--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নিৰ্মাণ হৈছে এখন প্ৰকাণ্ড তথা অত্যাধুনিক এইমছ। যিখন এইমছ দেখা পায় কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে্। সৰ্বসাধাৰণ জনতাই দিনতো দেখা নাপায় আৰু ৰাতিও দেখা নাপায় এই এইমছখন। ক'ত আছে এই আশ্চৰ্যকৰ এইমছখন? আচলতে এইখন এইমছ আছে বিহাৰৰ দৰভংগাত। 

বিহাৰৰ দৰভংগা এইমছ আকৌ এবাৰ বাতৰিৰ শিৰোনামত। দৰভংগা এইমছ সন্দৰ্ভত আকৌ এবাৰ দেখা গ'ল বিহাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখামুখি সংঘৰ্ষ। দৰাচলতে বিহাৰ চৰকাৰে এই এইমছখনৰ বাবে মাটি দিছে, কিন্তু নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। শেহতীয়াকৈ এটা ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই এইমছৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উন্নত স্বাস্থ্য সুবিধাৰ বাবে অসমৰ গুৱাহাটীৰ পৰা পশ্চিম বংগৰ কল্যাণীলৈকে, ঝাৰখণ্ডৰ দেওঘৰৰ পৰা বিহাৰৰ দৰভংগালৈকে নতুন পৰিকল্পনাৰে এইমছ মুকলি কৰা হৈছে। যাতে মানুহে উন্নত চিকিৎসাৰ বাবে শ শ কিলোমিটাৰ যাত্ৰা কৰিব নালাগে।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভাষণৰ ওপৰত বিৰোধীয়ে কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে। এই সন্দৰ্ভত বিহাৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বাক-বিতণ্ডা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক ৰূপ লোৱাৰ এই ভাষণ ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। যাৰ ওপৰত বহুতো মিমো শ্বেয়াৰ কৰা হৈছে। #AIIMSDarbhangaStaff টুইটাৰত ট্ৰেণ্ডিং হৈ আছে। যাৰ ওপৰত ব্যৱহাৰকাৰীয়ে দৰভংগা এইমছৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে। আনকি একাংশ ইউজাৰে বিজেপিকো ট্ৰ’ল কৰাও আৰম্ভ কৰিছে। 

দৰভংগা এইমছৰ বিষয়ে প্ৰথম আলোচনা ২০১৫-১৬ চনৰ বাজেট ভাষণত হৈছিল। সেই সময়ত তদানীন্তন স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই দৰভংগা এইমছৰ বিষয়ে কৈছিল যে বিহাৰৰ দ্বিতীয় আইম দৰভংগাত মুকলি হ’ব। য’ত থাকিব ৭২৫খন বিচনা। এই এইমছে ২০২০ চনত কেন্দ্ৰীয় কেবিনেটৰ পৰা অনুমোদন লাভ কৰিছিল আৰু ৪৮ মাহৰ ভিতৰত এই মন্ত্ৰীসভাৰ অনুমোদন লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। যাৰ বাবে বিহাৰ চৰকাৰেও ১৫১ একৰ মাটি দিছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ দলে নাকচ কৰিছিল। যাৰ বাবেই দৰভংগা এইমছৰ সপোনটো মাজ বাটত ওলমি ৰয়।

দৰভংগা এইমছক লৈ বিহাৰৰ নীতিশ চৰকাৰ আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ মাজত বাক বিতণ্ডা চলি আছে। এই যুঁজখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ পাছত বাঢ়ি যায়, যেতিয়া তেওঁ কয় যে ৰাইজৰ সুবিধাৰ বাবেই এই যুঁজখন কৰা হৈছে। 

বিহাৰ চৰকাৰৰ মতে, শোভন বাইপাছৰ সমীপৰ পঞ্চোবৰ এই সেউজ পথাৰত এইমছ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছিল। যিখন শোভন ভূমিত মুখ্যমন্ত্রীয়ে এইমছ নিৰ্মাণৰ কথা কৈছে, সেই ভূমি বর্তমান পানীৰে ভৰি আছে৷ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বানপানীৰ সৃষ্টি হৈছে। পানী ইমানেই বেছি যে এতিয়া কঁকালৰ পৰা ওপৰলৈকে পানী। য'ত মাছমৰীয়াক মাছ ধৰাত ব্যস্ত হোৱা দেখা পোৱা গৈছে।

যাৰ ফলশ্ৰুতিত এয়া স্পষ্ট হৈ পৰিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এইমছ নিৰ্মাণৰ নামত কেৱল ৰাজনীতিহে চলি থাকিব। লোকসভা নিৰ্বাচনত প্ৰতিটো দলে নিজৰ নিজৰ ধৰণেৰে ৰাজনৈতিক ৰণনীতি বনোৱাৰ কাম কৰিব। আৰু জনসাধাৰণে এইমছৰ নামত কেৱল প্ৰতাৰিত হ'ব। আৰু এইমছৰ নামত বিজেপিয়ে ললিপপ দেখুৱাই ভোট আহৰণৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ