--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত খৰিচা অতি জনপ্ৰিয় খাদ্য। ভাতৰ কাঁহীৰ কাষত অলপমান খৰিচা লৈয়ে মুখৰ জুতি বঢ়াব পাৰি। খৰিচা হৈছে বাঁহ গাজৰ(Bamboo Shoot) পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। অসমীয়া সমাজত বাঁহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। 

সেয়েহে বাঁহক লৈ বহুতো ফকৰা যোজনাও আমাৰ সমাজত প্ৰচলিত আছে। যেনে- ‘‘বাৰীৰ শুৱনি বাঁহ, ভোজনৰ শুৱনি হাঁহ।'' সঁচাকৈয়ে বাৰীত বাঁহ থকা গৃহস্থৰ ঘৰৰ সৌন্দৰ্যই সুকীয়া। বাঁহৰ বিভিন্ন অংশ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ গজালিক খাদ্য হিচাপেও জাতি-জনজাতি লোকসকলে ব্যৱহাৰ কৰা দেখা যায়।

প্রবাদ-প্রবচনত পোৱা যায়। এইদৰে— ''তোমাৰ বাৰীৰ বাঁহগাজ,তাৰে কৰিছো খৰিচা,তাকে সলাই লৈ ধানদোণ লওঁ,কথাটো মন কৰিছা!'' আৰু এষাৰি শুনিবলৈ পোৱা যায়-''যাৰ নাই বাঁহ, তাৰ নাই সাহ।''
জীৱন সমৃদ্ধ কৰিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ উপৰি বাঁহৰ গজালি খাদ্য হিচাপে সর্বজনবিদিত।  খৰিচাই দেশী তথা বিদেশী বজাৰতো নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখিবলৈ সমর্থ হৈছে। খৰিচাৰ সোৱাদ জ্বলা-টেঙেচীয়া হৈ বৰ জুতিলগা হয়। খৰিচাৰ সৈতে ৰন্ধা মাংসৰ সোৱাদো অতুলনীয়।

দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। খৰিচাৰে আচাৰো প্ৰস্তুত কৰা হয়।সুন্দৰকৈ ফুৰফুৰীয়া বা মলমলীয়া টেঙা গোন্ধৰ খৰিচা খাবলৈ লোভনীয় হৈ পৰে। নিমখ,জলকীয়া,কেঁচা পিঁয়াজ মিহিকৈ কাটি কেঁচা মিঠাতেল সানি খৰিচা খাবলৈ বৰ ভাল লাগে। 

খৰিচা বা বাঁহগাজৰ ঔষধি গুণ

১)বাঁহগাজত যথেষ্ট ঔষধি গুণ থাকে, বিশেষকৈ ই অতি পুষ্টিদায়ক আৰু বৰ ৰুচিকাৰক বুলি কোৱা হয়।

২)বাঁহগাজ কম আহঁযুক্ত আৰু কম চৰ্বিযুক্ত হোৱা বাবে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ 

৩)ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।

৪)পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে।

৫)আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ বাঁহৰ গাজব্যৱহাৰ কৰা হয়।

৬)আলচাৰৰ চিকিৎসাত সহায় কৰে।

৭)কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

৮)ই মানুহৰ হজম শক্তি বঢ়ায়।

৯)উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে।

১০)কলেষ্ট'ৰেলৰ পৰিমাণ কমাই ৰাখিব পাৰে।

১১)বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।

১২)বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে।

১৩)কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।

১৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

১৫)হিমোগ্লোবিনৰ স্তৰ বজাই ৰাখে।

আমাৰ এনে খাদ্যই আমাৰ দেহ-মন সুস্থ কৰি ৰখাৰ লগতে খোৱাৰ ৰুচি বঢ়ায়। গতিকে আহক ঔষধিগুণযুক্ত খৰিচা খাই নিজক স্বাস্থ্যৱান কৰি ৰাখো। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement