--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ২৪ ঘণ্টাত বৰষুণে স্পৰ্শ কৰিব অসমক৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে জনোৱা মতে, বৰ্তমান উপ-হিমালয় পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত এটা ঘূৰ্ণীবতাহৰ পৰিসঞ্চালন নিম্ন ট্ৰ’প’স্ফিয়াৰিক স্তৰত অৱস্থিত।ইয়াৰ বাবে অৰুণাচল প্ৰদেশৰ ওপৰত বৰষুণ আৰু বৰফ পৰিব বুলি আশা কৰা হৈছে।

৬ আৰু ৭ ফেব্ৰুৱাৰীত উপ-হিমালয়ৰ পশ্চিম বংগ, ছিকিম, অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ ওপৰত বৰষুণৰ সম্ভাৱনা আছে।পশ্চিম বংগ আৰু ঝাৰখণ্ডতো ৬ ফেব্ৰুৱাৰীত বৰষুণৰ সম্ভাৱনা আছে বুলি আইএমডিয়ে জানিবলৈ দিয়ে৷৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, আৰু নগালেণ্ডৰ ওপৰত ধুমুহাৰ সম্ভাৱনা আছে। 


ঘন কুঁৱলীৰ সতৰ্কবাণী
উত্তৰ মধ্য প্ৰদেশ, বিহাৰ, উপ-হিমালয় পশ্চিম বংগ আৰু ছিকিম, আৰু ওড়িশাৰ বিচ্ছিন্ন অঞ্চলত ৭ ফেব্ৰুৱাৰীত ঘন কুঁৱলীৰ পৰিস্থিতিৰ সম্ভাৱনা আছে।অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত অহা ৮-৯ ফেব্ৰুৱাৰীত ঘন কুঁৱলীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।


শীতল ঢৌৰ সতৰ্কবাণী
অহা তিনিদিনত উত্তৰ-পশ্চিম, পূব, আৰু মধ্য ভাৰতৰ বহু ঠাইত ন্যূনতম উষ্ণতা ২-৩ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পোৱাৰ পূৰ্বানুমান কৰা হৈছে, ইয়াৰ পাছত কোনো বিশেষ পৰিৱৰ্তন নহ’ব। ৬-৭ ফেব্ৰুৱাৰীত হিমাচল প্ৰদেশ, পঞ্জাৱ, আৰু হাৰিয়ানা-চণ্ডীগড়-দিল্লীৰ ওপৰত বিচ্ছিন্ন অঞ্চলত শীতল ঢৌৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

দিল্লীত ৭ ডিগ্ৰী চেলছিয়াছৰ অভিলেখ
আই এম ডিৰ তথ্য অনুসৰি মঙলবাৰে পুৱা দিল্লীৰ ন্যূনতম তাপমাত্ৰা ৭ ডিগ্ৰী চেলছিয়াছ আছিল, যিটো বছৰৰ এই সময়ছোৱাৰ সাধাৰণ তাপমাত্ৰাতকৈ দুই ডিগ্ৰী কম। কিছু অঞ্চলত ঘন কুঁৱলী দেখা গৈছে, পুৱা ৮:৩০ বজাত পালামত দৃশ্যমানতা ২০০ মিটাৰলৈ হ্ৰাস পাইছে। বতৰৰ পূৰ্বাভাসে গোটেই দিনটো মধ্যমীয়া কুঁৱলীৰ কথা প্ৰকাশ কৰিছে, সৰ্বোচ্চ উষ্ণতা প্ৰায় ২০ ডিগ্ৰী চেলছিয়াছ হ’ব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি দিল্লীৰ বায়ুৰ গুণাগুণক ‘মধ্যমীয়া’ হিচাপে শ্ৰেণীভুক্ত কৰা হয় আৰু পুৱা ৯ বজাত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ১৪৭ ৰেডিং কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ