--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে বিস্ফোৰক মন্তব্য কৰিছে৷ ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, কংগ্ৰেছৰ কেইবাজনো বিধায়কে ৰাজ্যসভাত বিজেপিক ভোট দিব। বহুকেইজন বিধায়কে নিশা মুখ্যমন্ত্ৰীৰ লগত কথা পাতে বুলি চাঞ্চল্যকৰ মন্তব্য কৰে শ্বেৰমান আলী আহমেদে৷ তেওঁলোকে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ভয়তে বিজেপিক ভোট দিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে৷ উল্লেখযোগ্য যে, কেইমাহমান পাছতেই অসমত ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় বিজেপিয়ে৷ একেদৰে প্ৰস্তুতি চলাইছে বিৰোধী কংগ্ৰেছ দলেও৷ বিৰোধী শিবিৰত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰো চিন্তা-চৰ্চা চলিছে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যসভাৰ প্ৰাৰ্থী নহয় বুলি স্পষ্ট কৰি দিছে৷ আনহাতে, বিজেপিয়ে ৰাজ্যসভাৰ দুয়োখন আসনেই লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ অন্য নেতা-মন্ত্ৰীয়ে মন্তব্য কৰি আহিছে৷ মূলত: ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কংগ্ৰেছ বিধায়কক বিজেপিত যোগদান কৰোৱাইছিল মুখ্যমন্ত্ৰীয়ে৷ পৰৱৰ্তী সময়ত আৰু কেইবাগৰাকীও কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলত তেওঁৰ বিশ বছৰ পুৰণি ‘ইনভেষ্টমেণ্ট’ আছে বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পূৰ্বেও ৰাজ্যসভা নিৰ্বাচনতে তেতিয়াৰ কংগ্ৰেছৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিধায়কক গাড়ীত উঠাই আনি কংগ্ৰেছত ভোট দিয়াইছিল৷ আৰু, অসমৰ ৰাজনীতিত হৰ্ছ ট্ৰেডিঙৰ সেয়াই আছিল আৰম্ভণি৷ সেই অশুভ পৰম্পৰাৰ আজিও অন্ত নপৰিল অসমৰ ৰাজনীতিত৷ বৰং সেই অশুভ পৰম্পৰাক ন্যায্যতা দিব খোজাহে পৰিলক্ষিত হয়৷ এতিয়া আৰু অসমত মূল্যবোধ, সততাৰ ৰাজনীতি নচলে৷ এতিয়া চলে মিঠা কথা আৰু তিতা কামৰ ৰাজনীতি৷ প্ৰচাৰ আৰু চমকেৰে ৰাইজক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখি বিধায়ক কিনা-বেচা কৰাৰ ৰাজনীতিহে চলে অসমত৷ সেয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰ বিধায়কক কৌশলেৰে বিজেপি আৰু অগপত যোগদান কৰোৱাৰ পৰিকল্পনা চলিছে৷ শেহতীয়াকৈ ৰহা সমষ্টিৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা কৰিছিল৷ কংগ্ৰেছৰ এইগৰাকী বিধায়কে বিজেপিত যোগদান কৰিব পাৰে বুলি চৰ্চা চলি আছে৷ একেদৰে, তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱা, বকোৰ বিধায়ক নন্দিতা দাসে বিজেপিত যোগদান কৰিব পাৰে বুলি খবৰ ওলাইছে৷ আনহাতে, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অগপত যোগদান কৰিব বুলি সৰব চৰ্চা চলিছে৷ এইসকল বিধায়কে হয়তো নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিব পাৰে৷ আৰু, যোগদান নকৰিলেও ৰাজ্যসভাত বিজেপিতে ভোট দিব পাৰে৷ দৃষ্টি নিবদ্ধ হৈছে শ্বেৰমান আলীৰ ওপৰতো৷ শ্বেৰমান আলীয়ে ৰাজ্যসভাক ভোট দিব ক’ত? অলপতে, মুখ্যমন্ত্ৰীয়ে বিপিএফে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিব বুলি মন্তব্য কৰিছিল৷ সামগ্ৰিকভাৱে, ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সমৰ্থনত বিধায়কৰ সংখ্যা বঢ়োৱাৰ চেষ্টা বিজেপিয়ে৷ লক্ষ্যণীয় হ’ব, ৰাজ্যসভাৰ আসন দুখনত কোনে মাৰে শেষ হাঁহি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল