংশ লোকে তেওঁক বদনামী কৰাৰ বাবেই ভুৱা ভিডিঅ’টো  প্ৰস্তুত কৰিছে।  

 এক্সৰ এটা পোষ্টত ৰাৱাটে কয়, "মোৰ এটা সম্পাদিত ভিডিঅ' ভাইৰেল কৰা হৈছে,  যিটো দীপফেক এআই প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি কৰা হৈছে, যাৰ বাবে মই এখন এজাহাৰ দাখিল কৰিছো। এই সন্দৰ্ভত, মই ৰাষ্ট্ৰপতিক ইয়াৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছো। মই নিৰ্দোষ প্ৰমাণিত নোহোৱালৈকে ৰাজহুৱা জীৱনত কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো।" 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক