--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাধা-বিঘিনি নেওচি শুকুৰবাৰে মাজুলীত প্ৰৱেশ কৰে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। যোৰহাটৰ ৰংদৈ পথাৰত ৰাহুল গান্ধীসহ কংগ্ৰেছ নেতৃত্বই নিশাটো কটোৱাৰ পাছত আজি পুৱাই নিমাতীঘাটৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ উপস্থিত হয়গৈ মাজুলীত। 

অফলামুখ, কমলাবাৰীত মাজুলী জনসাধাৰণৰ উষ্ম আদৰণি গ্ৰহণৰ পাছত ৰাহুল গান্ধী পোনে পোনে উপস্থিত হয়গৈ আউনীআটী সত্ৰত। সত্ৰত কংগ্ৰেছ নেতাজন উপস্থিত হোৱাত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে পাটৰ গামোচা, চেলেং আৰু বেতৰ বিচনীৰে আদৰণি জনায়। 

পাঞ্জাবী-কূৰ্টা পৰিহিত ৰাহুল গান্ধীক সত্ৰলৈ আদৰণি জনায় সত্ৰাধিকাৰে। সত্ৰতে দৈ-জলপানৰ সোৱাদ লৈ এটি শিশুৰ ভাওনাৰ প্ৰৱেশ নৃত্য প্ৰত্যক্ষ কৰে ৰাহুল গান্ধীয়ে। শিশুগৰাকীৰ ভাওনাৰ পৰিৱেশনত মুগ্ধ হৈ ৰাহুল গান্ধীয়ে তেওঁক কোলাত লোৱাৰ লগতে নিজে পিন্ধি থকা গামোচাৰে মৰম যাচে। মাজুলীৰ কমলাবাৰী, গড়মূৰ, জেংৰাইমুখৰ পথসভাত ৰাহুল গান্ধীয়ে সমালোচনাৰে থকা–সৰকা কৰে বিজেপিক। 

ন্যায় যাত্ৰাৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৰাহুল গান্ধীক। মাজুলীৰ গড়মূৰৰ ৰাজপথত হনুমানৰ ৰূপত ৰাহুল গান্ধী। আউনীআটী সত্ৰৰ পৰা জেংৰাইমুখলৈ গৈ থকা অৱস্থাত হনুমানৰ মুখা পিন্ধি হাতত গদা লৈ কেমেৰাৰ সন্মুখত ধৰা দিয়ে ৰাহুল গান্ধীয়ে।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে মাজুলীত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, গৌৰৱ গগৈ আৰু ভূপেন বৰাই। সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ আক্ৰমণ কৰে জয়ৰাম ৰমেশে। ন্যায় যাত্ৰাৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাজনে। চৰকাৰে হাজাৰ বাধা আৰু গোচৰ দিলেও জনতাৰ সঁহাৰিৰে যাত্ৰা চলিবই বুলি ঘোষণা কৰে জয়ৰাম ৰমেশে। 

ভাৰত জোড়ো যাত্ৰাৰ সময়ত মাজুলীত পেট্ৰ’ল–ডিজেলৰ কৃত্ৰিম নাটনি হোৱা বুলি অভিযোগ তুলিছে কংগ্ৰেছে। ভাৰত জোড়ো যাত্ৰাক ব্যাহত কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰত মাজুলীত পেট্ৰ’লৰ কৃত্ৰিম নাটনি ঘটোৱা বুলি অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অৱশ্যে বৰাৰ এই অভিযোগ নস্যাৎ কৰিছে মাজুলীৰ বিজেপি বিধায়ক ভুবন গামে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক