--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত খৰিচা অতি জনপ্ৰিয় খাদ্য। ভাতৰ কাঁহীৰ কাষত অলপমান খৰিচা লৈয়ে মুখৰ জুতি বঢ়াব পাৰি। খৰিচা হৈছে বাঁহ গাজৰ(Bamboo Shoot) পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। অসমীয়া সমাজত বাঁহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। 

সেয়েহে বাঁহক লৈ বহুতো ফকৰা যোজনাও আমাৰ সমাজত প্ৰচলিত আছে। যেনে- ‘‘বাৰীৰ শুৱনি বাঁহ, ভোজনৰ শুৱনি হাঁহ।'' সঁচাকৈয়ে বাৰীত বাঁহ থকা গৃহস্থৰ ঘৰৰ সৌন্দৰ্যই সুকীয়া। বাঁহৰ বিভিন্ন অংশ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ গজালিক খাদ্য হিচাপেও জাতি-জনজাতি লোকসকলে ব্যৱহাৰ কৰা দেখা যায়।

প্রবাদ-প্রবচনত পোৱা যায়। এইদৰে— ''তোমাৰ বাৰীৰ বাঁহগাজ,তাৰে কৰিছো খৰিচা,তাকে সলাই লৈ ধানদোণ লওঁ,কথাটো মন কৰিছা!'' আৰু এষাৰি শুনিবলৈ পোৱা যায়-''যাৰ নাই বাঁহ, তাৰ নাই সাহ।''
জীৱন সমৃদ্ধ কৰিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ উপৰি বাঁহৰ গজালি খাদ্য হিচাপে সর্বজনবিদিত।  খৰিচাই দেশী তথা বিদেশী বজাৰতো নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখিবলৈ সমর্থ হৈছে। খৰিচাৰ সোৱাদ জ্বলা-টেঙেচীয়া হৈ বৰ জুতিলগা হয়। খৰিচাৰ সৈতে ৰন্ধা মাংসৰ সোৱাদো অতুলনীয়।

দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। খৰিচাৰে আচাৰো প্ৰস্তুত কৰা হয়।সুন্দৰকৈ ফুৰফুৰীয়া বা মলমলীয়া টেঙা গোন্ধৰ খৰিচা খাবলৈ লোভনীয় হৈ পৰে। নিমখ,জলকীয়া,কেঁচা পিঁয়াজ মিহিকৈ কাটি কেঁচা মিঠাতেল সানি খৰিচা খাবলৈ বৰ ভাল লাগে। 

খৰিচা বা বাঁহগাজৰ ঔষধি গুণ

১)বাঁহগাজত যথেষ্ট ঔষধি গুণ থাকে, বিশেষকৈ ই অতি পুষ্টিদায়ক আৰু বৰ ৰুচিকাৰক বুলি কোৱা হয়।

২)বাঁহগাজ কম আহঁযুক্ত আৰু কম চৰ্বিযুক্ত হোৱা বাবে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ 

৩)ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।

৪)পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে।

৫)আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ বাঁহৰ গাজব্যৱহাৰ কৰা হয়।

৬)আলচাৰৰ চিকিৎসাত সহায় কৰে।

৭)কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

৮)ই মানুহৰ হজম শক্তি বঢ়ায়।

৯)উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে।

১০)কলেষ্ট'ৰেলৰ পৰিমাণ কমাই ৰাখিব পাৰে।

১১)বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।

১২)বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে।

১৩)কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।

১৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

১৫)হিমোগ্লোবিনৰ স্তৰ বজাই ৰাখে।

আমাৰ এনে খাদ্যই আমাৰ দেহ-মন সুস্থ কৰি ৰখাৰ লগতে খোৱাৰ ৰুচি বঢ়ায়। গতিকে আহক ঔষধিগুণযুক্ত খৰিচা খাই নিজক স্বাস্থ্যৱান কৰি ৰাখো। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু