--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰত অহিন্দু লোকৰ প্ৰৱেশ নিষেধ। ভগৱান বিষ্ণু ইয়াত জগন্নাথ ৰূপত বাস কৰে বুলি বিশ্বাস কৰা হয়। যোৱা কেইবাটাও দশক ধৰি এই মন্দিৰত কেৱল হিন্দুসকলকহে পূজা কৰিবলৈ দিয়া হৈছে। অহিন্দুসকলে এই মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। বিদেশী পৰ্যটককো মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। 

নিয়ম উলংঘা কৰি পুৰীৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰা ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে সন্ধিয়া নিয়ম উলংঘা কৰি মন্দিৰত প্ৰৱেশ কৰে ৯ জন বাংলাদেশী নাগৰিকে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিশ্ব হিন্দু পৰিষদে থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ আধাৰত আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰে।

পুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুশীল মিশ্ৰই জনোৱা মতে, এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ দল এটা সেই স্থানত উপস্থিত হয়। উলংঘাকাৰীক প্ৰথমে আটক কৰি তাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। অধিক তদন্তৰ বাবে তেওঁলোকক জিম্মাত লোৱা হৈছে। 

উল্লেখ্য যে কেৱল হিন্দুসকলকহে এই মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হয়। এই তথ্য মন্দিৰ চৌহদত স্পষ্টকৈ লিখা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু