--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত সকলো মানুহেই কিবা নহয় কিবা উপাৰ্জন কৰিয়ে জীয়াই আছে। কিছুমানৰ উপাৰ্জন বহু বেছি আৰু কিছুমানৰ তেনেই পেটে-ভাতে খাই থাকিব পৰা বিধৰ। উপাৰ্জন যিমানেই নকৰক লাগে সেয়া সদায় সৎ পথেৰে আহৰণ কৰা হ'ব লাগে। সৎ আৰু শুদ্ধ পথেৰে অৰ্জন কৰা টকাকেইটাই দিয়ে মানসিক প্ৰশান্তি। বিচনাতো মাৰিব পাৰি সুখৰ টোপনি। মনলৈ নাহে কোনো দুঃশ্চিন্তা। 

অবৈধভাৱে টকা উপাৰ্জন কৰিলে কি হয়?  আধ্যাত্মিক গুৰু  প্ৰেমানন্দ মহাৰাজে জনাইছে তাৰ উত্তৰ। প্ৰেমানন্দ মহাৰাজ  বৃন্দাবনৰ এগৰাকী সাধু। তেওঁ ৰাধা কৃষ্ণৰ ভক্ত। আধ্যাত্মিক বাণী বিলাই থকাৰ বাবে বৰ্তমান তেওঁ ছ’চিয়েল মিডিয়াত  যথেষ্ট জনপ্ৰিয়।

তেওঁ কয় যে মানুহে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰে। বহু সময়ত অপৰিসীম ধন-সম্পত্তি উপাৰ্জনৰ তাড়নাত মানুহে অধৰ্মৰ পথতো নামি যায়।

তেওঁ কৈছে যে  যিজনৰ অধিক ধন উপাৰ্জনৰ ইচ্ছা থাকে, তেওঁ যিকোনো কাম কৰিব পাৰে। যিকোনো কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। যি কেৱল ধন ঘটাৰ কথা ভাবি থাকে তেওঁ যিকোনো বাটত খোজ দিবলৈ সাজু হয়। যাৰ ফলত তেওঁৰ জীৱন ধ্বংস হৈ পৰে।

প্ৰেমানন্দ মহাৰাজে  লগতে কয় যে যিবোৰ মানুহ আধ্যাত্মিক মানুহ তেওঁলোকে টকা উপাৰ্জন কৰে কিন্তু কেতিয়াও অসৎ উপায়েৰে ধন অৰ্জন কৰাৰ কথা চিন্তা নকৰে। তেওঁলোকৰ মন কেৱল  আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি আকৰ্ষিত। কেৱল নিমখ আৰু ৰুটি খাই থাকিব লগীয়া হ'লেও তেওঁলোকে অসৎ পথত ভৰি নিদিয়ে।

অসৎ পথত থকা মানুহৰ বুদ্ধি বিনষ্ট হয় আৰু তেওঁ অন্যায় আচৰণত লিপ্ত হয় যাৰ বাবে তেওঁৰ জীৱন ধ্বংস হৈ পৰে।  এটা সময়ত গৈ এনেকুৱা মানুহক সন্তানেও প্ৰহাৰ কৰে। ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে কাৰণ এয়া তেওঁ জীৱনকালত ভুগিব লগীয়াই থাকে।  এনেকৈয়ে তেওঁ এটা সময়ত গৈ  পাপকৰ্মৰ ফল ভুগিবলগীয়া হয়।

সৎ পথত থকা মানুহে সদায় মূৰ ওপৰ কৰি জীয়াই থাকিব পাৰে আৰু আইনাৰ সন্মুখত নিজকে দেখি চকু তল কৰিবলগীয়া নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ