--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে বিস্ফোৰক মন্তব্য কৰিছে৷ ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, কংগ্ৰেছৰ কেইবাজনো বিধায়কে ৰাজ্যসভাত বিজেপিক ভোট দিব। বহুকেইজন বিধায়কে নিশা মুখ্যমন্ত্ৰীৰ লগত কথা পাতে বুলি চাঞ্চল্যকৰ মন্তব্য কৰে শ্বেৰমান আলী আহমেদে৷ তেওঁলোকে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ভয়তে বিজেপিক ভোট দিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে৷ উল্লেখযোগ্য যে, কেইমাহমান পাছতেই অসমত ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় বিজেপিয়ে৷ একেদৰে প্ৰস্তুতি চলাইছে বিৰোধী কংগ্ৰেছ দলেও৷ বিৰোধী শিবিৰত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰো চিন্তা-চৰ্চা চলিছে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যসভাৰ প্ৰাৰ্থী নহয় বুলি স্পষ্ট কৰি দিছে৷ আনহাতে, বিজেপিয়ে ৰাজ্যসভাৰ দুয়োখন আসনেই লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ অন্য নেতা-মন্ত্ৰীয়ে মন্তব্য কৰি আহিছে৷ মূলত: ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কংগ্ৰেছ বিধায়কক বিজেপিত যোগদান কৰোৱাইছিল মুখ্যমন্ত্ৰীয়ে৷ পৰৱৰ্তী সময়ত আৰু কেইবাগৰাকীও কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলত তেওঁৰ বিশ বছৰ পুৰণি ‘ইনভেষ্টমেণ্ট’ আছে বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পূৰ্বেও ৰাজ্যসভা নিৰ্বাচনতে তেতিয়াৰ কংগ্ৰেছৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিধায়কক গাড়ীত উঠাই আনি কংগ্ৰেছত ভোট দিয়াইছিল৷ আৰু, অসমৰ ৰাজনীতিত হৰ্ছ ট্ৰেডিঙৰ সেয়াই আছিল আৰম্ভণি৷ সেই অশুভ পৰম্পৰাৰ আজিও অন্ত নপৰিল অসমৰ ৰাজনীতিত৷ বৰং সেই অশুভ পৰম্পৰাক ন্যায্যতা দিব খোজাহে পৰিলক্ষিত হয়৷ এতিয়া আৰু অসমত মূল্যবোধ, সততাৰ ৰাজনীতি নচলে৷ এতিয়া চলে মিঠা কথা আৰু তিতা কামৰ ৰাজনীতি৷ প্ৰচাৰ আৰু চমকেৰে ৰাইজক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখি বিধায়ক কিনা-বেচা কৰাৰ ৰাজনীতিহে চলে অসমত৷ সেয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰ বিধায়কক কৌশলেৰে বিজেপি আৰু অগপত যোগদান কৰোৱাৰ পৰিকল্পনা চলিছে৷ শেহতীয়াকৈ ৰহা সমষ্টিৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা কৰিছিল৷ কংগ্ৰেছৰ এইগৰাকী বিধায়কে বিজেপিত যোগদান কৰিব পাৰে বুলি চৰ্চা চলি আছে৷ একেদৰে, তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱা, বকোৰ বিধায়ক নন্দিতা দাসে বিজেপিত যোগদান কৰিব পাৰে বুলি খবৰ ওলাইছে৷ আনহাতে, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অগপত যোগদান কৰিব বুলি সৰব চৰ্চা চলিছে৷ এইসকল বিধায়কে হয়তো নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিব পাৰে৷ আৰু, যোগদান নকৰিলেও ৰাজ্যসভাত বিজেপিতে ভোট দিব পাৰে৷ দৃষ্টি নিবদ্ধ হৈছে শ্বেৰমান আলীৰ ওপৰতো৷ শ্বেৰমান আলীয়ে ৰাজ্যসভাক ভোট দিব ক’ত? অলপতে, মুখ্যমন্ত্ৰীয়ে বিপিএফে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিব বুলি মন্তব্য কৰিছিল৷ সামগ্ৰিকভাৱে, ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সমৰ্থনত বিধায়কৰ সংখ্যা বঢ়োৱাৰ চেষ্টা বিজেপিয়ে৷ লক্ষ্যণীয় হ’ব, ৰাজ্যসভাৰ আসন দুখনত কোনে মাৰে শেষ হাঁহি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ