--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আমেৰিকাত কেইবাজনো ভাৰতীয় ছাত্ৰৰ মৃত্যুৱে উদ্বেগ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰই দিয়া পৰিসংখ্যাই উদ্বেগ বৃদ্ধি কৰিছে। কেন্দ্ৰই জনোৱা মতে, ২০১৮ চনৰ পৰা মুঠ ৪০৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদেশত মৃত্যু হৈছে। ইয়াৰে বেছিভাগেই কানাডাত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে বহিঃৰাজ্যত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ কল্যাণ।

বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত জয়শংকৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পৰিসংখ্যা আগবঢ়ায়। প্ৰাকৃতিক মৃত্যুৰ উপৰিও আকস্মিক মৃত্যুও এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে তেওঁ কয় যে বিদেশত থকা ভাৰতীয় মিছনে এই দেশৰ ছাত্ৰ-ছাত্ৰীৰ যিকোনো সমস্যাৰ বিষয়ে জানিবলৈ আহিলে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে।

সেই সময়ছোৱাত কানাডাত বাস কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ সংখ্যা আছিল সৰ্বাধিক (৯১)। ইয়াৰ পিছতে আছে ব্ৰিটেইন (৪৮), ৰাছিয়া (৪০), আমেৰিকা (৩৬), অষ্ট্ৰেলিয়া (৩৫), ইউক্ৰেইন (২১) আৰু জাৰ্মানী (২০)। ইয়াৰ উপৰিও বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চাইপ্ৰাছ, ফিলিপাইনছ, ইটালী, কাটাৰ, চীন, কিৰ্গিস্তানত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে