--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। অসমৰ ছবিগৃহত মুক্তি পালে বহু প্ৰতীক্ষিত নিপন গোস্বামীৰ পৰিচালনাৰ ছবি ড০ বেজবৰুৱা-২এ। প্ৰথম দিনাৰ প্ৰথম দৰ্শনী চোৱাৰ মানসেৰে ছবিগৃহত ভিৰ কৰিলেহি দৰ্শকে। ছবি চাই সকলোৱে একেমুখে প্ৰশংসা কৰিলে ড০ বেজবৰুৱা-২ক। 

দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে  ছবিখনৰ সৈতে জড়িতসকলৰ লগতে অসমীয়া ছবি উদ্যোগটোক মনেপ্ৰাণে ভালপোৱাসকলক আহ্লাদিত কৰি তুলিছে ৷যিটো সময়ত অসমীয়া ছবি উদ্যোগটো মৰি মৰি জী আছে সেই সময়তে আজি অসমৰ ১৪২ খন পৰ্দা আৰু ভাৰতৰ বিভিন্ন চহৰৰ ৮ টা প্ৰেক্ষাগৃহত  মুক্তি লাভ কৰা এ এম  টেলিভিছনৰ বেনাৰত নিৰ্মিত নৱতম ছবি ‘ডক্তৰ বেজবৰুৱা-২’ই অভিলেখ গঢ়িবলৈ সক্ষম হ’ল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আঠ খন চহৰতে ‘ডক্তৰ বেজবৰুৱা-২’ ৰ প্ৰেক্ষাগৃহ হৈ পৰে হাউছফুল৷ বহু ঠাইত আনকি অতিৰিক্ত দৰ্শনীৰো ব্যৱস্থা কৰিবলগীয়া হয়৷ 

আজি  সকলো ছবিগৃহতে ‘ডক্তৰ বেজবৰুৱা-২’ উপভোগ কৰিবলৈ টিকট বিচাৰি দৰ্শকৰ মাজত উথপথপ লগা পৰিলক্ষিত হয়৷ এক কথাত এয়া অসমীয়া ছবিৰ প্ৰতি  দৰ্শকৰ প্ৰীতিকেই সূচাইছে বুলি বহুতে মন্তব্য কৰিছে৷ ‘ড০ বেজবৰুৱা-২’ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিয়ে ছবিপ্ৰেমীসকলক আনন্দিত কৰি তুলিছে৷  উল্লেখ্য ছবিখনৰ  প্ৰযোজনা প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ৷ 

‘ডক্তৰ বেজবৰুৱা-২’ ছবি খনত বলিউড তথা হলীউডৰ বলিষ্ঠ অভিনেতা আদিল হুছেইনৰ লগতে সিদ্ধাৰ্থ-কিংকিনীৰ সফল ৰোমাণ্টিক যুটিয়ে অভিনয় কৰিছে৷ ছবি খনত নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব  জুবিন গাৰ্গকো  ব্যতিক্ৰমী ৰূপত দেখা গৈছে৷ 

নৃত্য-গীত, একচন, ছাচপেন্স, কমেডীৰে পৰিপূৰ্ণ ছবি ‘ডক্তৰ বেজবৰুৱা-২’ক সকলো দৰ্শকেই এখন সফল পূৰ্ণাংগ ছবি আখ্যা দিছে৷ উল্লেখ্য এই খনেই হৈছে নিপন গোস্বামীৰ অন্তিম পৰিচালিত ছবি৷ মুক্তিৰ পূৰ্বেই ছবি খনৰ প্ৰতিটো গীতেই লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ  ব্যাপক সঁহাৰি৷ অসমীয়া ছিনেমাৰ ক্ষেত্ৰত প্ৰি-বুকিঙৰ অভিলেখো ‘ডক্তৰ বেজবৰুৱাৰ-২’ই ৰচনা কৰিছে৷ 

ছবি খনৰ জনপ্ৰিয়তা লক্ষ্য কৰি ছবি খনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণে কয় যে এতিয়া আঞ্চলিক ছবিৰ বাবে ভাল দিন উভতি  আহিছে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে  ছবিঘৰত আলোড়ন সৃষ্টি কৰিছে  ‘ডক্তৰ বেজবৰুৱা-২’ ছবি খনে । যোৰহাটৰ ইলি ছবিগৃহত ‘ডক্তৰ বেজবৰুৱা-২ ৰ আটাইকেইটা দৰ্শনী হাউছফুল হয় । ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিঘৰতো হাউছফুল বুকিং। 

গুৱাহাটীৰ ইন'ক্সত প্রথম দর্শনী চাই উৎফুল্লিত দর্শক।নগাঁৱত ৩ দিনৰ বাবে অপেৰা চিনেমা হলৰ সম্পূর্ণ টিকট বিক্রী। অসমৰ ১৪২খন পৰ্দাতো একে দৃশ্যই পৰিলক্ষিত হ’ল৷   ছবিখনত  আদিল হুছেইনৰ বলিষ্ঠ অভিনয়, জুবিন গাৰ্গৰ  ব্যতিক্ৰমী ৰূপ,  সিদ্ধার্থ-কিংকিনীৰ সফল ৰোমাণ্টিক যুটি, নৃত্য-গীত, একচন, ছাচপেন্স, কমেডীৰ কথা দৰ্শকৰ মুখে মুখে বাগৰি গ’ল৷  আনকি গুৱাহাটীত লাখুটি লৈ  ৭৫ বছৰীয়া আইতায়ো চালে ছবিখন। ‘ডক্তৰ বেজবৰুৱা-২’ প্রথম দর্শনী চাই অভিভূত হৈ পৰে যুৱ প্ৰজন্মৰ দৰ্শকসকলৰ লগতে সকলো বয়সৰে দৰ্শক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু