--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ অধ্যক্ষ হিচাবে সমিতিৰ আন সদস্যসকলৰ সৈতে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰ তথা ৰাজ্যখনৰ আন বিষয়াসকলৰ উপস্থিতিত সীমামূৰীয়া খান্দুলি অঞ্চল ভ্ৰমণ কৰি এখন বৈঠকত অংশ লয় । 

অসমৰ পশ্চিম কাৰ্বি আংলঙ জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া হিলচ জিলাৰ মাজত থকা সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে প্ৰথমবাৰৰ বাবে আজি যুটীয়াভাৱে বিবদমান খান্দুলি অঞ্চল পৰিদৰ্শন কৰে । মন্ত্ৰী পীযুষ হাজৰীকাই আজি মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অঞ্চলটোৰ মেঘালয়ৰ দিশত থকা স্থানীয় ৰাইজৰ প্ৰতিনিধিসকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে । ইয়াৰ পাছত সীমামূৰীয়া স্থানসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী দুগৰাকীয়ে খান্দুলিস্থিত সীমান্ত আৰক্ষী চকীত এখন বৈঠকত সমিতি দুখনৰ সদস্যসকলৰ লগত মিলিত হয় । ইয়াতে অসমৰ দিশৰ স্থানীয় ব্যক্তিসকলৰ দল-সংগঠনৰ প্ৰতিনিধিবৰ্গই দুয়োগৰাকী মন্ত্ৰীকে সীমা সমস্যাবিষয়ক তেওঁলোকৰ স্মাৰকপত্ৰ প্ৰদান কৰে । মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত নিজৰ মন্তব্য প্ৰদান কৰি কয় যে দুয়োখন আঞ্চলিক সমিতিয়ে সোনকালে পুনৰ এবাৰ অঞ্চলটো ভ্ৰমণ কৰি স্থানীয় লোকসকলৰ মতামত গ্ৰহণ কৰিব । স্থানীয় ব্যক্তিসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি আৰু সাংবিধানিক সীমাৰ ওপৰত বিবেচনা কৰি দুয়োখন সমিতিয়ে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । আনহাতে চুবুৰীয়া ৰাজ্য দুখনৰ মাজত বহুখিনি সীমা সমস্যা ইতিমধ্যেই সমাধান হোৱা বুলি উল্লেখ কৰি সোনকালেই বাকী থকা স্থানসমূহতো সীমা সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ দৃঢ়তা প্ৰকাশ কৰে ।

পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰাথমিকতা প্ৰদান কৰি আন্তৰিকতাৰে কাম কৰি আছে । লগতে তেওঁ কয় যে অসম আৰু মেঘালয়ৰ বাসিন্দাসকলে পৰস্পৰৰ মাজত ভাতৃত্বভাৱেৰে বাস কৰি আহিছে আৰু ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ আন্তৰিক সদিচ্ছাৰ বাবে সীমা সংক্ৰান্তীয় যিখিনি প্ৰাৰ্থক্য আছে সেয়াও সোনকালেই সমাধা হৈ উঠিব ।

মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত বিধায়ক ৰূপসিং টেৰন, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি.ডি. ত্ৰিপাঠী, বিভাগীয় সচিব, পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংগ দিয়াৰ বিপৰীতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগত ৰাজ্যখনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী