--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ নৈপৰীয়া অঞ্চলত হৈ থকা গৰাখহনীয়া সমস্যাক লৈ লোকসভাত সৰব হ’ল নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ৷ সাংসদ বৰদলৈয়ে পুনৰ এবাৰ সংসদত ‘Rule ৩৭৭’ৰ যোগেদি এই গৰাখহনীয়া সমস্যাৰ ওপৰত এটা আলোচনাৰ দাবী উত্থাপন কৰিছে৷ গৰাখহনীয়া সমস্যাৰ সবিশেষ জনাই নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে লোকসভাৰ ছেক্ৰেটেৰী-জেনেৰেললৈ এখন পত্ৰও প্ৰেৰণ কৰিছে৷ সাংসদ বৰদলৈয়ে কয়, বিগত দুবছৰে বিশেষকৈ জলশক্তি বিভাগৰ বিভাগীয় মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলক বুজাবলৈ চেষ্টা কৰিছোঁ যে অসমৰ বানতকৈ এতিয়া বেছি গুৰুত্বপূৰ্ণ সমস্যাটো হ’ল ব্ৰহ্মপুত্ৰকে আদি কৰি আমাৰ নদীবিলাকত চলি থকা গৰাখহনীয়াৰ বিভীষিকা। তথ্য অনুসৰি, ১৯৫৪ চনৰ পৰা এতিয়ালৈকে অসমত ৪.৫ লাখ হেক্টৰ মাটিত থকা (মানে প্ৰায় ১,১২,৩৬,০০০ বিঘা) কৃষিভূমি, গছ-গছনি আৰু মানুহৰ ঘৰ-বাৰী, সম্পত্তি আদি নদীৰ বুকুত জাহ গৈছে। সাংসদগৰাকীয়ে কয়, মোৰ সংসদীয় এলেকাৰ লাহৰীঘাট আৰু জাগীৰোড বিধানসভা সমষ্টিতে আটাইতকৈ বেছি গৰাখহনীয়াৰ সমস্যাই গা কৰি উঠিছে। এই খহনীয়াৰ বাবেই অসমৰ বিভিন্ন চৰ-চাপৰি আৰু নদীৰ পাৰত থকা হাজাৰ-হাজাৰ লোক দৈনিক গৃহহীন হৈ আহিছে। নদীয়ে গৃহহাৰা কৰা এইসকল লোকে নিগাজীকৈ বসতি স্থাপন কৰিবলৈ এতিয়া দিহিঙে-দিপাঙে ঘূৰি ফুৰে। গোলকীয় উষ্ণতাৰ ফলত বিগত ৭/৮ বছৰৰ পৰা ঘনাই বতৰ সলনি হৈ থকা কাৰণে চীন আৰু লাডাখত ব্ৰহ্মপুত্ৰৰ গতি পুনৰ্বিন্যাস কৰা স্বাভাৱিক কাম-কাজ আৰু অসমৰ নামনিলৈ বৈ অহা নদীৰ পানীৰ পৰিমাণৰ বঢ়া-টুটাৰ অস্বাভাৱিক তাৰতম্যৰ বাবেই এই গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ কৰি কয় যে, আগতে বানপানীৰ লগতে সামগ্ৰিকভাৱে গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘Flood Management Programme’ শিতানত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ধন আবণ্টন কৰিছিল৷ পিছে, ২০১৫ চনৰ পৰা মোদী চৰকাৰে সেয়া বন্ধ কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু