--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ নৈপৰীয়া অঞ্চলত হৈ থকা গৰাখহনীয়া সমস্যাক লৈ লোকসভাত সৰব হ’ল নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ৷ সাংসদ বৰদলৈয়ে পুনৰ এবাৰ সংসদত ‘Rule ৩৭৭’ৰ যোগেদি এই গৰাখহনীয়া সমস্যাৰ ওপৰত এটা আলোচনাৰ দাবী উত্থাপন কৰিছে৷ গৰাখহনীয়া সমস্যাৰ সবিশেষ জনাই নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে লোকসভাৰ ছেক্ৰেটেৰী-জেনেৰেললৈ এখন পত্ৰও প্ৰেৰণ কৰিছে৷ সাংসদ বৰদলৈয়ে কয়, বিগত দুবছৰে বিশেষকৈ জলশক্তি বিভাগৰ বিভাগীয় মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলক বুজাবলৈ চেষ্টা কৰিছোঁ যে অসমৰ বানতকৈ এতিয়া বেছি গুৰুত্বপূৰ্ণ সমস্যাটো হ’ল ব্ৰহ্মপুত্ৰকে আদি কৰি আমাৰ নদীবিলাকত চলি থকা গৰাখহনীয়াৰ বিভীষিকা। তথ্য অনুসৰি, ১৯৫৪ চনৰ পৰা এতিয়ালৈকে অসমত ৪.৫ লাখ হেক্টৰ মাটিত থকা (মানে প্ৰায় ১,১২,৩৬,০০০ বিঘা) কৃষিভূমি, গছ-গছনি আৰু মানুহৰ ঘৰ-বাৰী, সম্পত্তি আদি নদীৰ বুকুত জাহ গৈছে। সাংসদগৰাকীয়ে কয়, মোৰ সংসদীয় এলেকাৰ লাহৰীঘাট আৰু জাগীৰোড বিধানসভা সমষ্টিতে আটাইতকৈ বেছি গৰাখহনীয়াৰ সমস্যাই গা কৰি উঠিছে। এই খহনীয়াৰ বাবেই অসমৰ বিভিন্ন চৰ-চাপৰি আৰু নদীৰ পাৰত থকা হাজাৰ-হাজাৰ লোক দৈনিক গৃহহীন হৈ আহিছে। নদীয়ে গৃহহাৰা কৰা এইসকল লোকে নিগাজীকৈ বসতি স্থাপন কৰিবলৈ এতিয়া দিহিঙে-দিপাঙে ঘূৰি ফুৰে। গোলকীয় উষ্ণতাৰ ফলত বিগত ৭/৮ বছৰৰ পৰা ঘনাই বতৰ সলনি হৈ থকা কাৰণে চীন আৰু লাডাখত ব্ৰহ্মপুত্ৰৰ গতি পুনৰ্বিন্যাস কৰা স্বাভাৱিক কাম-কাজ আৰু অসমৰ নামনিলৈ বৈ অহা নদীৰ পানীৰ পৰিমাণৰ বঢ়া-টুটাৰ অস্বাভাৱিক তাৰতম্যৰ বাবেই এই গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ কৰি কয় যে, আগতে বানপানীৰ লগতে সামগ্ৰিকভাৱে গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘Flood Management Programme’ শিতানত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ধন আবণ্টন কৰিছিল৷ পিছে, ২০১৫ চনৰ পৰা মোদী চৰকাৰে সেয়া বন্ধ কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু