--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত সকলো মানুহেই কিবা নহয় কিবা উপাৰ্জন কৰিয়ে জীয়াই আছে। কিছুমানৰ উপাৰ্জন বহু বেছি আৰু কিছুমানৰ তেনেই পেটে-ভাতে খাই থাকিব পৰা বিধৰ। উপাৰ্জন যিমানেই নকৰক লাগে সেয়া সদায় সৎ পথেৰে আহৰণ কৰা হ'ব লাগে। সৎ আৰু শুদ্ধ পথেৰে অৰ্জন কৰা টকাকেইটাই দিয়ে মানসিক প্ৰশান্তি। বিচনাতো মাৰিব পাৰি সুখৰ টোপনি। মনলৈ নাহে কোনো দুঃশ্চিন্তা। 

অবৈধভাৱে টকা উপাৰ্জন কৰিলে কি হয়?  আধ্যাত্মিক গুৰু  প্ৰেমানন্দ মহাৰাজে জনাইছে তাৰ উত্তৰ। প্ৰেমানন্দ মহাৰাজ  বৃন্দাবনৰ এগৰাকী সাধু। তেওঁ ৰাধা কৃষ্ণৰ ভক্ত। আধ্যাত্মিক বাণী বিলাই থকাৰ বাবে বৰ্তমান তেওঁ ছ’চিয়েল মিডিয়াত  যথেষ্ট জনপ্ৰিয়।

তেওঁ কয় যে মানুহে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰে। বহু সময়ত অপৰিসীম ধন-সম্পত্তি উপাৰ্জনৰ তাড়নাত মানুহে অধৰ্মৰ পথতো নামি যায়।

তেওঁ কৈছে যে  যিজনৰ অধিক ধন উপাৰ্জনৰ ইচ্ছা থাকে, তেওঁ যিকোনো কাম কৰিব পাৰে। যিকোনো কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। যি কেৱল ধন ঘটাৰ কথা ভাবি থাকে তেওঁ যিকোনো বাটত খোজ দিবলৈ সাজু হয়। যাৰ ফলত তেওঁৰ জীৱন ধ্বংস হৈ পৰে।

প্ৰেমানন্দ মহাৰাজে  লগতে কয় যে যিবোৰ মানুহ আধ্যাত্মিক মানুহ তেওঁলোকে টকা উপাৰ্জন কৰে কিন্তু কেতিয়াও অসৎ উপায়েৰে ধন অৰ্জন কৰাৰ কথা চিন্তা নকৰে। তেওঁলোকৰ মন কেৱল  আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি আকৰ্ষিত। কেৱল নিমখ আৰু ৰুটি খাই থাকিব লগীয়া হ'লেও তেওঁলোকে অসৎ পথত ভৰি নিদিয়ে।

অসৎ পথত থকা মানুহৰ বুদ্ধি বিনষ্ট হয় আৰু তেওঁ অন্যায় আচৰণত লিপ্ত হয় যাৰ বাবে তেওঁৰ জীৱন ধ্বংস হৈ পৰে।  এটা সময়ত গৈ এনেকুৱা মানুহক সন্তানেও প্ৰহাৰ কৰে। ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে কাৰণ এয়া তেওঁ জীৱনকালত ভুগিব লগীয়াই থাকে।  এনেকৈয়ে তেওঁ এটা সময়ত গৈ  পাপকৰ্মৰ ফল ভুগিবলগীয়া হয়।

সৎ পথত থকা মানুহে সদায় মূৰ ওপৰ কৰি জীয়াই থাকিব পাৰে আৰু আইনাৰ সন্মুখত নিজকে দেখি চকু তল কৰিবলগীয়া নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু