--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমৰ  বাবে আহিছে এক সুখবৰ। মুক্তি লাভৰ পূৰ্বেই বিশ্ব বিখ্যাত কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমত নিৰ্মিত হিন্দী ভাষাৰ ছবি 'কুকি’য়ে। অহা ২৮ জুনত সমগ্ৰ দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি লাভৰ পূৰ্বে ছবিখনে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল। উল্লেখ্য যে, ২১ মে’ৰ পুৱা ১১.৩০ বজাত (স্থানীয় সময় অনুসৰি)  প্ৰদৰ্শন কৰা হ’ব অসমৰ হিন্দী ভাষাৰ ছবিখন। 

এই গৌৰৱৰ মুহূৰ্তৰ বিষয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি 'কুকি’ৰ প্ৰযোজিকা ড০ জুনমণি দেৱী খাউণ্ডে কয়, "প্ৰতিষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ত মোৰ প্ৰথমখন ছবি 'কুকি’ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰি মই অত্যন্ত কৃতজ্ঞ আৰু সন্মানিতবোধ কৰিছোঁ। এই মঞ্চখনে চলচ্চিত্ৰ কলা উদযাপন কৰাই নহয়, বৰং গুৰুত্বপূৰ্ণ বিশ্বজনীন বিষয়বস্তুৰ ওপৰত কথা ক’বলৈও আমাৰ কণ্ঠক প্ৰসাৰিত কৰে। কুকিত এনে এটা বিষয় উপস্থাপন কৰা হৈছে, যিটো বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মনোযোগ আৰু আলোচনাৰ প্ৰয়োজন আছে আৰু সেইবাবে কাঁন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ উপস্থাপন বিশেষভাৱে গুৰুত্বপূৰ্ণ। মোৰ দৃঢ় বিশ্বাস যে, সজাগতা আৰু অৰ্থপূৰ্ণ আইনী সংস্কাৰৰ দাবী কৰা আমাৰ ছবিখনৰ বিষয়বস্তুটো সমগ্ৰ বিশ্বৰ দৰ্শকক প্ৰদৰ্শিত কৰাৰ যোগ্য। কাঁনৰ দৰে চলচ্চিত্ৰ মহোৎসৱত এখন ছবি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাটো এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে সদায় এক সপোন বাস্তৱায়িত হোৱাৰ দৰে। এনে এখন বিখ্যাত মঞ্চত আমাৰ কাহিনী তুলি ধৰিবলৈ সুযোগ লাভ কৰাৰ বাবে মই অতিশয় কৃতজ্ঞ।’’ 

উল্লেখ্য যে, অসমত নিৰ্মিত এই হিন্দী ভাষাৰ ছবিখনত বলিউডৰ কেবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰাৰ লগতে হিন্দী ছবি উদ্যোগত খ্যাতি অৰ্জন কৰা অনেক কেইগৰাকী অসমীয়া শিল্পীয়ে কাম কৰিছে। ছবিখনত অভিনয় কৰা শিল্পীসকলৰ উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে ৰিতিশা খাউণ্ড, ৰাজেশ টাইলাং, দীপান্বিতা শৰ্মা, ঋতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা আৰু ৰঞ্জীৱ লাল বৰা আদি। ইয়াৰোপৰি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহান, দিব্য কুমাৰ, মহম্মদ ফৈজ আৰু অসমৰ কৃতিকা শৰ্মাই 'কুকি’ৰ তিনিটা সুমধুৰ গীতত কণ্ঠ নিগৰাইছে। পৰিচালক প্ৰণৱ জে ডেকা আৰু দলটোৱেও সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া তেওঁলোকৰ ছবিখনৰ নিৰ্বাচনক লৈ আনন্দ প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু