--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাধা-বিঘিনি নেওচি শুকুৰবাৰে মাজুলীত প্ৰৱেশ কৰে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। যোৰহাটৰ ৰংদৈ পথাৰত ৰাহুল গান্ধীসহ কংগ্ৰেছ নেতৃত্বই নিশাটো কটোৱাৰ পাছত আজি পুৱাই নিমাতীঘাটৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ উপস্থিত হয়গৈ মাজুলীত। 

অফলামুখ, কমলাবাৰীত মাজুলী জনসাধাৰণৰ উষ্ম আদৰণি গ্ৰহণৰ পাছত ৰাহুল গান্ধী পোনে পোনে উপস্থিত হয়গৈ আউনীআটী সত্ৰত। সত্ৰত কংগ্ৰেছ নেতাজন উপস্থিত হোৱাত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে পাটৰ গামোচা, চেলেং আৰু বেতৰ বিচনীৰে আদৰণি জনায়। 

পাঞ্জাবী-কূৰ্টা পৰিহিত ৰাহুল গান্ধীক সত্ৰলৈ আদৰণি জনায় সত্ৰাধিকাৰে। সত্ৰতে দৈ-জলপানৰ সোৱাদ লৈ এটি শিশুৰ ভাওনাৰ প্ৰৱেশ নৃত্য প্ৰত্যক্ষ কৰে ৰাহুল গান্ধীয়ে। শিশুগৰাকীৰ ভাওনাৰ পৰিৱেশনত মুগ্ধ হৈ ৰাহুল গান্ধীয়ে তেওঁক কোলাত লোৱাৰ লগতে নিজে পিন্ধি থকা গামোচাৰে মৰম যাচে। মাজুলীৰ কমলাবাৰী, গড়মূৰ, জেংৰাইমুখৰ পথসভাত ৰাহুল গান্ধীয়ে সমালোচনাৰে থকা–সৰকা কৰে বিজেপিক। 

ন্যায় যাত্ৰাৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৰাহুল গান্ধীক। মাজুলীৰ গড়মূৰৰ ৰাজপথত হনুমানৰ ৰূপত ৰাহুল গান্ধী। আউনীআটী সত্ৰৰ পৰা জেংৰাইমুখলৈ গৈ থকা অৱস্থাত হনুমানৰ মুখা পিন্ধি হাতত গদা লৈ কেমেৰাৰ সন্মুখত ধৰা দিয়ে ৰাহুল গান্ধীয়ে।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে মাজুলীত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, গৌৰৱ গগৈ আৰু ভূপেন বৰাই। সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ আক্ৰমণ কৰে জয়ৰাম ৰমেশে। ন্যায় যাত্ৰাৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাজনে। চৰকাৰে হাজাৰ বাধা আৰু গোচৰ দিলেও জনতাৰ সঁহাৰিৰে যাত্ৰা চলিবই বুলি ঘোষণা কৰে জয়ৰাম ৰমেশে। 

ভাৰত জোড়ো যাত্ৰাৰ সময়ত মাজুলীত পেট্ৰ’ল–ডিজেলৰ কৃত্ৰিম নাটনি হোৱা বুলি অভিযোগ তুলিছে কংগ্ৰেছে। ভাৰত জোড়ো যাত্ৰাক ব্যাহত কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰত মাজুলীত পেট্ৰ’লৰ কৃত্ৰিম নাটনি ঘটোৱা বুলি অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অৱশ্যে বৰাৰ এই অভিযোগ নস্যাৎ কৰিছে মাজুলীৰ বিজেপি বিধায়ক ভুবন গামে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু