--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নিৰ্মাণ হৈছে এখন প্ৰকাণ্ড তথা অত্যাধুনিক এইমছ। যিখন এইমছ দেখা পায় কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে্। সৰ্বসাধাৰণ জনতাই দিনতো দেখা নাপায় আৰু ৰাতিও দেখা নাপায় এই এইমছখন। ক'ত আছে এই আশ্চৰ্যকৰ এইমছখন? আচলতে এইখন এইমছ আছে বিহাৰৰ দৰভংগাত। 

বিহাৰৰ দৰভংগা এইমছ আকৌ এবাৰ বাতৰিৰ শিৰোনামত। দৰভংগা এইমছ সন্দৰ্ভত আকৌ এবাৰ দেখা গ'ল বিহাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখামুখি সংঘৰ্ষ। দৰাচলতে বিহাৰ চৰকাৰে এই এইমছখনৰ বাবে মাটি দিছে, কিন্তু নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। শেহতীয়াকৈ এটা ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই এইমছৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উন্নত স্বাস্থ্য সুবিধাৰ বাবে অসমৰ গুৱাহাটীৰ পৰা পশ্চিম বংগৰ কল্যাণীলৈকে, ঝাৰখণ্ডৰ দেওঘৰৰ পৰা বিহাৰৰ দৰভংগালৈকে নতুন পৰিকল্পনাৰে এইমছ মুকলি কৰা হৈছে। যাতে মানুহে উন্নত চিকিৎসাৰ বাবে শ শ কিলোমিটাৰ যাত্ৰা কৰিব নালাগে।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভাষণৰ ওপৰত বিৰোধীয়ে কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে। এই সন্দৰ্ভত বিহাৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বাক-বিতণ্ডা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক ৰূপ লোৱাৰ এই ভাষণ ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। যাৰ ওপৰত বহুতো মিমো শ্বেয়াৰ কৰা হৈছে। #AIIMSDarbhangaStaff টুইটাৰত ট্ৰেণ্ডিং হৈ আছে। যাৰ ওপৰত ব্যৱহাৰকাৰীয়ে দৰভংগা এইমছৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে। আনকি একাংশ ইউজাৰে বিজেপিকো ট্ৰ’ল কৰাও আৰম্ভ কৰিছে। 

দৰভংগা এইমছৰ বিষয়ে প্ৰথম আলোচনা ২০১৫-১৬ চনৰ বাজেট ভাষণত হৈছিল। সেই সময়ত তদানীন্তন স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই দৰভংগা এইমছৰ বিষয়ে কৈছিল যে বিহাৰৰ দ্বিতীয় আইম দৰভংগাত মুকলি হ’ব। য’ত থাকিব ৭২৫খন বিচনা। এই এইমছে ২০২০ চনত কেন্দ্ৰীয় কেবিনেটৰ পৰা অনুমোদন লাভ কৰিছিল আৰু ৪৮ মাহৰ ভিতৰত এই মন্ত্ৰীসভাৰ অনুমোদন লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। যাৰ বাবে বিহাৰ চৰকাৰেও ১৫১ একৰ মাটি দিছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ দলে নাকচ কৰিছিল। যাৰ বাবেই দৰভংগা এইমছৰ সপোনটো মাজ বাটত ওলমি ৰয়।

দৰভংগা এইমছক লৈ বিহাৰৰ নীতিশ চৰকাৰ আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ মাজত বাক বিতণ্ডা চলি আছে। এই যুঁজখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ পাছত বাঢ়ি যায়, যেতিয়া তেওঁ কয় যে ৰাইজৰ সুবিধাৰ বাবেই এই যুঁজখন কৰা হৈছে। 

বিহাৰ চৰকাৰৰ মতে, শোভন বাইপাছৰ সমীপৰ পঞ্চোবৰ এই সেউজ পথাৰত এইমছ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছিল। যিখন শোভন ভূমিত মুখ্যমন্ত্রীয়ে এইমছ নিৰ্মাণৰ কথা কৈছে, সেই ভূমি বর্তমান পানীৰে ভৰি আছে৷ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বানপানীৰ সৃষ্টি হৈছে। পানী ইমানেই বেছি যে এতিয়া কঁকালৰ পৰা ওপৰলৈকে পানী। য'ত মাছমৰীয়াক মাছ ধৰাত ব্যস্ত হোৱা দেখা পোৱা গৈছে।

যাৰ ফলশ্ৰুতিত এয়া স্পষ্ট হৈ পৰিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এইমছ নিৰ্মাণৰ নামত কেৱল ৰাজনীতিহে চলি থাকিব। লোকসভা নিৰ্বাচনত প্ৰতিটো দলে নিজৰ নিজৰ ধৰণেৰে ৰাজনৈতিক ৰণনীতি বনোৱাৰ কাম কৰিব। আৰু জনসাধাৰণে এইমছৰ নামত কেৱল প্ৰতাৰিত হ'ব। আৰু এইমছৰ নামত বিজেপিয়ে ললিপপ দেখুৱাই ভোট আহৰণৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement