--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতলৈ হঠাতে এক পৰিৱৰ্তন আহিছে৷ ৩ ফেব্ৰৱাৰীত অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰা এএম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি 'ডক্তৰ বেজবৰুৱা ২' ৰ প্ৰতি দৰ্শকে দেখুওৱা অভূতপূৰ্ব সঁহাৰিত আহ্লাদিত হৈ পৰিছে ছবি খনৰ চিত্ৰনাট্যকাৰ ৰাজদ্বীপ৷ দৰ্শকৰ বিপুল সঁহাৰি প্ৰত্য কৰি ৰাজদ্বীপে কয় যে 'ডক্তৰ বেজবৰুৱা ২'কলৈ  মানুহৰ প্ৰত্যাশা বৃদ্ধি পাইছে, এয়া অসমীয়া ছবি জগতৰ বাবে শুভ লক্ষণ৷ 

উল্লেখ্য প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা   'ডক্তৰ বেজবৰুৱা ২' ছবি খনে  শুক্ৰবাৰে সমগ্ৰ অসম আৰু দেশৰ আন কিছু অংশত মুক্তি লাভ কৰে। ডক্তৰ বেজবৰুৱা' ছবি খনে ১৯৬৯ চনত মুক্তি লাভ কৰিছিল আৰু আজিলৈকে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম বৃহৎ হিট ছবি হিচাপে পৰিগণিত হৈ আছে।সেই হিট ছবি খনৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে 'ডক্তৰ বেজবৰুৱা ২' ৷ মাত্ৰ দৃশ্যায়ন আৰু পৰিবেশনৰ ক্ষেত্ৰত বহু খিনি আধুনিকতাৰ পৰশ পৰিছে৷ ফলত এতিয়াৰ প্ৰজন্মৰ দৰ্শকে ষাঠিৰ দশকৰ ছুপাৰহিট ছবি খনক আৰু অধিক সুন্দৰ ৰূপত উপভোগ কৰাৰ সুবিধা পাইছে৷  ৰাজদ্বীপ 'ডক্তৰ বেজবৰুৱা ২'  ছবি খনৰ চিত্ৰনাট্যকাৰ৷  সংবাদমাধ্যমক ৰাজদ্বীপে কয় "ডক্তৰ বেজবৰুৱাৰ দৰে এখন চিনেমাৰ চিকুৱেল লিখাটো মোৰ বাবে এক উল্লেখনীয় কথা৷ এয়া মোৰ  কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান"। 

জনপ্ৰিয় অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে পৰিচালনা কৰা ছবি খন  সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে প্ৰযোজনা কৰি অসমবাসীক এক অমূল্য উপহাৰ দিয়া বুলি এতিয়া বহুতে আলোচনা কৰা পৰিলক্ষিত হৈছে।  ছবিখনত আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপন গোস্বামী, কিংকিনি গোস্বামী, মাধুৰীমা চৌধুৰী আৰু অৰুণ নাৰায়ণৰ উপৰি অন্যান্য সকলে অভিনয় কৰিছে। ৰাজদ্বীপে লগতে কয়"ছবিখনে মানুহৰ পৰা যি ধৰণৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিছে সেয়া মোৰ বাবে  যথেষ্ট,"৷   

'ডক্তৰ বেজবৰুৱা ২' বাংগালোৰ, নতুন দিল্লী, নয়ডা, হায়দৰাবাদ আৰু চেন্নাই আদি স্থানতো  মুক্তি দিয়া  হৈছে। সেই ঠাইসমূহতো অসমীয়া দৰ্শকে আগ্ৰহেৰে ছবি খন চাইছে৷  ৰাজদ্বীপে আৰু কয়  যে নিপন গোস্বামীয়েই কাহিনীটো লিখিবলৈ তেওঁক কৈছিল ।এই প্ৰসংগত  ৰাজদ্বীপে কয়  "মই প্ৰথমে বিষয়টোকলৈ নাৰ্ভাছ হৈছিলো৷   মই  ছবি খন  একাধিকবাৰ চাইছিলো  আৰু তেনে কৰাৰ ফলত  মই  ছবিখনৰ সৈতে সংযোগ গঢ়ি তোলাত সহায় লাভ কৰিছিলো৷  এটা সময়ত  মই চিকুৱেলখন লিখিবলৈ সাজু হৈছিলো," । 

বঁটা বিজয়ী চিত্ৰনাট্যকাৰ  ৰাজদ্বীপে লগতে কয় যে " চিকুৱেলটো এটা সম্পূৰ্ণ বেলেগ কাহিনী। মই কাহিনীটোৰ বাবে  সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল, কিয়নো ধাৰাটো মোৰ বাবে একেবাৰে নতুন আছিল। এইটো এটা থ্ৰিলাৰ য'ত বহুতো পাক আৰু ঘূৰ্ণন আছে। অসমীয়া ভাষাত, আমাৰ ওচৰত থ্ৰিলাৰ চিনেমাৰ বেছি   উদাহৰণ পাবলৈ  নাই, কেৱল  'ডক্তৰ বেজবৰুৱা'ৰ বাহিৰে। গতিকে মই ছবিখনৰ মৌলিক ধাৰণাটোৰ সৈতে কাম আৰম্ভ কৰিছিলো আৰু ইয়াক আগুৱাই নিছিলো। "  

ছবিখনত আদিল হুছেইনৰ দৰে শক্তিশালী অভিনেতাই অভিনয় কৰিছে৷  'ডক্তৰ বেজবৰুৱা ২' ছবি খনত হলিউদ-বলীউডৰ অভিনেতা আদিল হুছেইনে ডক্তৰ বেজবৰুৱাৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে৷  এয়াও অসমীয়া ছবি জগতৰ বাবে এক উল্লেখনীয় দিশ৷ চিত্ৰনাট্যকাৰ ৰাজদ্বীপে কয়  "আদিল হুছেইনৰ সৈতে এইখন মোৰ প্ৰথম ছবি আৰু চিত্ৰনাট্যখন তেওঁলৈ প্ৰেৰণ কৰোঁতে নাৰ্ভাছ  হৈ পৰিছিলো। কিন্তু পিছত, আদিল দাই মোক ফোন কৰি  কৈছিল যে তেওঁ স্ক্ৰিপ্টখন ভাল পাইছে। তেওঁৰ কথাবোৰ মোৰ চিত্ৰনাট্যৰ বাবে এটা পুৰস্কাৰ বুলি অনুভৱ কৰিছো" ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement