--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমৰ  বাবে আহিছে এক সুখবৰ। মুক্তি লাভৰ পূৰ্বেই বিশ্ব বিখ্যাত কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমত নিৰ্মিত হিন্দী ভাষাৰ ছবি 'কুকি’য়ে। অহা ২৮ জুনত সমগ্ৰ দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি লাভৰ পূৰ্বে ছবিখনে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল। উল্লেখ্য যে, ২১ মে’ৰ পুৱা ১১.৩০ বজাত (স্থানীয় সময় অনুসৰি)  প্ৰদৰ্শন কৰা হ’ব অসমৰ হিন্দী ভাষাৰ ছবিখন। 

এই গৌৰৱৰ মুহূৰ্তৰ বিষয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি 'কুকি’ৰ প্ৰযোজিকা ড০ জুনমণি দেৱী খাউণ্ডে কয়, "প্ৰতিষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ত মোৰ প্ৰথমখন ছবি 'কুকি’ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰি মই অত্যন্ত কৃতজ্ঞ আৰু সন্মানিতবোধ কৰিছোঁ। এই মঞ্চখনে চলচ্চিত্ৰ কলা উদযাপন কৰাই নহয়, বৰং গুৰুত্বপূৰ্ণ বিশ্বজনীন বিষয়বস্তুৰ ওপৰত কথা ক’বলৈও আমাৰ কণ্ঠক প্ৰসাৰিত কৰে। কুকিত এনে এটা বিষয় উপস্থাপন কৰা হৈছে, যিটো বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মনোযোগ আৰু আলোচনাৰ প্ৰয়োজন আছে আৰু সেইবাবে কাঁন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ উপস্থাপন বিশেষভাৱে গুৰুত্বপূৰ্ণ। মোৰ দৃঢ় বিশ্বাস যে, সজাগতা আৰু অৰ্থপূৰ্ণ আইনী সংস্কাৰৰ দাবী কৰা আমাৰ ছবিখনৰ বিষয়বস্তুটো সমগ্ৰ বিশ্বৰ দৰ্শকক প্ৰদৰ্শিত কৰাৰ যোগ্য। কাঁনৰ দৰে চলচ্চিত্ৰ মহোৎসৱত এখন ছবি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাটো এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে সদায় এক সপোন বাস্তৱায়িত হোৱাৰ দৰে। এনে এখন বিখ্যাত মঞ্চত আমাৰ কাহিনী তুলি ধৰিবলৈ সুযোগ লাভ কৰাৰ বাবে মই অতিশয় কৃতজ্ঞ।’’ 

উল্লেখ্য যে, অসমত নিৰ্মিত এই হিন্দী ভাষাৰ ছবিখনত বলিউডৰ কেবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰাৰ লগতে হিন্দী ছবি উদ্যোগত খ্যাতি অৰ্জন কৰা অনেক কেইগৰাকী অসমীয়া শিল্পীয়ে কাম কৰিছে। ছবিখনত অভিনয় কৰা শিল্পীসকলৰ উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে ৰিতিশা খাউণ্ড, ৰাজেশ টাইলাং, দীপান্বিতা শৰ্মা, ঋতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা আৰু ৰঞ্জীৱ লাল বৰা আদি। ইয়াৰোপৰি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহান, দিব্য কুমাৰ, মহম্মদ ফৈজ আৰু অসমৰ কৃতিকা শৰ্মাই 'কুকি’ৰ তিনিটা সুমধুৰ গীতত কণ্ঠ নিগৰাইছে। পৰিচালক প্ৰণৱ জে ডেকা আৰু দলটোৱেও সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া তেওঁলোকৰ ছবিখনৰ নিৰ্বাচনক লৈ আনন্দ প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement