--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। অসমৰ ছবিগৃহত মুক্তি পালে বহু প্ৰতীক্ষিত নিপন গোস্বামীৰ পৰিচালনাৰ ছবি ড০ বেজবৰুৱা-২এ। প্ৰথম দিনাৰ প্ৰথম দৰ্শনী চোৱাৰ মানসেৰে ছবিগৃহত ভিৰ কৰিলেহি দৰ্শকে। ছবি চাই সকলোৱে একেমুখে প্ৰশংসা কৰিলে ড০ বেজবৰুৱা-২ক। 

দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে  ছবিখনৰ সৈতে জড়িতসকলৰ লগতে অসমীয়া ছবি উদ্যোগটোক মনেপ্ৰাণে ভালপোৱাসকলক আহ্লাদিত কৰি তুলিছে ৷যিটো সময়ত অসমীয়া ছবি উদ্যোগটো মৰি মৰি জী আছে সেই সময়তে আজি অসমৰ ১৪২ খন পৰ্দা আৰু ভাৰতৰ বিভিন্ন চহৰৰ ৮ টা প্ৰেক্ষাগৃহত  মুক্তি লাভ কৰা এ এম  টেলিভিছনৰ বেনাৰত নিৰ্মিত নৱতম ছবি ‘ডক্তৰ বেজবৰুৱা-২’ই অভিলেখ গঢ়িবলৈ সক্ষম হ’ল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আঠ খন চহৰতে ‘ডক্তৰ বেজবৰুৱা-২’ ৰ প্ৰেক্ষাগৃহ হৈ পৰে হাউছফুল৷ বহু ঠাইত আনকি অতিৰিক্ত দৰ্শনীৰো ব্যৱস্থা কৰিবলগীয়া হয়৷ 

আজি  সকলো ছবিগৃহতে ‘ডক্তৰ বেজবৰুৱা-২’ উপভোগ কৰিবলৈ টিকট বিচাৰি দৰ্শকৰ মাজত উথপথপ লগা পৰিলক্ষিত হয়৷ এক কথাত এয়া অসমীয়া ছবিৰ প্ৰতি  দৰ্শকৰ প্ৰীতিকেই সূচাইছে বুলি বহুতে মন্তব্য কৰিছে৷ ‘ড০ বেজবৰুৱা-২’ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিয়ে ছবিপ্ৰেমীসকলক আনন্দিত কৰি তুলিছে৷  উল্লেখ্য ছবিখনৰ  প্ৰযোজনা প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ৷ 

‘ডক্তৰ বেজবৰুৱা-২’ ছবি খনত বলিউড তথা হলীউডৰ বলিষ্ঠ অভিনেতা আদিল হুছেইনৰ লগতে সিদ্ধাৰ্থ-কিংকিনীৰ সফল ৰোমাণ্টিক যুটিয়ে অভিনয় কৰিছে৷ ছবি খনত নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব  জুবিন গাৰ্গকো  ব্যতিক্ৰমী ৰূপত দেখা গৈছে৷ 

নৃত্য-গীত, একচন, ছাচপেন্স, কমেডীৰে পৰিপূৰ্ণ ছবি ‘ডক্তৰ বেজবৰুৱা-২’ক সকলো দৰ্শকেই এখন সফল পূৰ্ণাংগ ছবি আখ্যা দিছে৷ উল্লেখ্য এই খনেই হৈছে নিপন গোস্বামীৰ অন্তিম পৰিচালিত ছবি৷ মুক্তিৰ পূৰ্বেই ছবি খনৰ প্ৰতিটো গীতেই লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ  ব্যাপক সঁহাৰি৷ অসমীয়া ছিনেমাৰ ক্ষেত্ৰত প্ৰি-বুকিঙৰ অভিলেখো ‘ডক্তৰ বেজবৰুৱাৰ-২’ই ৰচনা কৰিছে৷ 

ছবি খনৰ জনপ্ৰিয়তা লক্ষ্য কৰি ছবি খনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণে কয় যে এতিয়া আঞ্চলিক ছবিৰ বাবে ভাল দিন উভতি  আহিছে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে  ছবিঘৰত আলোড়ন সৃষ্টি কৰিছে  ‘ডক্তৰ বেজবৰুৱা-২’ ছবি খনে । যোৰহাটৰ ইলি ছবিগৃহত ‘ডক্তৰ বেজবৰুৱা-২ ৰ আটাইকেইটা দৰ্শনী হাউছফুল হয় । ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিঘৰতো হাউছফুল বুকিং। 

গুৱাহাটীৰ ইন'ক্সত প্রথম দর্শনী চাই উৎফুল্লিত দর্শক।নগাঁৱত ৩ দিনৰ বাবে অপেৰা চিনেমা হলৰ সম্পূর্ণ টিকট বিক্রী। অসমৰ ১৪২খন পৰ্দাতো একে দৃশ্যই পৰিলক্ষিত হ’ল৷   ছবিখনত  আদিল হুছেইনৰ বলিষ্ঠ অভিনয়, জুবিন গাৰ্গৰ  ব্যতিক্ৰমী ৰূপ,  সিদ্ধার্থ-কিংকিনীৰ সফল ৰোমাণ্টিক যুটি, নৃত্য-গীত, একচন, ছাচপেন্স, কমেডীৰ কথা দৰ্শকৰ মুখে মুখে বাগৰি গ’ল৷  আনকি গুৱাহাটীত লাখুটি লৈ  ৭৫ বছৰীয়া আইতায়ো চালে ছবিখন। ‘ডক্তৰ বেজবৰুৱা-২’ প্রথম দর্শনী চাই অভিভূত হৈ পৰে যুৱ প্ৰজন্মৰ দৰ্শকসকলৰ লগতে সকলো বয়সৰে দৰ্শক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই