--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰত অহিন্দু লোকৰ প্ৰৱেশ নিষেধ। ভগৱান বিষ্ণু ইয়াত জগন্নাথ ৰূপত বাস কৰে বুলি বিশ্বাস কৰা হয়। যোৱা কেইবাটাও দশক ধৰি এই মন্দিৰত কেৱল হিন্দুসকলকহে পূজা কৰিবলৈ দিয়া হৈছে। অহিন্দুসকলে এই মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। বিদেশী পৰ্যটককো মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। 

নিয়ম উলংঘা কৰি পুৰীৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰা ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে সন্ধিয়া নিয়ম উলংঘা কৰি মন্দিৰত প্ৰৱেশ কৰে ৯ জন বাংলাদেশী নাগৰিকে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিশ্ব হিন্দু পৰিষদে থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ আধাৰত আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰে।

পুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুশীল মিশ্ৰই জনোৱা মতে, এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ দল এটা সেই স্থানত উপস্থিত হয়। উলংঘাকাৰীক প্ৰথমে আটক কৰি তাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। অধিক তদন্তৰ বাবে তেওঁলোকক জিম্মাত লোৱা হৈছে। 

উল্লেখ্য যে কেৱল হিন্দুসকলকহে এই মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হয়। এই তথ্য মন্দিৰ চৌহদত স্পষ্টকৈ লিখা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement